নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমক ন–দিগন্তলৈ আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ: ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ ‘আজিৰ দিনটো নিঃসন্দেহে নগাঁওবাসীৰ বাবে গৌৰৱ আৰু প্রাপ্তিৰ মুহূর্ত৷ নগাঁও চহৰৰ ভূঞাপট্টিৰ দলঙৰ কাম ১৯৮৮ চনত আৰম্ভ হৈছিল৷ কিমান ডাঙৰ এটা ইতিহাস৷ দলংখন চাওঁতে চাওঁতে ডেকাল’ৰা ককা হ’লগৈ৷ বোৱাৰী হ’লগৈ শাহুৱেক৷ আজি এটা অসাধাৰণ কাম সম্ভৱ হ’ল৷’ –শুকুৰবাৰে নগাঁৱৰ ভূঞাপট্টি দলং মুকলি কৰি এই মন্তব্য কৰে লোকনির্মাণ, স্বাস্থ্য, বিত্ত আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিধায়ক ৰূপক শর্মাৰ প্রচেষ্টাত এই দলংখন মুকলি কৰাটো সম্ভৱ হ’ল বুলি মন্তব্য কৰি ড০ শর্মাই ভাষণ প্রসংগত দলং নির্মাণৰ বাবে ভূমি অধিগ্রহণ কৰা পৰিয়াল আৰু অভিযন্তাসকলক ধন্যবাদ জনায়৷ উল্লেখ্য যে নির্মাণকার্য আৰম্ভৰ ৩২ বছৰ পাছত দলংখনৰ কাম সম্পূর্ণ কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে এই দলংখনৰ নির্মাণকার্যৰ সমাপনে সাম্প্রতিক সময়ৰ এখন আত্মবিশ্বাসী অসমৰ প্রমাণ দাঙি ধৰিছে বুলি মন্তব্য কৰে৷

মন্ত্রী ড০ শর্মাই আৰু কয়– ‘তদানীন্তন চৰকাৰৰ কার্যকালত ১৯৮৮ চনৰ ১৩ অক্টোবৰত দলংখনৰ নির্মাণকার্য আৰম্ভ হৈছিল৷ সেই সময়ত দলংখনৰ এপ্রোছ নির্মাণ নোহোৱাকৈ বাকী অংশৰ নির্মাণকার্য সম্পূর্ণ হৈছিল ১৯৯৮ চনৰ ১৪ অক্টোবৰত৷ অর্থাৎ কোনখন অসমত তেতিয়া আমি আছিলোঁ? দলংখনৰ এপ্রোছ বাদ দি আন অংশৰ নির্মাণকার্য সম্পূর্ণ কৰোঁতেই দহ বছৰ লাগিছিল৷ ইয়াৰ বিপৰীতে আমাৰ চৰকাৰে গণেশগুৰিৰ উৰণীয়া সেতুৰ নির্মাণকার্য ১৯ মাহতে সম্পূর্ণ কৰিলে৷’ ৰাজ্যখনৰ বিভিন্ন ক্ষেত্রৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয়– ‘মই হিচাপ কৰি চাইছেছা নগাঁও সদৰ সমষ্টিত ২৯৪ কোটি টকাৰ কাম চলি আছে৷ কলং নৈৰ ওপৰৰ কেইবাখন দলং নির্মাণৰ কাম চলি আছে৷ মই যেতিয়া এম এল এ আছিলোঁ বছৰি পাইছিলোঁ মাত্র ৫ কোটি টকা৷ এতিয়া আমাৰ চৰকাৰৰ দিনত আমি য’তে যাওঁ গাঁৱে–ভূঞে সকলোতে কাম–কাজ চলি আছে৷’ নগাঁৱৰ উন্নয়নৰ প্রসংগ উল্লেখ কৰি ড০ শর্মাই কয়– আজি পৱিত্র দিন৷ এনে সুন্দৰ দিনত নগাঁওবাসীৰ বাবে এখন সুন্দৰ আঁচনি সমাপন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ৷ নগাঁও চহৰৰ ধিং গেটৰ পানীয়ে সৃষ্টি কৰা দীর্ঘদিনীয়া সমস্যা সমাধানৰ বাবে ৯ কোটি টকাৰ প্রকল্পৰ কাম আজি আৰম্ভ কৰিছে৷ পানী জমা হৈ থকা ধিং গেটত ৰাইজে অহা বছৰ পানী দেখা নাপাব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যখনৰ উন্নয়নৰ বাবে গ্রহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয়– বগীবিল, ধলা–শদিয়া দলং সম্পূর্ণ হ’ল৷ শৰাইঘাটৰ দ্বিতীয়খন দলং সম্পূর্ণ হ’ল৷ কলিয়াভোমোৰাৰ দ্বিতীয়খন, গুৱাহাটী, উত্তৰ গুৱাহাটী দলং নির্মাণৰ কাম চলি আছে৷ ৰাইজৰ আশীর্বাদত মাজুলীৰ দলং নির্মাণৰ কাম আৰম্ভ কৰা হ’ব৷ গেছ ক্রেকাৰ প্রকল্পত কাম আৰম্ভ হ’ল৷ এটা এটাকৈ চাৰিওফালে অভূতপূর্ব উন্নয়নৰ যাত্রা আৰম্ভ হৈছে৷

ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ কথা উল্লেখ কৰি ড০ শর্মাই কয়– আমি ১৪খন চিকিৎসা মহাবিদ্যালয় কল্পনা কৰাৰ লগতে বিভিন্ন ক্ষেত্রত কাম কৰি আছোঁ৷ ইতিমধ্যে ৬খন মেডিকেল কলেজৰ কাম চলি আছে৷ ডিচেম্বৰত লখিমপুৰ মেডিকেল কলেজ আৰম্ভ হ’ব৷ চাৰি শ কোটি টকা ব্যয়েৰে নির্মাণ কৰি থকা নগাঁও মেডিকেল কলেজ অহা বছৰ আৰম্ভ হ’ব৷ এটা সময়ত আমি ভাৰতবর্ষৰ পাছৰ শাৰীত বহি আছিলোঁ৷ বিগত ৫টা বছৰত আমি নতুনকৈ সাৰ পালোঁ৷ পিছফালে বহি থকা ৰাজ্যখন এতিয়া সন্মুখলৈ অহাৰ পথত৷ এতিয়া ৰাজ্যখনত এক উন্নয়নৰ পৰিৱেশ গঢ়ি উঠিছে৷ বিৰামহীন উন্নয়নৰ এক নতুন প্রক্রিয়া গঢ়ি উঠিছে৷ ইয়াৰ মূলতে হৈছে আমাৰ আত্মবিশ্বাস৷ আমাৰ চৰকাৰৰ চাৰে চাৰিটা বছৰত উন্নয়নৰ যিমান কাম হৈছে, সেয়াই আমাৰ উন্নয়নত এক নতুন দিগন্তৰ সূচনা কৰিছে৷ পাঁচ–দহ বছৰ ধৰি যদি এনে কর্মযজ্ঞ চলি থাকে, তেন্তে অসম ভাৰতৰ ৫খন ৰাজ্যৰ ভিতৰত এখন হ’ব৷ সাক্ষৰতাৰ ক্ষেত্রত অসম এতিয়া ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত আছে৷ এতিয়া আমি সকলোৱে উন্নয়ন আৰু প্রগতিৰ এই দিশটো ধৰি ৰাখিব লাগিব৷ পি এম জি এছ ৱাই আঁচনিৰ অধীনত ৫,০০০ কিলোমিটাৰ পথ নির্মাণ কৰিছোঁ আৰু ৫,০০০ পথৰ নির্মাণৰ ব্যৱস্থা কৰা হৈছে৷ ১,০০০ কাঠৰ দলং পকী কৰা হৈছে৷ অহা ২ নৱেম্বৰত ৰাজ্যখনৰ ১১৯খন চাহ বাগিচাত হাইস্কুলৰ নির্মাণকার্যৰ শুভাৰম্ভ কৰা হ’ব৷

অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি ড০ শর্মাই কয়– এইখন এখন বৃহৎ আঁচনি৷ এই আঁচনিৰ জৰিয়তে আমি বিধৱা, বিবাহ বিচ্ছেদিত, অবিবাহিত মহিলা, বিকলাংগ আদি লাভৱান হ’ব৷ এসময়ত এইসকলক পৰিয়ালৰ লোকে বোজা বুলি ভাবিছিল৷ এতিয়া এই আঁচনিৰ পুঁজি লাভ কৰাৰ পাছত তেওঁলোক সম্পদ হৈ পৰিব৷ পুনৰ আমাৰ চৰকাৰ হ’লে ঘৰে ঘৰে সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰিব৷ শিক্ষাৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰা আঁচনিৰ কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয়– আমি ছাত্র–ছাত্রীসকলক মহাবিদ্যালয় পর্যায়লৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ লগতে ছাত্রাৱাসৰ মাচুলো তেওঁলোকৰ একাউণ্টত দিয়া হৈছে৷ উচ্চতৰ মাধ্যমিকত প্রথম বিভাগত উত্তীর্ণ হোৱা ছাত্রীসকলক স্কুটি প্রদান কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে মন্তব্য কৰি কয়– ৰাজ্যখনত নতুনকৈ ১৬খন কলেজ নির্মাণ কৰি থকা হৈছে৷ প্রসংগক্রমে মন্ত্রীগৰাকীয়ে কয়– সমগ্র বিশ্বৰ মানুহে স্বর্ণ মন্দিৰ চাবলৈ আহে৷ গুৰুজনাৰ পৱিত্র জন্মভূমি বটদ্রৱা চাবলৈ অহা এজন মানুহে যদি পঞ্জাবৰ স্বর্ণ মন্দিৰ চায়, তেওঁ নিজে উপলব্ধি কৰিব যে অসম ক’ত আছে৷ সেয়ে আমি ১৫০ কোটি টকা অনুমোদন দি বটদ্রৱাত এক সুন্দৰ প্রকল্প আৰম্ভ কৰিছোঁ৷ পঞ্জাবৰ স্বর্ণ মন্দিৰৰ লগত তুলনা নকৰিলেও সময়ত গৈ আমি আজি যিটো খুঁটি পুতিছোঁ এই খুঁটিটো নৱপ্রজন্মই যদি আগুৱাই লৈ যায়, তেন্তে ১০/১৫ বছৰৰ পাছত বটদ্রৱাও পঞ্জাবৰ স্বর্ণ মন্দিৰৰ দৰে হ’ব৷ এনেকুৱা সংকল্প আজি আমি ল’ব পাৰিছেছা৷ মই বিশ্বাস কৰোঁ সপোনে সংকল্পৰ সৃষ্টি কৰে৷ সংকল্প যেতিয়া মনলৈ আহে, তেতিয়া তৃপ্তি আৰু প্রাপ্তিৰ পথ মুকলি হয়৷

ৰাইজৰ আশীর্বাদত অসমখনক আমি নতুন দিগন্তলৈ আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ৷ ৰাইজে আমাক এই সাহস দিছে৷ মোৰ বিশ্বাস অসমত যদি এই কর্মযজ্ঞ চলাই থাকোঁ, তেন্তে অসমীয়া জাতিক কোনেও আজি পিছ পেলাব নোৱাৰে৷ এই অনুষ্ঠানত ভাষণ প্রদান কৰি বিধায়ক ৰূপক শর্মাই কয় যে ভূঞাপট্টি দলং আমাৰ বাবে এক প্রত্যাহ্বান আছিল৷ ৰাজনৈতিক মেৰপেঁচৰ বাবেই এই দলংখন প্রায় ৩০ বছৰ পৰিত্যক্ত হৈ থাকিল৷ দলংখন নির্মাণৰ ক্ষেত্রত মন্ত্রী ড০ শর্মাই গ্রহণ কৰা ভূমিকাৰ শলাগ লৈ বিধায়কজনে কয় যে আৰম্ভণিৰে পৰা মন্ত্রীজনে দলংখনৰ নির্মাণকার্য ক্ষিপ্রতাৰে সমাপন কৰাৰ ক্ষেত্রত সদিচ্ছা দেখুৱাইছিল৷ অনুষ্ঠানত লোকনির্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্রাই, সচিব বিভূতি শইকীয়াকে ধৰি বিভিন্নজন উপস্থিত থাকে৷

You might also like