প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণী ভাষণেৰে ঢেকীয়াজুলিলৈ স্বাগতম জনালে ড০ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ ১৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে অসমলৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিশ্বনাথ আৰু চৰাইদেউত স্থাপন হ’বলগীয়া নতুন মেডিকেল কলেজ দুখনৰ আধাৰশিলা স্থাপনৰ লগতে ৰাজ্যৰ লোকনির্মাণ বিভাগৰ অভিলাষী প্রকল্প অসম মালাৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মোদীয়ে।
আজি ঢেকীয়াজুলিৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী মোদীক বিপুল জনতাৰ হৰ্ষ-উল্লাসৰ মাজেৰে মঞ্চলৈ আদৰি অনা হয়। সভাত আদৰণি ভাষণ আগবঢ়াই স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ প্ৰধানমন্ত্ৰী সকলোৰে প্ৰেৰণাৰ শ্ৰোত বুলি উল্লেখ কৰে ।
ড০ শৰ্মাই ভাষণত কয়- ‘১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত যি ঢেকীয়াজুলিৰ পৰা ১৩গৰাকী বীৰ শ্বহীদে প্ৰাণাহুতি দিছিল ভাৰতৰ স্বাধীনতাৰ বাবে, সেই বীৰভূমি ঢেকীয়াজুলিলৈ ৰাইজৰ লগতে আমি আটায়ে প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনাইছো।’
অসমৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত বছৰত আগবঢ়োৱা সহায়-সহযোগৰ বাবে মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখ্য, আজিৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি বহুকেইগৰাকী সাংসদ, মন্ত্ৰী, বিধায়ক উপস্থিত থাকে।