নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ গীতালি শইকীয়াক হোমেন বৰগোহাঞি সাহিত্য বঁটা প্ৰদান

🔹 ঢকুৱাখনাত হোমেন বৰগোহাঞিৰ স্মৃতিচাৰণ অনুষ্ঠান
বিশেষ বাৰ্তা, ৭ ডিচেম্বৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে আজি দিনজোৰা কাৰ্যসূচীৰে ঢকুৱাখনাতো হোমেন বৰগোহাঞি ন্যাসৰ উদ্যোগত প্ৰয়াত সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ৯৩সংখ্যক জন্ম দিৱস পালন কৰা হয়। আজি অনুষ্ঠানৰ আৰম্ভণিতে হোমেন বৰগোহাঞিৰ জীৱিত কালতে স্থাপিত হোমেন বৰগোহাঞি ন্যাসৰ স্থায়ী ভৱনৰ দ্বাৰ ফিতা কাটি উদ্বোধন কৰে অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ যুটীয়া সচিব, ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক অৰিন্দম বৰুৱাই। ইয়াৰ পিছতেই প্ৰয়াত সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ঢকুৱাখনা সমজিলাৰ আয়ুক্ত কাৰ্তিক কলিতাই।হোমেন বৰগোহাঞি ন্যাসৰ সচিব সেৱক চুতীয়াই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে ঢকুৱাখনা জাতীয় বিদ্যালয়ৰ ছাত্ৰীসকলে ন্যাস সংগীত পৰিৱেশন কৰে। অনুষ্ঠানত উপস্থিত থাকি অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক অৰিন্দম বৰুৱাই তেওঁৰ বক্তব্যত হোমেন বৰগোহাঞি ন্যাসৰ লগতে হোমেন বৰগোহাঞিৰ সৃষ্টিৰাজি, স্মৃতি বিজড়িত সম্পদক লৈ এটা মিউজিয়াম স্থাপনৰ পোষকতা কৰে। বঁটা প্ৰদান অনুষ্ঠানত হোমেন বৰগোহাঞি ন্যাসৰ অধ্যক্ষ ডিম্বেশ্বৰ গগৈ, ঢকুৱাখনা সমজিলাৰ আয়ুক্ত কাৰ্তিক কলিতা, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বুধীন বৰুৱা, প্ৰকৃতি কৰ্মী অপূৰ্ব বল্লভ গোস্বামী, ঢকুৱাখনা কলেজৰ অধ্যক্ষ ড০ যোগানন্দ্ৰ সূত, ঢকুৱাখনা ৰেচম বিভাগৰ বিষয়া অশ্বিনী কলিতা আদিয়ে অংশগ্ৰহণ কৰি হোমেন বৰগোহাঞিৰ জীৱন দৰ্শন সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আজিৰ এই অনুষ্ঠানতে ২০২২-২৩ বৰ্ষৰ হোমেন বৰগোহাঞি ৰাজ্যিক সাহিত্য বঁটা প্ৰদান কৰা হয় সাংবাদিক তথা লেখিকা ড০ গীতালি শইকীয়াক। ড০ শইকীয়াক তেওঁৰ “বগলী সূতাৰ চাদৰখন” শীৰ্ষক গ্ৰন্থৰ বাবে হোমেন বৰগোহাঞি সাহিত্য বঁটা প্ৰদান কৰা হয়। হোমেন বৰগোহাঞি ন্যাসে প্ৰদান কৰা এই বঁটাত আছে এখন মানপত্ৰ, শৰাই, চেলেং আৰু নগদ ২৫ হাজাৰ টকা। ইফালে, হাতী-মানুহৰ সংঘাত অৱসানৰ কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰা পৰিৱেশ কৰ্মী প্ৰদীপ কুমাৰ ভূঞাকো আগবঢ়োৱা হয় হোমেন বৰগোহাঞি সেউজ বঁটা। এই বঁটাত আছে নগদ ২০ হাজাৰ টকা, মানপত্ৰ, চেলেং আৰু শৰাই।ড০ গীতালি শইকীয়াই বক্তব্যত হোমেন বৰগোহাঞিৰ সৈতে “নিয়মীয়া বাৰ্তা” কাকতত ছবছৰ ধৰি কাম কৰাৰ সময়ত পোৱা অভিভাৱকসুলভ সান্নিধ্যৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে। তদুপৰি তেওঁৰ লেখিকা জীৱনে আজিৰ পৰ্যায়ত উপনীত হোৱাত প্ৰয়াত হোমেন বৰগোহাঞিৰ বহুখিনি অৱদান থকা বুলিও অকপটে স্বীকাৰ কৰি অনাগত দিনত অসমীয়া সাহিত্যৰ উত্তৰণৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰে।
You might also like