নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ পৰিধি শর্মা অস্তিত্বহীন : ছদ্মনামত লিখিছিল দিখৌমুখৰ ধ্রুৱজ্যোতিয়ে

🔹 চিআইডিৰ তদন্তত ভেদ ভাঙিল ৰহস্যৰ

বিশেষ বাৰ্তা, ১৯ এপ্রিল : অসমৰ বৌদ্ধিক ক্ষেত্রখনৰ বাবে এক চিনাকি নামে হঠাৎ সৃষ্টি কৰে এক চর্চাৰ৷ কাকত–আলোচনীত নিয়মীয়াকৈ তত্ত্বগধুৰ প্রবন্ধ লিখি আহি থকা ড০ পৰিধি শর্মাক লৈ সৃষ্টি হোৱা চর্চাই একপ্রকাৰ খলকনি তোলে৷ দিল্লী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ সহকাৰী অধ্যাপিকা বুলি কৈ প্রায়ে বৌদ্ধিক জগতত চর্চা সৃষ্টি কৰা এইগৰাকী পৰিধি শর্মাই প্রায়ে সাংবাদিক আৰু বুদ্ধিজীৱীৰ সৈতে বিভিন্ন প্রসংগক লৈ কথা পাতে৷ কিন্তু হঠাতে পোহৰলৈ আহিল যে ড০ পৰিধি শর্মাৰ কোনো অস্তিত্ব নাই৷ অসমৰ আগশাৰীৰ কাকত–আলোচনীত ড০ পৰিধি শর্মাৰ নামত শতাধিক লেখা লিখি অসমৰ পাঠক সমাজৰ চিনাকি নাম হৈ পৰা এইগৰাকী পৰিধি শর্মা দৰাচলতে শিৱসাগৰৰ দিখৌমুখ ভৰলুৱা নিৱাসী ধ্রুৱজ্যোতি শইকীয়াহে৷ ড০ পৰিধি শর্মাৰ নামত ফেচবুকত ভুৱা একাউণ্ট খুলি নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক বুলি পৰিচয় দি অহা ধ্রুৱজ্যোতি শইকীয়াই আনকি কর্ণাটকৰ এগৰাকী আইএএছ বিষয়া জি ৰোহিণীৰ ফটোও ফেচবুকৰ প্রফাইল ফটোত লগাই থৈছিল৷ সেয়াই নহয়, ২০২১ চনৰ পৰা ড০ পৰিধি শর্মাৰ নামত লেখা প্রকাশ কৰি অহা ধ্রুৱজ্যোতি শইকীয়াই ৰঞ্জিতা চামনেট্রা ছদ্মনামেৰে বিভিন্ন সময়ত লেখা প্রকাশ কৰিছে৷ লেখাতে এইগৰাকী প্রৱঞ্চকৰ প্রৱঞ্চনা শেষ হোৱা নাছিল৷ ফোনযোগে বিভিন্নজনৰ লগত ছদ্ম পৰিচয়েৰে কথা পাতি প্রলোভন দিয়াৰ লগতে ৰাজ্য চৰকাৰৰ শীর্ষ প্রশাসনিক বিষয়াৰ সৈতেও ঘনিষ্ঠতাৰ কথা প্রকাশ কৰি প্রৱঞ্চনা কৰিছিল৷ শেহতীয়াকৈ অসমৰ বাজেটৰ ওপৰত এক অনুষ্ঠানে চলাই থকা গৱেষণাতো অন্তর্ভুক্ত হৈছিল ড০ পৰিধি শর্মাৰ নাম৷ মুখ্যতঃ এই ঘটনাক লৈয়েই ড০ পৰিধি শর্মাৰ অস্তিত্বক লৈ সন্দেহ ওপজে৷ অৱশেষত ড০ পৰিধি শর্মাৰ অস্তিত্ব বিচাৰি অসম আৰক্ষীৰ চিআইডিত ৰুজু হয় এক গোচৰ৷ গৌৰীসাগৰ থানাত ০৮/২০২৫ নম্বৰৰ পঞ্জীয়ন গোচৰটোৰ বিএনএছডব্লিউআৰ ধাৰাৰ ৩১৯ (২) আৰু আইটি এক্টৰ ৬৬ (বি) ধাৰাত গোচৰটোৰ তদন্ত চলাই চিআইডিয়ে পৰিধি শর্মাৰ নামত যে ধ্রুৱজ্যোতি শইকীয়াই ভুৱা একাউণ্ট চলাইছিল তাক উদ্ঘাটন কৰিবলৈ সক্ষম হয়৷ আৰক্ষী বিষয়া ৰূপজ্যোতি নাথে এই সন্দর্ভত প্রস্তুত কৰা এক প্রতিবেদন আৰক্ষী অধীক্ষকলৈ প্রেৰণ কৰে৷ এই প্রতিবেদনতে যুৱকজনৰ সমগ্র কাণ্ড বিস্তাৰিতভাৱে লিপিবদ্ধ হৈ আছে৷ সেই অনুসৰি শিৱসাগৰ কলেজৰ পৰা গণিত বিভাগত স্নাতক ডিগ্রী লাভ কৰা ধ্রুৱজ্যোতি শইকীয়াই পৰৱর্তী সময়ত ঘৰুৱা অসুবিধাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িব নোৱাৰিলে৷ বর্তমান টিউচন কৰি জীৱন নির্বাহ কৰা ধ্রুৱজ্যোতিক স্থানীয় লোকে এগৰাকী আৰটিআই কর্মী বুলিহে চিনি পায়৷ এই কামৰ আঁৰ লৈ তেওঁ ইতিমধ্যে ব্লেকমেইলিঙতো লিপ্ত হৈছিল৷ ঘণ্টা ঘণ্টা ধৰি কেতিয়াবা পুৰুষ আৰু কেতিয়াবা মহিলাৰ কণ্ঠস্বৰত কথা পাতি ভাল পোৱা যুৱকজনে শিৱসাগৰৰ এগৰাকী মহিলাৰ সৈতে এক সম্পর্কত লিপ্ত হৈও ৰাইজৰ বিচাৰৰ সন্মুখীন হ’ব লগা হৈছিল৷ এমাহ পূর্বে চিআইডিয়ে ধ্রুৱজ্যোতি শইকীয়াক সোধা–পোছাৰ বাবে মাতি এই সন্দর্ভত বহু তথ্য উদ্ঘাটন কৰে৷ ইতিমধ্যে ধ্রুৱজ্যোতি শইকীয়াই সামাজিক মাধ্যমযোগে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে ড০ পৰিধি শর্মা নামেৰে বিভিন্নজনৰ লগত কথা পতা বুলিও স্বীকাৰ কৰিছে৷ ড০ পৰিধি শর্মাৰ নামেৰে বৌদ্ধিক বিলাসিতা কৰা এইগৰাকী ধ্রুৱজ্যোতি শইকীয়াৰ বিৰুদ্ধে প্রৱঞ্চনাৰ গোচৰ ৰুজু হোৱাৰো সম্ভাৱনা বৃদ্ধি পাইছে৷

You might also like