নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ ইষ্টাৰ্ন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ ড: হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই ৭০গৰাকী উপ-আৰক্ষী অধীক্ষকৰ (অসম আৰক্ষীৰ ৬২গৰাকী আৰু মিজোৰাম আৰক্ষীৰ ৮গৰাকী) দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। এই দীক্ষান্ত সমাৰোহখন মেঘালয়স্থিত নৰ্থ ইষ্টাৰ্ন পুলিচ একাডেমীত অনুষ্ঠিত হয়। এই উপলক্ষে মুখ্যমন্ত্রীয়ে যুৱ বিষয়াসকলক অভিনন্দন জ্ঞাপনৰ লগতে পদক আৰু ট্ৰফী লাভ কৰাসকলক কৃতিত্বৰ বাবে শলাগ লয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুখ্যমন্ত্রী ড০ শৰ্মাই বিষয়াসকলক জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল হৈ থাকি অপৰাধৰ বিৰুদ্ধে সামূহিক যুঁজত অংশীদাৰ হিচাপে আগুৱান হ’বলৈ আহ্বান জনায়।

You might also like