নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত ড০ হিমন্ত বিশ্ব শর্মাৰ মাৰাথন নির্বাচনী প্রচাৰ

বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজিও ছত্তিশগড়ত হাইভল্টেজ নির্বাচনী প্রচাৰ চলায়৷ মুখ্যমন্ত্রী ড০ শর্মাই ৯খনকৈ ৰোড শ্ব’, স্বাগত সভা আৰু জনসভাত অংশগ্রহণ কৰে৷ প্রতিটো কার্যসূচীতে অগণন জনতাই অংশগ্রহণ কৰা পৰিলক্ষিত হয়৷ বিগত দিনসমূহৰ দৰে আজিও নির্বাচনী প্রচাৰত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ দল আৰু ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেন ৱাঘেলক ক্ষুৰধাৰ সমালোচনা কৰে৷ ৱাঘেলে এইবাৰ নক্সালৰ সহযোগত নির্বাচন খেলি জিকিব বিচাৰিছে৷ নক্সালে এসময়ত বহু কংগ্রেছীৰ প্রাণ লোৱাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৱাঘেলে নক্সালৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগিছিল৷ কিন্তু তাৰ পৰিৱর্তে ৱাঘেলে এতিয়া নক্সালৰে মিলি নির্বাচনত জয়ী হ’ব বিচাৰিছে৷ ঔৰংগজেৱ, আকবৰ, বাবৰক দ্বিতীয়বাৰৰ বাবে ভাৰতবর্ষৰ শাসন দিয়া নহ’ব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ নির্বাচনী প্রচাৰত আকবৰৰ বিষয়ে উল্লেখ কৰাৰ পাছতেই ছত্তিশগড় কংগ্রেছে তেওঁৰ বিৰুদ্ধে নির্বাচনী আয়োগৰ ওচৰত অভিযোগ দিয়ে৷ ধর্মান্তৰকৰণো ৰাজ্যখনত পূর্ণগতিত চলি আছে৷ এই ধর্মান্তৰকৰণ ৰোধৰ ক্ষেত্রতো ৱাঘেল চৰকাৰে কোনো ব্যৱস্থা নল’লে৷ হিন্দু, সনাতন সংস্কৃতি ৰক্ষাৰ ক্ষেত্রত ৱাঘেলে যিদৰে ভূমিকা ল’ব লাগিছিল তেনে কোনো ভূমিকাই পালন নকৰিলে৷ আনহাতে মহাদেৱ এপৰ জৰিয়তে ৱাঘেল চৰকাৰে ৫০৮ কোটি টকা লুণ্ঠন কৰা কার্যৰো তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মহাদেৱৰ নামত দুর্নীতি কৰি কংগ্রেছে মা কামাখ্যাক খঙাল কৰি তুলিছে৷ মা কামাখ্যাই সেইসকলক ৰেহাই নিদিয়ে৷ মা কামাখ্যা হৈছে পার্বতী, সতী, মহাকালী, মহালক্ষ্মী, সৰস্বতীৰ অন্য ৰূপ৷ একেদৰে মা কালী আৰু মা পার্বতী হৈছে ভগৱান শিৱৰ পত্নী৷ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে মহাদেৱ এপৰ জৰিয়তে মহাদেৱৰ নাম লৈ ধন লুণ্ঠন কৰাৰ কাৰণে মা কামাখ্যা কান্দি আছে৷ সমগ্র দেশতে মহাকালী, মহালক্ষ্মী, মহাসৰস্বতী আদি দেৱীয়ে ভগৱান শিৱ, মহাদেৱৰ নামত ধন লুণ্ঠন কৰাটো কেতিয়াও কল্পনা কৰিব পৰা নাছিল৷ ৱাঘেল চৰকাৰ আসন্ন নির্বাচনত পৰাজিত হ’ব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই ছোনিয়া গান্ধী ইটালীৰ পৰা ৰিম’ট কণ্ড্রলেৰে নিয়ন্ত্রিত হোৱাৰ দৰে ভূপেশ ৱাঘেল ডুবাইৰ পৰা ৰিম’ট কণ্ট্ৰলেৰে নিয়ন্ত্রিত হয়৷ ভাৰতৰ পৰা তেওঁলোক নিয়ন্ত্রিত নহয়৷ সেয়ে ভাৰতৰ সনাতন সংস্কৃতি সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ৷

#বাৰ্তা ডেস্ক

You might also like