নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰবী ডেকা হাজৰিকালৈ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ লণ্ডনৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ডক্টৰেট তথা প্ৰথমগৰাকী অসমীয়া উপাচাৰ্য ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২৪ৰ বাবে নিৰ্বাচিত হৈছে সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকা। শিৱসাগৰৰ অৰুনোদয় সাহিত্য সভা আৰু ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিৰ এখন যুগ্ম সভাত ২০২৪ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটাৰ বাবে বিশিষ্টা সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী প্ৰাধ্যাপক ড০ কৰবী ডেকা হাজৰিকাক নিৰ্বাচিত কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰা কৰবী ডেকা হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ আসনো অলংকৃত কৰিছিল। প্ৰাচ্যতত্ববিদ ড০ মহেশ্বৰ নেওগৰ তত্ত্বাৱধানত গৱেষণা আৰম্ভ কৰি তেখেতে “Madhavadva : His life Art and Thought” বিষয়ৰ ওপৰত গৱেষণা গ্ৰন্থ প্ৰকাশ কৰি তেখেতে ১৯৮৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। শিৱসাগৰতেই প্ৰাথমিক শিক্ষা জীৱন আৰম্ভ কৰা কৰবী ডেকা হাজৰিকা শিৱসাগৰ ছোৱালী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। স্কুলীয়া জীৱনতেই তেওঁ কবিতা, গীত, গল্প আদি ৰচনা কৰি এগৰাকী আগশাৰীৰ লেখিকা হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়তে সুদীৰ্ঘ সময় অধ্যাপনা কৰি থকা অৱস্থাতে এই গৰাকী বৰেণ্য সাহিত্যিকে “জোনাকৰ আখৰ, অৰণ্যৰ চা, অনুপমা অৰুনা কুসুম ইত্যাদি, মাটিৰ পৰা মেঘলৈ, পৰীৰ বাঁহী, সুবাসিত যি যন্ত্ৰনা, জুনুকাৰ এৰাতি, সেউজ মনৰ কাহিনী, চিকমিকৰ কাহিনী, ভাৰতীয় সাহিত্যৰ মৌচাক, নীলা সাগৰ আৰু সোনালী দেশ, সেউজীয়া চীন, কবিতাৰ মাধুকৰী,  স্বচ্ছ অৰণ্যৰ কথা: আইতাৰ সাধুকথা” কে ধৰি কেইবাশ গীত, কবিতা, গল্প, উপন্যাস, শিশু সাহিত্য, অনুদিত গ্ৰন্থ আৰু ভ্ৰমণ সাহিত্য ৰচনাৰে অসমীয়া ভাষা সাহিত্যৰ জগতখনলৈ উল্লেখনীয় অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। অসমীয়া সাহিত্যৰ জগতখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ড০ কৰবী ডেকা হাজৰিকাই অসম চৰকাৰৰ ৰাজ্যিক বঁটা, মামনি ৰয়ছম গোস্বামী বঁটা, বাসন্তী বৰদলৈ বঁটা, প্ৰবীনা শইকীয়া বঁটা, কাব্য হৃদয় সন্মান, ৰং বং টেৰাং সমন্বয় বঁটাকে ধৰি বহুকেইটা আগশাৰীৰ বঁটা লাভ কৰিছে। এইগৰাকী বৰেণ্য সাহিত্যিকক ৩০ ছেপ্টেম্বৰত শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হ’ব লগা বঁটা প্ৰদান অনুষ্ঠানত ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰা হ’ব। এই সভাতেই সাহিত্যিক ইছমাইল হোছেইনৰ সম্পাদিত “ড০ ময়িদুল ইছলাম বড়াৰ নিৰ্বাচিত ৰচনাৱলী” খনো উন্মোচন কৰা হ’ব। এই বঁটা প্ৰদান অনুষ্ঠানত অসমৰ কেইবাগৰাকীও বৰেণ্য সাহিত্যিকে অংশগ্ৰহণ কৰিব বুলি অৰুনোদয় সাহিত্য সভাৰ সভাপতি মনিৰুল ইছলাম বড়া আৰু সম্পাদক খাইৰুদ্দিন আহমেদে জানিবলৈ দিছে।।
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like