নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইত জন্মগ্রহণ কৰা চন্দ্রিকা টেণ্ডনলৈ গ্রেমী

🔹 বেষ্ট নিউ এজ এলবাম
🔹 নগ্ন হৈ অহা মার্কিন পপ তাৰকা কেনী ৱেষ্টৰ পত্নীক অনুষ্ঠানৰ পৰা বহিষ্কাৰ

নিউজ ডেস্ক, ৪ ফেব্রুৱাৰী : বিশ্ব সংগীত জগতত অন্যতম শ্রেষ্ঠ সন্মান গ্রেমী বঁটাৰে উজলিল এগৰাকী ভাৰতীয় বংশোদ্ভৱ সংগীতজ্ঞ আৰু ব্যৱসায়ী মহিলা৷ আমেৰিকা যুক্তৰাষ্ট্রই লছ এঞ্জেলছত দেওবাৰে নিশা আয়োজিত ৬৭সংখ্যক বার্ষিক গ্রেমী বঁটাৰ বেষ্ট নিউ এজ এলবাম শিতানত চেন্নাইত জন্মগ্রহণ কৰা চন্দ্রিকা টেণ্ডনে ত্রিবেণী শীর্ষক এলবামৰ বাবে গ্রেমী বঁটা লাভ কৰে৷ লছ এঞ্জেলছৰ ক্লিপ্টো ডট কম এৰিনাত আয়োজিত বর্ণাঢ্য কার্যসূচীৰ এই গ্রেমী বঁটা অনুষ্ঠানত চন্দ্রিকা টেণ্ডনে গ্রেমী বঁটা লাভ কৰে৷ দক্ষিণ আফ্রিকাৰ বাঁহীবাদক উটাৰ কেলাৰমেন আৰু জাপানৰ ভায়োলীনবাদক এৰু মাল্টছুম’টুৰ সৈতে প্রস্তুত কৰা ত্রিবেণী এলবামৰ বাবেই ভাৰতীয় বংশোদ্ভৱ টেণ্ডনে এই বঁটা লাভ কৰিছে৷ বহুচর্চিত এই গ্রেমী বঁটা অনুষ্ঠানত কালি আমেৰিকা যুক্তৰাষ্ট্রৰ পপ তাৰকা কেনী ৱেষ্টৰ পত্নী বিয়াংকাই নগ্ন হৈ আহি বিতর্কৰ সৃষ্টি কৰে৷ স্বামী পপ তাৰকা কেনী ৱেষ্টৰ সৈতে নগ্ন বিয়াংকাই গ্রেমী অনুষ্ঠানত প্রৱেশ কৰাৰ পাছতে এক অনাহূত পৰিস্থিতিৰ সৃষ্টি হয়৷ কিছু সময় অনুষ্ঠানত থকাৰ পাছতে স্বামী কেনীসহ বিয়াংকাক অনুষ্ঠানৰ পৰা বহিষ্কাৰ কৰে৷ পপ তাৰকা ৱেষ্টে ক’লা টি–ছার্ট, ক’লা জীনছ আৰু ক’লা স্নিকাৰসহ ছান গ্লাছ পৰিধান কৰি নগ্ন পত্নী বিয়াংকাৰ সৈতে অনুষ্ঠানত প্রৱেশ কৰে৷ এই লৈ সমগ্র কার্যসূচীতে এক অনাহূত পৰিস্থিতিৰ সৃষ্টি হয়৷ কিছু সময় পাছত দম্পতীটোক অনুষ্ঠানৰ পৰা বাহিৰ কৰি দিয়ে৷ উল্লেখ্য যে গ্রেমী অনুষ্ঠানত এনেদৰে উপস্থিত হোৱা দম্পতীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷ আনহাতে, গ্রেমী বঁটাৰে সন্মানিত ভাৰতীয় কিংবদন্তি তবলাবাদক জাকিৰ হুছেইনৰ স্মৃতিত অনুষ্ঠানটোত একো উল্লেখ নকৰাক লৈ একাংশ সংগীতপ্রেমী ক্ষুণ্ণ হৈ পৰিছে৷ ৬৭ সংখ্যক গ্রেমী বঁটা লাভ কৰাসকলৰ ভিতৰত এলবাম অৱ দ্য ইয়েৰ শিতানত বিয়ঞ্চে ‘কাও বয় কার্টাৰ’ৰ বাবে শ্রেষ্ঠ সন্মান লাভ কৰে৷ ছং অৱ দ্য ইয়েৰৰ বঁটা লাভ কৰে কেণ্ড্রিক লামাৰৰ ‘নট লাইক আছ’–এ৷ ৰেকর্ড অৱ দ্য ইয়েৰ লাভ কৰে কেণ্ড্রিক লামাৰৰ ‘নট লাইক আছ’–এ৷ এনেদৰে বেষ্ট পপ দ্বৈত/গ্রুপ প্রদর্শনৰ বাবে লেডী গাগা আৰু ব্রুনো মার্শ্বে৷ বেষ্ট লেটিন পপ এলবাম ছাকিৰাৰ ‘লাষ্ট মুজাৰেচ য়া ন’ লি’ৰেন’, বেষ্ট নিউ আর্টিষ্ট চেপেল ৰুৱেন, বেষ্ট কাউন্ট্ৰী এলবাম বিয়ঞ্চৰ কাওবয় কার্টাৰ, বেষ্ট পপ ভোকেল এলবাম ছাবৰিনা কার্পেণ্টাৰৰ ছর্ট এণ্ড ছুইট, বেষ্ট পপ ছ’ল’ পাৰফৰমেন্সৰ বঁটা বিয়ঞ্চৰ ব’ডীগার্ড, বেষ্ট ৰেপ ছং কেণ্ড্রিক লামাৰৰ নট লাইক আছ, বেষ্ট কমেডী এলবাম ডেভ চেপেলৰ দ্য ড্রীমাৰ, বেষ্ট ফক এলবাম গিলিয়ান ৱেটছ আৰু ডেভিড ৰাউলিঙৰ উডলেণ্ড৷

You might also like