নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ডিচেম্বৰঃ কামৰূপ জিলা পৰিবহণ বিভাগৰ যানবাহন পৰিদৰ্শক ড০ খনিন্দ্ৰ কুমাৰ বৰ্মনৰ চতুৰ্থখন গ্ৰন্থ “নৃত্যৰত পৃথিৱী” আজি কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ত অনুষ্ঠিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে কামৰূপ জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰীয়ে। জিলা যানবাহন পৰিবহণ চেকাৰ দীপক বৰ্মণে আঁত ধৰা ৩২০ পৃষ্ঠাৰ ৫৮টা প্ৰৱন্ধৰে সন্নিৱিষ্ট গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত জিলা পৰিবহণ বিষয়াগৰাকীয়ে কয় পৰিবহণ বিভাগৰ এগৰাকী যানবাহন পৰিদৰ্শক হিচাপে ইমান ব্যস্ততাৰ মাজতো এক সৰ্বাংগসুন্দৰ গ্ৰন্থ পাঠক সমাজলৈ আগবঢ়া দিয়া বাবে গ্ৰন্থ প্ৰণেতাগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আশা প্ৰকাশ কৰে বৰ্মনৰ গ্ৰন্থ “নৃত্যৰত পৃথিৱী” পাঠক সমাজে আদৰি ল’ব। উন্মোচনী সভাত ভাষণ দি যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰে “নৃত্যৰত পৃথিৱী”ৰ দৰে গ্ৰন্থ অতি ব্যস্ততাৰ মাজতো লিখি উলিওৱা বাবে সতীৰ্থ ড০ খনিন্দ্ৰ কুমাৰ বৰ্মনক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগলৈও তেওঁৰ কলম অব্যাহত ৰাখিবলৈ আহ্বান জনায়। সভাত যানবাহন পৰিদৰ্শক বিতোপন কলিতা, যানবাহন প্ৰৱৰ্তক দ্বয় পদুম বাহাদুৰ লামা, বসন্ত তালুকদাৰ, সাংবাদিক দিগন্ত বৰদলৈ, গুণ বিকাশ পাটগিৰীয়ে ভাষণ দি ড০ খনিন্দ্ৰ কুমাৰ বৰ্মনৰ সৃষ্টিশীলতাক ভূয়সী প্ৰশংসা কৰে। লগতে তেওঁৰ সৃষ্টিশীলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। গ্ৰন্থ প্ৰণেতা ড০ খনিন্দ্ৰ কুমাৰ বৰ্মনে ভাষণ দি “নৃত্যৰত পৃথিৱী” গ্ৰন্থখন পাঠক সমাজে আদৰি ল’লে তেওঁৰ লিখা সাৰ্থক হ’ব বুলি কয়। সভাত কামৰূপ জিলা পৰিবহণ বিষয়া কাৰ্য্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।