নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই ইউ কে ডিত ছুপাৰ স্পেচিয়েলিটী “ষ্টোন ক্লিনিক” উদ্বোধন ড° পাৰ্থসাৰথি মহন্তৰ

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰ : দ্ৰুত ঔদ্যোগিকীকৰণৰ সময়ৰ পৰা পৰিৱৰ্তিত খাদ্যাভ্যাস আৰু শ্ৰমবিমুখ জীৱনশৈলীৰ বাবে সাম্প্ৰতিক সময়ত কিডনী ষ্টোনৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমিষ আহাৰৰ প্ৰচলনকে আদি কৰি অন্যান্য আৰ্থ-সামাজিক ব্যৱস্থাৰ বাবে ভাৰতবৰ্ষৰ অন্য ঠাইৰ তুলনাত (১২%) উত্তৰ-পূৰ্বাঞ্চলত কিডনী ষ্টোনৰ প্ৰাদুৰ্ভাৱ কিছু বেছি (১৫%)। এনে পৰিস্থিতিত কিডনী ষ্টোনৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে, লগতে ইয়াৰ প্ৰতিৰোধ আৰু সৰ্বশ্ৰেষ্ঠ চিকিৎসা প্ৰদানৰ বাবে এক সুকীয়া আৰু উৎসৰ্গিত ব্যৱস্থাৰ প্ৰয়োজনীয়তা আহি পৰে। এই উদ্দেশ্য সাৰোগত কৰিয়েই পূব ভাৰতৰ প্ৰথমখন কিডনী হাস্পতাল ইনষ্টিটিউট অৱ ইউৰ’লোজী এণ্ড কিডনী ডিজিজেজ (আই ইউ কে ডি)-ত ২ ডিচেম্বৰত ষ্টোনমেন অৱ ইণ্ডিয়াখ্যাত প্ৰখ্যাত ইউৰ’লোজিষ্ট ডাঃ দেৱজিৎ বৈশ্যৰ নেতৃত্বত ভাৰতবৰ্ষৰ প্ৰথমখন ষ্টোন ক্লিনিক মুকলি কৰা হয়। বিশ্বমানৰ সৰ্বশ্ৰেষ্ঠ স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দ্যেশ্যে স্বনামধন্য ইউৰ’লোজিষ্ট ডাঃ অৰূপ কুমাৰ নাথে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰত প্ৰতিষ্ঠা কৰে ইনষ্টিটিউট অৱ ইউৰ’লোজী এণ্ড কিডনী ডিজিজেজ, চমুকৈ আই ইউ কে ডি। এই বৰ্ষৰ ১২ ছেপ্টেম্বৰৰ পৰা স্বাস্থ্যসেৱা আগবঢ়াই অহা ১০০খন বিছনাযুক্ত আই ইউ কে ডিত ভাৰতবৰ্ষৰ প্ৰথমখন ছুপাৰ স্পেচিয়েলিটী ছাব-ক্লিনিক “ষ্টোন ক্লিনিক” আনুষ্ঠানিকভাৱে উদ্বোধন কৰি অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ড° পাৰ্থসাৰথি মহন্তই আই ইউ কে ডিৰ উৎসৰ্গিত স্বাস্থ্যসেৱাৰ মনোভাবক ভূয়সী প্ৰশংসা কৰে। এই অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডাঃ পি এম ডেকা আৰু বিশিষ্ট প্ৰবন্ধকাৰ তথা কলা সমালোচক অংকুৰ ডেকাও উপস্থিত থাকে। ভাষণ প্ৰসংগত তেওঁলোকে মহানগৰৰ কোলাহল আৰু যান-জঁ‌টৰ পৰা আঁতৰত সোণাপুৰৰ সুন্দৰ নৈঃসৰ্গিক পৰিৱেশৰ মাজত এক সুবিশাল এলেকাত অৱস্থিত আই ইউ কে ডিৰ পৰিষ্কাৰ-পৰিচ্ছন্ন চৌহদৰ শলাগ লয়। আই ইউ কে ডিৰ আপাতকালীন বিভাগে সপ্তাহৰ সাতোটা দিনেই ২৪ ঘণ্টাই নিৰৱচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়াই আহিছে। উল্লেখ্য যে জন্মলগ্নৰে পৰা আই ইউ কে ডিয়ে প্ৰতি বৃহস্পতিবাৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে, অটল অমৃত আৰু আয়ুষ্মান ভাৰত যোজনাৰ কাৰ্ডধাৰীসকলকে ধৰি চৰকাৰী আঁ‌চনিৰ অন্তৰ্ভুক্ত ব্যক্তিসকলৰ বাবে আৰু লগতে সংবাদ কৰ্মীসকলৰ বাবে বিনামূলীয়া বহিঃবিভাগ সেৱা আগবঢ়াই আহিছে। উল্লেখ্য যে ভিন্ন ভিন্ন শল্য চিকিৎসাৰ বাবে চাৰি প্ৰকাৰৰ ভিন্ন লেজাৰ মেচিন উপলব্ধ আই ইউ কে ডি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম তথা একমাত্ৰ হাস্পতাল। ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা লেজাৰমেন অৱ ইণ্ডিয়াখ্যাত মুখ্য ইউৰ’লোজী বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথে কয় যে অনতিপলমে আই ইউ কে ডিত বৃক্ক সংৰোপণৰ লগতে ইউৰ’লোজীৰ ডি এন বি শিক্ষাও আৰম্ভ কৰা হ’ব। লেজাৰমেন ডাঃ নাথে প্ৰসংগক্ৰমে উল্লেখ কৰে যে অনতিপলমে আই ইউ কে ডিৰ চৌহদত এখন নাৰ্ছিং  মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হ’ব। তেওঁ আকৌ কয় যে আই ইউ কে ডিত অদূৰ ভৱিষ্যতে ৰ’বোটিক চিকিৎসা সেৱাও আৰম্ভ কৰা হ’ব।

You might also like