নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী ৰাস মহোৎসৱত গ্ৰন্থমেলা মুকলি ড০ ননীগোপাল মহন্তৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : নলবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰীহৰিমন্দিৰৰ ৯০সংখ্যক ৰাস মহোৎসৱত আজি অষ্টম বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে গ্ৰন্থমেলাৰ দুৱাৰ মুকলি কৰে ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড৹ ননীগোপাল মহন্তই। ৰাস মহোৎসৱৰ গ্ৰন্থমেলা উপ-সমিতিৰ সম্পাদক দিলজিৎ বৰ্মনে আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, সাংসদ পবিত্র মাৰ্ঘেৰিটা, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট সাংবাদিক অতনু ভূঞা, ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱা, সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নলিনী কান্ত শীল আদি। উল্লেখ্য যে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ২৭ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত এই “অসম গ্ৰন্থমেলা”ৰ বাকৰিত বৌদ্ধিক,সাংস্কৃতিক দিশৰ বৰ্ণাঢ্য অনুষ্ঠানেৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰি কেইবাগ্ৰন্থ উন্মোচন কৰা হ’ব বুলিও জানিবলৈ দিয়ে গ্ৰন্থমেলা উপ-সমিতিৰ সভাপতি পংকজ বৰ্মনে। ইতিমধ্যে গ্ৰন্থমেলাত ৫৭খন গ্ৰন্থ বিপণী আৰু ২২ টা অসমৰ বিভিন্ন প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। গ্ৰন্থমেলা পৰিচালনা কৰি আহিছে ভ্ৰমৰ মজুমদাৰ, অৰূপ দাস, গঙ্গাধৰ বৰ্মন, প্ৰমোদ তালুকদাৰ, পূৰ্ণৰাম কলিতা, নগেন দত্ত, প্ৰণৱ শৰ্মা, উদয় বৰ্মন, ভৱেশ ভট্টাচাৰ্য, বিজুমনি হালৈ, মিতালী তালুকদাৰ, বৰ্ণালী বৃষ্টি শৰ্মা, ধৰিত্ৰী ডেকা আদি কৰি বহুতো কাৰ্যকৰ্তাই।

প্ৰেৰক বীৰেন কলিতা

You might also like