বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সদস্য হিচাপে নির্বাচিত ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা, ২৩ মেঃ ভাৰতীয় বেডমিণ্টন সংস্থা চমুকৈ ‘বাই’ৰ সভাপতি ড০ হিমন্ত বিশ্ব শর্মা বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সদস্য হিচাপে নির্বাচিত হৈছে৷ ২০২১–২৫ বর্ষৰ বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সদস্য হিচাপে শনিবাৰে ‘বাই’ৰ সভাপতি ড০ হিমন্ত বিশ্ব শর্মা নির্বাচিত হয়৷
বেডমিণ্টন এছিয়াৰ উপ–সভাপতি ড০ শর্মাই শনিবাৰে বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ ভার্চুৱেল সদস্য নির্বাচনত ২৩৬টা ভোট লাভ কৰে৷ ৩১জন প্রতিদ্বন্দ্বীৰ ভিতৰত ২০জন সদস্যৰ এজন হিচাপে ড০ শর্মা নির্বাচিত হয়৷ ফেডাৰেচনৰ সদস্য হিচাপে নির্বাচিত হোৱাৰ পিছত ড০ শর্মাই কয় – মোৰ সপক্ষত ভোটদান কৰা সদস্য ৰাষ্ট্রসমূহৰ সকলোকে মই ধন্যবাদ জনাইছোঁ লগতে বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সভাপতিৰ সৈতে এজন সহকর্মী সদস্য হিচাপে নির্বাচিত কৰি মোক যি সুযোগ দিলে তাৰ বাবে অভিনন্দন জনাইছোঁ৷
তদুপৰি ড০ শর্মাই কয় – আন্তর্জাতিক পর্যায়ত শিখৰলৈ ভাৰতীয় বেডমিণ্টনক নিয়াই মোৰ লক্ষ্য আৰু দেশক বেডমিণ্টন পাৱাৰ হাউছ হিচাপে প্রতিষ্ঠা কৰাটো৷
ইপিনে, বি ডব্লিউ এফৰ সদস্য হিচাপে ড০ হিমন্ত বিশ্ব শর্মা নির্বাচিত হোৱাৰ বাবে অত্যন্ত সুখ ব্যক্ত কৰিছে ‘বাই’ৰ পৰিয়ালে৷ বেডমিণ্টন ক্ষেত্রখনক আগবঢ়াই নিবলৈ বিগত বছৰ বছৰ ধৰি ড০ হিমন্ত বিশ্ব শর্মাই অক্লান্ত পৰিশ্রম কৰি এগৰাকী বিশাল দূৰদর্শী নেতা হিচাপে নিজকে প্রতিপন্ন কৰিছে৷ এই অক্লান্ত শ্রমৰ বাবে ড০ শর্মাই বিশ্ব বেডমিণ্টনৰ সদস্য হিচাপে নির্বাচিত হোৱাত অভিনন্দন জনাইছোঁ৷