নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-সন্তান ডাঃ নম্রতা দাসলৈ লণ্ডনৰ ক্লিনিকেল অংকল’জীৰ ফেল’শ্বিপ

নিয়মীয়া বাৰ্তা, ২৭ জুলাই : লণ্ডনৰ ৱেষ্টমিনিষ্টাৰৰ চেন্ট্রেল হলত অনুষ্ঠিত নিউ ফেলছ এডমিছন অনুষ্ঠানত অলপতে অসম-সন্তান ডাঃ নম্রতা দাসলৈ লণ্ডনৰ ৰয়েল কলেজ অৱ ৰেডিঅ’লজিষ্ট (RCR)ৰ দ্বাৰা ক্লিনিকেল অংকল’জীৰ ৰয়েল কলেজ অৱ ৰেডিঅ’লজিষ্ট (FRCR) লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ প্রদান কৰা খবৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ এইমছ ভুবনেশ্বৰ আৰু পি জি আই এম ই আৰ চণ্ডীগড়ৰ পৰা ক্ৰমে এম বি বি এছ আৰু এমডি (ৰেডিঅ’ থেৰাপী) ডিগ্রী লাভ কৰাৰ পিছত ডাঃ দাসে এইমছ দিল্লীৰ পৰা তিনি বছৰীয়া ছিনিয়ৰ ৰেচিডেন্সী সম্পূর্ণ কৰিছিল। ইয়াৰ পূৰ্বে ২০২০ চনৰ ডিচেম্বৰ মাহৰ সংশ্লিষ্ট পৰীক্ষাত সফলতাৰ ভিত্তিত ৰেডিয়েচন অংকল’জী অনুশীলন কৰিবলৈও ডিপ্লমেট অৱ নেচনেল ব’র্ড (DNB) হিচাপে যোগ্যতা অৰ্জন কৰিছিল, যাৰ বাবে ৰেডিয়েচন অংকল’জীত সর্বোচ্চ নম্বৰ লাভ কৰোঁতা হিচাপে তেওঁক ডাঃ সত্যপাল আগৰৱালা স্বর্ণ পদক প্রদান কৰা হৈছিল। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড° বিৰিঞ্চি কুমাৰ দাস আৰু অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা তথা প্রাক্তন ৰসায়ন বিজ্ঞানৰ মুৰব্বী ড° মণিদীপা চক্রৱর্তীৰ জ্যেষ্ঠ কন্যা ডাঃ নম্রতা দাস বর্তমান ব্রিটেইনৰ এন এইচ এছ ফাউণ্ডেচন ষ্টাষ্টৰ ইউনির্ভাছিটী কলেজ লণ্ডন হাস্পতালত প্রট’ন থেৰাপীৰ ক্লিনিকেল ফেলো হিচাপে অধ্যয়নৰত৷ উল্লেখ্য যে ৰয়েল কলেজ অৱ ৰেডিঅ’লজিষ্ট (FRCR)ৰ ফেল’শ্বিপ হৈছে ব্রিটেইন আৰু আন বহু দেশত ক্লিনিকেল অংকল’জী আৰু ক্লিনিকেল ৰেডিঅ’লজীত কেৰিয়াৰ অগ্ৰগতিৰ বাবে অপৰিহাৰ্য পেছাদাৰী অর্হতা। অংকল’জীত ফেল’শ্বিপৰ বাবে প্রার্থীসকলক ক্লিনিকেল অংকল’জীৰ বাবে বিশেষ প্রশিক্ষণ পাঠ্যক্ৰমৰ বিপৰীতে কঠোৰভাৱে পৰীক্ষা কৰা হয়। প্রথম এফ আৰ চি আৰ পৰীক্ষাত পৰীক্ষাৰ্থীৰ বিষয়টোৰ মৌলিক দিশৰ জ্ঞান পৰীক্ষা কৰা হয় যদিও চূড়ান্ত এফ আৰ চি আৰ (২ এ আৰু ২ বি) পৰীক্ষাত ক্লিনিকেল দিশসমূহ জড়িত হৈ থাকে। লগতে প্রার্থীসকলৰ জ্ঞান আৰু কৰ্কট ৰোগীৰ ব্যৱস্থাপনা সম্পর্কে পৰীক্ষা কৰা হয়। ইয়াত ৰেডিঅ’থেৰাপী আৰু ছিষ্টেমিক এন্টি-কেন্সাৰ থেৰাপী (SACT) সামৰি লোৱা হয় আৰু একে সময়তে তেওঁলোকৰ সাধাৰণ চিকিৎসা, অস্ত্রোপচাৰ আৰু স্ত্রীৰোগ বিজ্ঞানৰ ভাল জ্ঞান থকাটো বাঞ্ছনীয়। উল্লেখযোগ্য যে ৰয়েল কলেজ অৱ ৰেডিঅ’লজিষ্ট (RCR) হৈছে এক পেছাদাৰী সংস্থা, যিয়ে সংশ্লিষ্ট পেছাত প্ৰৱেশৰ বাবে প্ৰশিক্ষণ গ্রহণ কৰাসকলৰ শৈক্ষিক পাঠ্যক্রম প্রণয়ন কৰি অনুশীলনৰ উপযুক্ত পেছাদাৰী মান নির্ধাৰণ কৰাৰ লক্ষ্য ৰাখে আৰু ক্লিনিকেল অংকল’জীত এফ আৰ চি আৰ পৰীক্ষাৰ আয়োজন কৰে। আৰ চি আৰে প্রদান কৰা বিস্তৃত পৰীক্ষাই ৰেডিয়চন অংকল’জী পৰামৰ্শদাতাৰ (Consultant) উচ্চ মান আৰু মাপকাঠী নিশ্চিত কৰে। ইয়াক চিকিৎসা বৃত্তিত উত্তীর্ণ হ’বলগীয়া এক অন্যতম কঠিন পৰীক্ষা হিচাপে গণ্য কৰা হয়। এফ আৰ চি আৰ অৰ্হতা আয়াৰলেণ্ড আৰু ব্রিটেইনত জ্যেষ্ঠ ছার্জন হিচাপে প্রেকটিচ কৰিবলৈ আৱশ্যকীয় অর্হতা ৰয়েল কলেজেছ অৱ ছার্জনছৰ সমকক্ষ জ্ঞান কৰা হয়।

প্ৰেৰক কল্যাণ কলিতা

You might also like