🔹 ‘ম’বাইলে কেৱল তথ্যহে দিব পাৰে, কিতাপেহে দিয়ে প্ৰকৃত জ্ঞান’
বিশেষ বাৰ্তা, ২৭ জুলাই : ম’বাইলে কেৱল তথ্যহে দিব পাৰে, কিন্তু কিতাপেহে দিয়ে প্ৰকৃত জ্ঞান।- এই ভাষ্য ড° নগেন শইকীয়াৰ। সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা তথা সাহিত্য অকাডেমিৰ ফেল’ ড॰ নগেন শইকীয়াক আজি ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে ‘গ্ৰন্থৰত্ন উপাধি’ প্ৰদানৰ সময়ত প্ৰথিতযশা সাহিত্যিকগৰাকীয়ে এনেদৰে বক্তব্য প্ৰদান কৰে। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত অৱস্থিত ড° শইকীয়াৰ আশ্ৰয় বাকৰিত আয়োজিত এক মননশীল তথা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংগঠনটোৱে ফুলাম গামোচা, চেলেং, স্মাৰক, গ্ৰন্থৰ টোপোলা, শৰাই, ফুলাম জাপি আৰু প্ৰশংসা পত্ৰৰে সাহিত্যিকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য যে চাৰি কুৰি ছয় বৰ্ষত ভৰি দিয়া সাহিত্যিকগৰাকীয়ে আজিপৰ্যন্ত ৭১খন মৌলিক গ্ৰন্থ, ৬৬খন সম্পাদিত গ্ৰন্থ, দুখন অনুবাদ গ্ৰন্থকে ধৰি বিভিন্ন কাকত-আলোচনীত আঢ়ৈ হাজাৰৰো অধিক নিবন্ধ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ এইগৰাকী সাহিত্যিকক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আজি দুপৰীয়া সাহিত্যিকগৰাকীৰ বাসগৃহ ‘আশ্ৰয়’ত উপস্থিত হয়হি সংগঠনটোৰ নগাঁওস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা সভাপতি প্ৰতাপ হাজৰিকা, প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাৰ নেতৃত্বত এঘাৰজনীয়া এটা সঁজাতী দল৷ এই উপলক্ষে ‘আশ্ৰয়’ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা ১,১০০টা গ্ৰাম্য পুথিভঁৰালৰে সমৃদ্ধ সংগঠনটোৰ কাম-কাজ আৰু লক্ষ্য-উদ্দেশ্য সম্পৰ্কত চমুকৈ আলোকপাত কৰি সভাপতি প্ৰতাপ হাজৰিকাই কয় যে অসম সম্প্ৰতি বৌদ্ধিক সংকটৰ দিশে গতি কৰিছে৷ এইক্ষেত্ৰত কেৱল ড॰ নগেন শইকীয়া, হীৰেন গোহাঁয়ে লেখাৰ জৰিয়তে ৰাইজক বহুখিনি আশ্বস্ত কৰি আহিছে৷ বিশেষকৈ নগেন শইকীয়াৰ লেখাত ৰাইজৰ প্ৰায়বোৰ সমস্যা প্ৰতিভাত হৈছে৷ এক কথাত তেওঁৰ কথাই এক ‘বাণী’ত পৰিণত হৈছে৷ আনহাতে, ভাৰতবৰ্ষৰ ২২খন ৰাজ্যত পুথিভঁৰাল আইন আছে যদিও আজিপৰ্যন্ত অসমত এই আইন নোহোৱাটো অত্যন্ত উদ্বেগজনক বিষয় বুলি উল্লেখ কৰি সংগঠনটোৰ সভাপতিগৰাকীয়ে ৰাজ্য চৰকাৰক সময়ে সময়ে এই কথা অৱগত কৰি আহিছে যদিও আজিপৰ্যন্ত কাৰ্যকৰী হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে৷ এই আইন প্ৰণয়ন হ’লেই অসমত গ্ৰন্থৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত এক সামাজিক বিপ্লৱৰ সূচনা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ সংগঠনটোৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাসৰ সদস্য তথা বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়াই নগেন শইকীয়াৰ ‘মিতভাষ’ক হিন্দী ভাষালৈ অনূদিত কৰি লাভ কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি শুভেচ্চামূলক বক্তব্যত কয় যে এনে ধৰণৰ ধাৰা ভাৰতবৰ্ষৰ কোনো সাহিত্যত নাই৷ ভাষণ প্ৰসংগত তেওঁৰ সৃষ্টিৰাজি দেশৰ অন্য প্ৰান্তৰ অধিক লোকে জ্ঞাত হ’ব পৰাকৈ হিন্দীলৈ অনুবাদ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে৷ সংগঠনটোৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত সাৰস্বত ন্যাসৰ প্ৰচাৰ সচিব ৰতন হাজৰিকাই সাৰস্বত ন্যাসৰ কাম-কাজৰ ওপৰত চমুকৈ আলোকপাত কৰি বক্তব্য আগবঢ়োৱাৰ লগতে গ্ৰাম্য পুথিভঁৰাল সন্থাক শলাগ জ্ঞাপন কৰি ন্যাসৰ হৈ সাহিত্যিকগৰাকীৰ চাৰিটা খণ্ডৰ ৰচনাৱলী উপহাৰস্বৰূপে আগবঢ়ায়৷ আনহাতে, উক্ত অনুষ্ঠানতেই সংগঠনটোৱে সাৰস্বত ন্যাসৰ পুঁজিলৈ পাঁচ হাজাৰ টকাৰ সাহায্যৰ চেক আগবঢ়ায়৷ আনহাতে, সম্বৰ্ধনাৰ অনুভৱ প্ৰকাশ কৰি ড॰ নগেন শইকীয়াই গ্ৰাম্য পুথিভঁৰালে সমাজ জীৱনৰ লগতে নিজৰ জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল, সেয়া উল্লেখ কৰি কয় যে আজিৰ নতুন প্ৰজন্মই ম’বাইলক লৈয়েই ব্যস্ত যদিও ম’বাইলে কেৱল তথ্যহে দিব পাৰে, কিন্তু জ্ঞান প্ৰদান নকৰে৷ জ্ঞান কেৱল গ্ৰন্থইহে দিব পাৰে৷ সাম্প্ৰতিক সময়ত গ্ৰন্থৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহা ভাব অহাৰ বিপৰীতে গ্ৰাম্য পুথিভঁৰাল সন্থাই গ্ৰন্থ অধ্যয়নৰ হকে কৰি অহা কামৰ প্ৰশংসা কৰি প্ৰযুক্তিয়ে গ্ৰন্থ পঢ়াৰ পদ্ধতি হঠাৎ সলনি কৰাৰ বাবে এই পৰিৱেশ আহিছে যদিও পুনৰ আগৰ পৰিৱেশ ঘূৰি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ নতুন প্ৰজন্মই মানৱীয় কাম-কাজবোৰ কৰিবলৈ আৰু জ্ঞান আহৰণ কৰাৰ স্বাৰ্থত চৰকাৰৰ প্ৰতি সন্থাৰ যি দাবী, সেয়া অব্যাহত ৰাখিবলৈ সংগঠনটোৰ নেতৃবৃন্দক সাহিত্যিকগৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত সাহিত্যিকগৰাকীৰ সহধৰ্মিণী লাৱণ্য শইকীয়া, ন্যাসৰ সদস্য দিলীপ তামুলী, সংগঠনটোৰ সহকাৰী সম্পাদক ক্ষেত্ৰধৰ বৰুৱা, ৰাজ্যিক সদস্য বীণা বৰুৱা, টংকেশ্বৰ সোণোৱাল, প্ৰাক্তন উপ-সভাপতি হিমাদ্ৰীজ্যোতি দত্ত, প্ৰাক্তন সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি বৰঠাকুৰ, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সুৰেন সোণোৱাল, জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰা আদি উপস্থিত থাকে৷
প্ৰেৰক বিভাস দুৱৰা