নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্রদেশত ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনী প্রচাৰ

বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মধ্যপ্রদেশত ৰোড শ্ব’ৰ লগতে কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি প্রচাৰ চলায়৷ নির্বাচনী সমাৱেশত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিজেপিৰ শাসনকালত ৰাজ্যখনত সকলো ক্ষেত্রতে হোৱা বিকাশৰ খতিয়ান দাঙি ধৰে৷ কংগ্রেছক ভোট দিয়া মানে দেশত বাবৰ আৰু ঔৰংগজেবক উৎসাহ যোগোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছ যদি এবাৰ ক্ষমতালৈ আহে, জনসাধাৰণৰ ওপৰত অত্যাচাৰ চলিব৷ তেওঁ কয়– ‘কংগ্রেছক ভোট দিয়া মানে দেশত বাবৰক উৎসাহ যোগোৱা৷ কংগ্রেছে ভোট পালে ঔৰংগজেবে ভিটামিন লাভ কৰে৷ যদি কংগ্রেছ জয়ী হয়, বাবৰ আৰু ঔৰংগজেবে সমগ্র ভাৰততে আমাৰ মানুহৰ ওপৰত আক্রমণ আৰম্ভ কৰিব৷ কর্ণাটকত কংগ্রেছ জয়ী হোৱাৰ লগে লগে বাবৰ আৰু ঔৰংগজেবে অক্সিজেন লাভ কৰে৷’ নির্বাচনী সমাৱেশত কংগ্রেছ নেতা ৰাহুল গান্ধীকো ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইজৰাইলক আক্রমণৰ পিছতো ৰাহুল গান্ধীয়ে হামাছৰ বিৰুদ্ধে এটা শব্দও নক’লে৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে সেই সন্ত্রাসবাদী আক্রমণক একমুখে গৰিহণা দিলে৷ ৰাহুল গান্ধীয়ে ভাৰতৰ হামাছৰ ভয়তে ইজৰাইলক আক্রমণ কৰা হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে এটা শব্দও নক’লে৷ অথচ সেই হামাছে শিশু হত্যাকে ধৰি শতাধিক মানুহক পণবন্দী কৰি ৰাখিলে৷ ইয়াৰ বিপৰীতে প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ মেছেজ দিলে৷ ভাৰতৰ হামাছে ভালদৰে জানে দেশক ৰক্ষা কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে যিকোনো কৰিব পাৰে৷’ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছৰ আমোলত মধ্যপ্রদেশত বাট–পথৰ দুৰৱস্থা, সঘন বিদ্যুৎ কর্তন আদিৰ বিষয়ে উল্লেখ কৰি কয় যে বিজেপি শাসনলৈ অহাৰ পিছত সেই অৱস্থাৰ অৱসান ঘটি ৰাজ্যখনত যথেষ্ট উন্নয়ন সাধন হয়৷ কিন্তু পৰৱর্তী পর্যায়ত কংগ্রেছ পুনৰ ক্ষমতালৈ অহাত ৰাজ্যখনৰ উন্নয়নৰ যাত্রা ব্যাহত হৈ পৰে৷ আনহাতে, ৰাজ্যখনৰ নির্বাচনৰ পূর্বে কংগ্রেছ নেতা ৰাহুল গান্ধী আৰু কমল নাথে নির্দিষ্ট কিছু মন্দিৰলৈ যোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যিসমূহ মন্দিৰক লৈ বাবৰৰ কোনো আপত্তি নাছিল, সেই মন্দিৰলৈহে ৰাহুল গান্ধী আৰু কমল নাথ গৈছে৷ তেওঁলোকে এবাৰো ৰাম মন্দিৰলৈ যোৱা নাই৷ বাবৰক এজন আক্রমণকাৰী বুলি উল্লেখ কৰি তেওঁ কয় যে বাবৰে ৰাম মন্দিৰৰ স্থানত বাবৰি মছজিদ নির্মাণ কৰিছিল৷ এতিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সেই স্থানত ৰাম মন্দিৰ নির্মাণ কৰিছে আৰু অহা জানুৱাৰী মাহত ৰাম মন্দিৰ মুকলি হ’ব৷ কিন্তু সেয়া কংগ্রেছে কৰিব পৰা নাছিল৷ নৰেন্দ্র মোদী যদি দেশৰ প্রধানমন্ত্রী নহ’লহেঁতেন কেতিয়াও ৰাম মন্দিৰ নির্মাণ নহ’লহেঁতেন৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ নেতা কমল নাথকো সমালোচনা কৰি কয় যে কমল নাথে নিজকে হনুমান ভক্ত বুলি কয়৷ কিন্তু নিজৰ জন্মদিনৰ কেকত হনুমান অংকন কৰে আৰু সেই কেক কাটে৷ হনুমানক কাটি খায় নেকি বুলিও মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ নেতাগৰাকীক কটাক্ষ কৰে৷ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে মহাদেৱৰ নামত এপ খোলাৰ দৰে মধ্যপ্রদেশত কমল নাথে কেকত হনুমানৰ ফটো লগোৱা কার্যকো তীব্র সমালোচনা কৰে৷

#বাৰ্তা ডেস্ক

You might also like