নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত ব্রহ্মকুমাৰী গ্ল’বেল ছামিটত অংশগ্ৰহণ ড০ হিমন্ত বিশ্ব শর্মাৰ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ ব্রহ্মকুমাৰী প্রতিষ্ঠানৰ আজিৰে পৰা ২৫ ছেপ্টেম্বৰলৈ ৰাজস্থানৰ মাউণ্ট আবুত অনুষ্ঠিত হৈছে গোলকীয় সন্মিলন৷ উক্ত সন্মিলন ভাগ লয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উক্ত ছামিটত অংশগ্ৰহণ কৰি ড০ শৰ্মাই কয়- শংকৰদেৱে আধ্যাত্মিকতা আৰু সংস্কৃতিৰ জৰিয়তে সমাজত সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি গৈছে৷ ঐশ্বৰিক জ্ঞান বিষয়বস্তুৰ ওপৰত আয়োজিত এই সন্মিলনত আজি ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– ভাৰতত চলা ভক্তি আন্দোলনৰ সময়তে অসমত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে প্রৱর্তন কৰিছিল বৈষ্ণৱ সংস্কৃতি৷ ইয়াৰ জৰিয়তে গুৰুজনাই সাংস্কৃতিক, ভাতৃত্ববোধ যোগাই তুলিবলৈ সক্ষম হৈছিল৷ সামাজিক সম্প্রীতি গঢ়ি তোলাৰ ক্ষেত্রত মহাপুৰুষজনাই এক শৰণ নাম ধর্ম প্রৱর্তন কৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ ভাষণত ইয়াকো উল্লেখ কৰে যে যেতিয়া মই ভাৰতক আধ্যাত্মিকতাৰ ক্ষেত্রত বিশ্বনেতা হিচাপে গঢ়ি তোলাৰ এক সংকল্প দেখিবলৈ পাইছো৷ আৰু এই অনুভৱ মই পৱিত্র অনুভৱ বুলিয়েই ধাৰণা কৰো৷ আমি আধ্যাত্মিক জ্ঞানৰ বিষয়ে আলোচনা কৰিবলৈ এই সন্মিলনত উপস্থিত হৈছো৷ ভাৰত এতিয়া বিশ্বৰ সর্ববৃহৎ আধ্যাত্মিকতাৰ ক্ষেত্র হৈ পৰিছে৷ ভাৰত বিশ্বনেতা হোৱাৰ দিশে আগবাঢ়িছে৷ দেশখনৰ এই যাত্রাত পাঁচ হাজাৰ বছৰ পুৰণি৷ আমাৰ ঋষি–মুনিসকলে যি জ্ঞান আমাক দি থৈ গৈছে সেই জ্ঞানক আমি অনুকৰণ কৰিলে সমগ্র বিশ্বকে আমি ভাৰতৰ আধ্যাত্মিকতাৰ জ্ঞান প্রদান কৰিবলৈ সক্ষম হ’ম৷ ভাৰত হৈছে আধ্যাত্মিকতাৰ এক উৎস৷ আমাৰ সংবিধান পশ্চিমীয়া ধাৰণাৰ পৰা ধাৰ কৰি লোৱা হোৱা নাই৷ আমাৰ সংবিধান মুনি আৰু ঋষিসকলৰ পুৰণি শিক্ষাৰ প্রতিফলন৷ আমাৰ সংবিধান আৰু ঋষিসকলৰ জ্ঞান যদি আমি অনুকৰণ কৰো, তেন্তে আমি বিশ্বক জ্ঞান দিবলৈ সক্ষম হ’ম৷ তেওঁ কয়– আজি ভাৰতৰ বাবে এক সোণালী দিন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত নাৰী শক্তি বন্দনা বিধেয়ক গৃহীত হ’ল৷ ইয়াৰ জৰিয়তে দেশত নাৰীৰ শক্তি তথা গুৰুত্বক প্রাধান্য দিয়া হৈছে৷ ব্রহ্মাকুমাৰীসকল হৈছে এক উদাহৰণ৷ যিয়ে নাৰী শক্তিক এক সংগঠিত ৰূপত আগুৱাই নিব পাৰে৷ উল্লেখ্য যে গোলকীয় সন্মিলন উপলক্ষে মাউণ্ট আবুত থকা ব্রহ্মকুমাৰী প্রতিষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই আজি কাহিলিপুৱাতে উপস্থিত হয়৷ মুখ্যমন্ত্রীগৰাকীক আজি পুৱাৰ ভাগত গার্ড অব অনাৰেৰে অভিবাদন জনোৱা হয়৷ ইয়াৰ পিছতেই মুখ্যমন্ত্রী ড০ শর্মাই আজি ৰাজস্থানৰ কোটাত এক ৰেলীক সম্বোধন কৰে৷ এই সভাতেই তেওঁ কংগ্রেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয়– ৰাহুল গান্ধী তথা কংগ্রেছে তেলেংগানাবাসীক মাহিলি ধন প্রদানৰ আঁচনিৰ প্রতিশ্রুতি দিছে৷ কংগ্রেছে কৈছে যে তেলেংগানাত শাসনলৈ আহিলে মহিলাসকলৰ বেংক একাউণ্টত ২৫০০ টকা ভৰাই দিয়া হ’ব৷ কিন্তু ৰাজস্থানত এতিয়াও কংগ্রেছৰ শাসনেই চলি আছে৷ যদি কংগ্রেছে মহিলাৰ প্রতি সন্মান প্রদর্শন কৰে, তেন্তে ৰাজস্থানত এই প্রতিশ্রুতি পালন নকৰে কিয়? ইয়ে স্পষ্ট কৰে যে কংগ্রেছ আৰু বিশ্বাসঘাটকতা দুটা বেলেগ শব্দ নহয়৷ মুখ্যমন্ত্রীয়ে পেট্র’লৰ মূল্যক লৈও কংগ্রেছশাসিত চৰকাৰখনক সমালোচনা কৰি কয় যে অসম দিল্লীৰ পৰা তিনি হাজাৰ কিলোমিটাৰ দূৰত্বত আছে, য’ত পেট্র’লৰ মূল্য ৯৮ টকা৷ কিন্তু দিল্লীৰ ওচৰত থকা ৰাজস্থানত প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০৮ টকা৷ ৰাজস্থানত পেট্র’ল–ডিজেল আৰু বিদ্যুতৰ মাচুল এনেধৰণে বৃদ্ধি হ’লে ৰাজ্যখনত মুদ্রাস্ফীতি কি পর্যায়ত পাব সেয়া সকলোৱে চিন্তা কৰা উচিত৷

You might also like