ড০ নগেন শইকীয়ালৈ ‘ধ্রুপদী অসমীয়া ভাষা বঁটা–২০২৪’
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ এনইএফ আইন মহাবিদ্যালয়ৰ উদ্যোগত বিগত ৮ নৱেম্বৰৰ পৰা মহাবিদ্যালয়খনৰ লখৰাৰ সাউকুছি চৌহদত অনুষ্ঠিত হোৱা গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলৰ কালি সামৰণি পৰে৷ ভাষা–সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন বর্ণাঢ়্য কার্যসূচীৰে অনুষ্ঠিত মহোৎসৱটো ৮ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট তেলুগু সাহিত্যিক, কবি অধ্যাপক এন গোপী আৰু বিশিষ্ট সাহিত্যিক, লেখক ড০ ৰীতা চৌধুৰীয়ে৷ এনইএফ গ্রুপৰ সঞ্চালক ড০ জাকিৰ হুছেইনো অনুষ্ঠানটিত সেইদিনা উপস্থিত থাকে৷ মহোৎসৱৰ সভাপতি পূৰবী বৰাই আদৰণী ভাষণৰ পিছতে বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ নগেন শইকীয়াক ‘ধ্রুপদী অসমীয়া ভাষা বঁটা ২০২৪’ৰে সন্মানিত কৰা হয়৷ সেইদিনা অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ কুলধৰ শইকীয়ায়ো অসমীয়া ভাষা সন্দর্ভত সুন্দৰ বত্তৃণতা প্রদান কৰে৷ অনুষ্ঠানটোৰ সামৰণিৰ দিনা পুৱা জিএলএফ কুইনছ কাৰ ৰেলী মুকলি কৰে চিআইডিৰ আইজিপি ইন্দ্রাণী বৰুৱাই৷ ইয়াৰ পাছতে প্রকৃতি, মানুহ আৰু সাহিত্য, মানসিক স্বাস্থ্য সম্পর্কীয় কেইবাখনো মনোজ্ঞ আলোচনা সভা অনুষ্ঠিত হয়৷ সামৰণী অনুষ্ঠানত বিশিষ্ট লেখিকা লীনা শর্মা, অধ্যাপক ড০ কৌস্তভ ডেকা, আইএএছ বিষয়া আৰণ্যক শইকীয়া, ভূটানৰ কনছুলেট জেনেৰেল জিগাম টি নামগ্যাল, অধ্যাপক ড০ অখিল ৰঞ্জন দত্ত, জিএলএফৰ কার্যবাহী সভাপতি গজেন কলিতা প্রমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ উল্লেখ্য যে মহোৎসৱটোৰ সৈতে সংগতি ৰাখি কালি এখন লাইভ পেইণ্টিং কর্মশালাও অনুষ্ঠিত হৈছিল, যিখন বিশিষ্ট চিত্রশিল্পী দাদুল চলিহাই উন্মোচন কৰে৷