ড০ হিমন্ত বিশ্ব শৰ্মাক কর্মযোগী সন্মান নেপালী সাহিত্য সভাৰ
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : ঐতিহাসিক সৰুপথাৰৰ শিৱাজী ৰাই সমন্বয় ক্ষেত্ৰ তথা সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণজয়ন্তী উদযাপনৰ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত উপস্থিত হৈ সৰুপথাৰৰ পৱিত্ৰ ভূমিত জন্ম লৈ অসম আৰু দেশমাতৃক গৌৰৱান্বিত কৰা সাহস আৰু ত্যাগৰ অমৰ প্ৰতীক বিয়াল্লিছৰ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি মুখ্যমন্ত্রীয়ে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অসমৰ গোৰ্খাসকলে অসমভূমিত জন্মগ্ৰহণ কৰি অসমীয়া মাতৃভাষাৰ মাধ্যমেৰে অধ্যয়ন কৰি অসমীয়াৰ সমান্তৰালকৈ নেপালী ভাষা-সাহিত্যৰ বিকাশৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গোৰ্খা জনগোষ্ঠীয়ে নিজ মাধ্যমৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি সমন্বয়ৰ নতুন সাঁকো গঢ়ি বৃহত্তৰ অসমীয়া সমাজখন সমৃদ্ধ কৰাৰ কথা মুখ্যমন্ত্রীয়ে তেওঁৰ বক্তব্যত গৌৰৱেৰে প্রকাশ কৰে। লগতে তেওঁ ৫০বছৰ অতিক্ৰম কৰা অসম নেপালী সাহিত্য সভাই অসমৰ গোৰ্খাসকলৰ অগ্ৰণী সাহিত্য আৰু বৌদ্ধিক সংগঠন ৰূপে নিজৰ ভূমিকা সফলতাৰে পালন কৰাৰ কথাও প্ৰকাশ কৰে। সৰুপথাৰ ৰাজহুৱা খেলপথাৰত বিগত ৬ ডিচেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী সমাপন সমাৰোহ মহাধিৱেশনৰ অন্তিমটো দিনৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাত উল্লাসিত হৈ পৰে গোৰ্খা লোকসকল। গোৰ্খা লোকসকলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকেৰে লোকাৰণ্য হৈ পৰা নেপালী সাহিত্য সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰি কয় আমাৰ তিনিবছৰীয়া কাৰ্যকালত গোৰ্খাসকলৰ সকলো সমস্যা সমাধান হৈছে। অসমীয়া মূল সমাজত এতিয়া গোৰ্খা সকলে সমসাময়িকভাৱে মুৰ দাঙি থিয় দিব পৰা হল। গোৰ্খাসকল এতিয়া বিদেশী বুলি কোৱা কথাষাৰিৰ পৰা চিন্তামুক্ত হল। তেওঁলোকৰ আধাৰ কাৰ্ডৰ সমস্যাও দুৰ কৰা হল। গতিকে তেওঁলোকক আৰু কোনেও বিদেশী বুলি কবলৈ সাহস নকৰে। গোৰ্খা লোকসকল অসমৰ খিলঞ্জীয়া লোক। উক্ত সভাৰ মজিয়াতে অসম নেপালী সাহিত্য সভাই মুখ্যমন্ত্ৰীগৰাকীক “কৰ্মযোগী” উপাধি প্ৰদান কৰে। আনহাতে নিৰু শৰ্মা পৰাজুলীক আন্তঃৰাষ্ট্ৰীয় সাহিত্য বঁটা, ড° খেমৰাজ নেপালক কৰ্ণবাহাদুৰ ছেত্ৰী স্মৃতি ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। উক্ত অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি অসম নেপালী সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হয়। শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা সোণালী জয়ন্তী আৰু অসম নেপালী সাহিত্য সভাৰ ত্ৰিবাৰ্ষিক সাধাৰণ সন্মিলনত ক্ৰমে সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। সভাপতি ড° চিন্তামণি শৰ্মা, কাৰ্যকৰী সভাপতি ড° ইন্দুপ্ৰভা দেৱী আৰু সাধাৰণ সম্পাদক তিলক শৰ্মা নিৰ্বাচিত হয়। মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অতুল বৰা, বিধান সভাৰ উপাধ্যক্ষ ড° নোমল মমিন, সাংসদ কামাখ্যা প্ৰসাদ তাছা, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, বিধায়ক ভাস্কৰ শৰ্মা, বিধায়ক গণেশ লিম্বু, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, এ এচ টি চিৰ প্ৰাক্তন চেয়াৰমেন অশোক ভট্টৰায়, গোৰ্খা স্বায়ত্ত্ব শাসিত পৰিষদ দাবী সমিতিৰ অধ্যক্ষ হৰ্কবাহাদুৰ ছেত্ৰী, অসম লঘূ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়, কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু জিলা আয়ুক্ত পুলক মহন্তকে ধৰি সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়াসকল আৰু আৰক্ষী প্ৰশাসনৰ লগতে লক্ষ্যাধিক লোক উপস্থিত থাকে।
প্ৰেৰক মাখমুদ আলী