ড° দ্বীপেন নাথলৈ ‘হৰিৰাম খণ্ডেলীয়া সাহিত্য বঁটা’
📌 ১৮ জানুৱাৰীত বঁটা প্ৰদান অনুষ্ঠান
বিশেষ বাৰ্তা, ৩ জানুৱাৰীঃ ধেমাজিৰ এগৰাকী আধ্যাত্মিক চিন্তাৱিষ্ট অগ্ৰণী সমাজকৰ্মী তথা সমাজ সংগঠক হৰিৰাম খণ্ডেলিয়াৰ স্মৃতিত ২০০৯ চনৰে পৰা প্ৰৱৰ্তন কৰা ‘হৰিৰাম খণ্ডেলিয়া সাহিত্য বঁটা’ এইবৰ্ষৰ বাবে চিনামৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক, লেখক, সাহিত্যিক, সুবক্তা, ঔপন্যাসিক ড° দ্বীপেন নাথলৈ আগবঢ়োৱা হৈছে। ধেমাজিৰ মাৰোৱাৰী সন্মিলন আৰু ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনে এই কথা ঘোষনা কৰিছে। ১৭ আৰু ১৮ জানুৱাৰীত ধেমাজি চাৰিআলিৰ জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতিভৱনত অনুষ্ঠিত দুদিনীয়া জ্যোতি দিৱস আৰু বঁটা বিতৰণী অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ ১৮ জানুৱাৰীত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে এগৰাকী লেখক-সাহিত্যিক হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰা ড° দ্বীপেন নাথৰ শেহতীয়া সৃষ্টি- আউনীআটী সত্ৰৰ ওপৰত আধাৰিত উপন্যাস ‘গোবিন্দ হৃদয়ে’ ইতিমধ্যে পঢ়ুৱৈ সমাজৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চিনামৰা মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত বাৰ্তালোচনী ‘বিশ্বমুখী যুগবাৰ্তা’ৰো সম্পাদক হিচাপে তেওঁ কাৰ্য্যনিৰ্বাহ কৰি আছে। ‘হৰিৰাম খণ্ডেলিয়া সাহিত্য বঁটালৈ মনোনীত হোৱাৰ বাবে ড° দ্বীপেন নাথক চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক গোটে অভিনন্দন জনাইছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া