নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ নগেন শইকীয়ালৈ মোজাম্মিল হক মাতৃভাষা বঁটা-২০২৩

🔹 ‘মুখৰ মাত হেৰালে পেটৰ ভাতে জাতি বচাব নোৱাৰে’

🔹 ভাষা থাকিলেহে জাতি থাকিব :  ড০ নগেন শইকীয়া

বিশেষ বাৰ্তা, ৬ নৱেম্বৰ : ‘ভাষা থাকিলেহে জাতি থাকিব; মুখৰ মাতষাৰ হেৰালে পেটৰ ভাতে আমাক বচাব নোৱাৰে বা জাতি ৰক্ষা কৰিব নোৱাৰে।’- এই ভাষ্য প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, সাহিত্য অকাডেমি ফেল’ সন্মানপ্ৰাপক, গৱেষক-পণ্ডিত ড০ নগেন শইকীয়াৰ। কালি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ নামৰ সংগঠনটোৰ দৰং জিলা সমিতিয়ে শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত তেওঁৰ ডিব্ৰুগড়ৰ বাসভৱন ‘আশ্ৰয়’ত প্ৰদান কৰা মাতৃভাষা বটা-২০২৩ গ্ৰহণ কৰি এইদৰে কয় প্ৰথিতযশা সাহিত্যিকগৰাকীয়ে। অসমীয়া ভাষাৰ সাম্প্ৰতিক সংকট আৰু ইয়াৰ প্ৰতিকাৰৰ উপায় সম্বন্ধে বহু মূল্যৱান বিষয় উল্লেখ কৰি ড০ শইকীয়াই ভাষণত কয় যে কেতিয়াবা কেতিয়াবা মোৰ ভাব হয়, আমি ব্ৰিটিছ অহাৰ পিছৰ সময়ত অসমীয়া ভাষাৰ যি সংকট সৃষ্টি হৈছিল, সেই যুগৰ দৰে অৱস্থাৰ আমি সন্মুখীন হৈছোঁ। বিভিন্ন ভাষা শিকাত মোৰ আপত্তি নাই, কিন্তু মাতৃভাষাৰ বিনিময়ত নহয়। তেওঁ আৰু কয় যে মই বহু বঁটাৰ কথা শুনিছোঁ, বহু বঁটা লাভো কৰিছোঁ; কিন্তু মাতৃভাষা বঁটা সম্ভৱ আমাৰ দেশত এইটোৱেই প্ৰথম, যি বঁটা গ্ৰহণ কৰি মই অভিভূত হোৱাই নহয়, আৱেগিক হৈ পৰিছোঁ। ইয়াৰ বাবে সংগঠনটোৰ কেন্দ্ৰীয় আৰু দৰং জিলা সমিতিক কৃতজ্ঞতা জনাবলৈ মোৰ ভাষাৰ অভাৱ হৈছে। উল্লেখ্য যে ১৯৭২ চনৰ মাধ্যম আন্দোলনত শ্বহীদ বৰণ কৰা মঙলদৈৰ কিশোৰ ছাত্ৰ মোজাম্মিক হকৰ আত্ম বলিদানৰ দিন ৬ অক্টোবৰত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিয়ে মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত মঙলদৈত উদযাপন কৰা মাতৃভাষা দিৱসত শ্বহীদগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ মিতভাষৰ স্ৰষ্টা ড০ নগেন শইকীয়ালৈ মোজাম্মিল হক মাতৃভাষা বঁটা-২০২৩ আগবঢ়োৱা হৈছিল। কিন্তু স্বাস্থ্যজনিত কাৰণত ড০ শইকীয়া উক্ত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ বাবে কালি তেওঁৰ ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰস্থিত বাসভৱন ‘আশ্ৰয়’ত অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ সহযোগত আয়োজন কৰা এক চমু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড০ শইকীয়াক এই বঁটা প্ৰদান কৰে। সংগঠনটোৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা মাতৃভাষা পৰিচালনা সমিতিৰ সভাপতি ড০ চহিৰ ভূঞাই সঞ্চালনা কৰা পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদে আদৰণী ভাষণ দিয়া এই অনুষ্ঠানৰ আঁত ধৰে দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ আৰু মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সম্পাদক মহিবুল হকে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নুৰুল হকে পৃষ্ঠপোষকতা কৰা আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক চহিদ আলী আহমেদৰ সহযোগিতাত তথা দৰং জিলা সমিতি আৰু শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা পৰিচালনা সমিতিয়ে প্ৰদান কৰা এই মাতৃভাষা বঁটা- ২০২৩ত আছে অসমীয়া জাতীয় গামোচা, গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীয় কৱচ, চেলেং চাদৰ, এৰী চাদৰ, গ্ৰন্থৰ টোপোলা, প্ৰশস্তি পত্ৰ আৰু বঁটা, স্মাৰক আৰু অন্যান্য উপহাৰ সামগ্ৰী। পৰিষদৰ কেন্দ্ৰীয় জনগোষ্ঠীয় সম্পাদক ৰছিদ আহমেদ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰুবুল আলী, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰহিমুল হুছেইন ৰহমান, সাধাৰণ উপ-সভাপতিদ্বয় ছাহিদ লতিফ, ৱাচিফুৰ ৰহমান, সম্পাদক নাছিৰ আহমেদ, সহকাৰী সম্পাদক মহিবুৰ হুছেইন, মাতৃভাষা পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক তবিবুল্লা হক প্ৰমুখ্যে ড০ শইকীয়াৰ সহধৰ্মিণী লাৱণ্য শইকীয়া, ন্যাসৰ কোষাধ্যক্ষ গৌতম শইকীয়া, সদস্যা ড০ মন্দিৰা বৰঠাকুৰ শইকীয়া, গায়ত্রী বৰুৱাৰ লগতে অন্যান্য বহু বিশিষ্ট লোক উপস্থিত থকা এই অনুষ্ঠানত অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ সম্পাদক বীৰেন বৰুৱা, প্ৰচাৰ সচিব ৰতন হাজৰিকায়ো শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।

প্ৰেৰক বিভাস দুৱৰা

You might also like