🔹 অসমীয়া যুৱ বিজ্ঞানীলৈ ৰাষ্ট্ৰীয় স্বীকৃতি
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল এগৰাকী অসম-সন্তান। অসমীয়া বিজ্ঞানী তথা ঢকুৱাখনাৰ সু-সন্তান ড৹ পংকজ ভৰালীলৈ ৰাষ্ট্ৰীয় স্বীকৃতি। সম্প্ৰতি যোৰহাটৰ নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজীৰ বিজ্ঞানী হিচাপে কৰ্মৰত ড০ পংকজ ভৰালী ২০২৫-২০৩০ বৰ্ষৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ ৰাষ্ট্ৰীয় ক’ৰ কমিটীৰ সদস্য ৰূপে মনোনীত হৈছে। ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ ক’ৰ কমিটীৰ সদস্য ৰূপে মনোনীত হোৱা উত্তৰ-পূব ভাৰতৰ একমাত্ৰ যুৱ বিজ্ঞানী। উল্লেখ্য যে ভাৰতীয় ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমী ভাৰতৰ একমাত্ৰ স্বীকৃত যুৱ বিজ্ঞান একাডেমী। ২০১৫ চনত ভাৰতীয় বিজ্ঞান একাডেমীৰ বিশেষ উদ্যোগত গঠিত হৈছিল। দেশৰ যুৱ বিজ্ঞানীসকলৰ মাজত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সমন্বয় সাধন, দেশৰ ভিন্ন প্ৰান্তত বিজ্ঞানৰ প্ৰচাৰ-প্ৰসাৰ আৰু বিভিন্ন বিষয়ত কেন্দ্ৰীয় চৰকাৰ তথা নীতি নিৰ্ধাৰণ কমিটীক সহযোগ কৰা এই যুৱ বিজ্ঞান একাডেমীৰ অন্যতম দায়িত্ব। বৰ্তমান এই যুৱ বিজ্ঞান একাডেমীত ১১০ সদস্য আৰু ৯ জন ৰাষ্ট্ৰীয় ক’ৰ কমিটীৰ সদস্য আছে। ১ জানুৱাৰীত দিল্লীস্থ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীত অনুষ্ঠিত বছৰেকীয়া সাধাৰণ সভাত ড৹ পংকজ ভৰালীক এই গুৰুত্বপূৰ্ণ সদস্য পদৰ বাবে মনোনীত কৰা হৈছে। অৰুণাচল প্ৰদেশৰ কিমিনস্থিত ডিবিটি চেণ্টাৰ অৱ এক্সেলেন্সত জৈৱ সম্পদ আৰু বহনক্ষম উন্নয়নৰ বাবে বিজ্ঞানীৰূপে ২০১৮ৰ পৰা ২০২০লৈ কৰ্মৰত ড৹ পংকজ ভৰালীয়ে ২০২০ চনত যোৰহাটৰ নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজীৰ বিজ্ঞানী হিচাপে যোগদান কৰে। জৈৱ বিজ্ঞানৰ ক্ষেত্ৰত কাম কৰি থকা ভৰালীয়ে অৰুণাচল প্ৰদেশৰ পৰা বহুতো নতুন উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰ, SARS-CoV2ৰ বাবে বর্জ্য পানীভিত্তিক চোৱাচিতা, বনৌষধি সামগ্ৰীৰ বিকাশ, প্ৰশিক্ষণ আৰু সজাগতাৰ দৰে সমাজৰ কাম অসম, অৰুণাচল প্ৰদেশৰ লগতে নাগালেণ্ডৰ বিভিন্ন অঞ্চলত ঔষধি আৰু সুগন্ধি উদ্ভিদৰ খেতি আৰু প্ৰক্ৰিয়াকৰণৰ কৰ্মত জড়িত হৈ আছে। উল্লেখ্য যে জৈৱ বিজ্ঞানৰ ক্ষেত্ৰত যোগোৱা অৰিহণাৰ বাবে ২০১৮ চনত অসম বিজ্ঞান সমিতিৰ পৰা প্ৰসন্ন চন্দ্ৰ গোস্বামী স্মৃতি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ভৰালী।
প্ৰেৰক পুলকজ্যোতি বৰা