নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্রৰ ৰূপত ডাঃ ৰণোজ পেগুঃ সংস্কৃতৰ দুবছৰীয়া পাঠ্যক্রমত নামভর্তি শিক্ষামন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ সংস্কৃত ভাষাটো এটা অতি প্রাচীন ভাষা, আধ্যত্মিক ভাষা৷ সৰুৰে পৰা এই ভাষাটোৰ ওপৰত অধ্যয়ন কৰিবলৈ মোৰ জীৱনত এটা হেঁপাহ আছিল, অৱশেষত আজি সেই আশা পূৰণ হ’ল৷ সংস্কৃতৰ পাঠ্যক্রমত নামভর্তি কৰি এই মন্তব্য কৰে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

গান্ধী জয়ন্তীৰ দিনা জনতা ভৱনত নিজৰ কার্যালয়ত উপস্থিত থাকি সংস্কৃত বিষয়ৰ দুবছৰীয়া পাঠ্যক্রমত নামভর্তি কৰে শিক্ষামন্ত্রী ডাঃ পেগুৱে৷ ইয়াৰ জৰিয়তে আগন্তুক দুইবছৰৰ ভিতৰত মন্ত্রীগৰাকীয়ে সংস্কৃত ভাষাত কথা কোৱা আৰু লিখিবলৈ সক্ষম হ’ব বুলিও আশা কৰে৷ এই নামভর্তি অনুষ্ঠানত উপস্থিত থাকে সংস্কৃত ভাৰতী উত্তৰ–পূর্বাঞ্চল ( ট্ৰাষ্ট)ৰ অধ্যক্ষ উদয় আদিত্য গোস্বামী, সংস্কৃত ভাৰতী সাংগঠনিক সম্পাদক ভবেন শইকীয়া, সংস্কৃত ভাৰতী অধ্যক্ষ কুমুদ বৰঠাকুৰ, সঞ্চালক তথা আয়ুস পাব্লিক স্কুল, শ্রীশ্রী দক্ষিণপাট সত্রৰ প্রদুন্ম্য দত্ত৷ এই ৪গৰাকী সংস্কৃত ভাষা বিশেষজ্ঞৰ উপস্থিতিত নামভর্তি কৰি যথেষ্ট সুখী বুলি উল্লেখ কৰে শিক্ষামন্ত্রী ডাঃ পেগুৱে৷

You might also like