নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রখ্যাত ভ’গ আলোচনীৰ বেটুপাতত অসম কন্যা লাভলীনা

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ফেশ্বন আৰু লাইফষ্টাইল সম্পর্কীয় প্রখ্যাত আলোচনী ভ’গৰ বেটুপাতত স্থান পাইছে অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ সদ্যসমাপ্ত টকিঅ’ অলিম্পিকত ঐতিহাসিক ব্রঞ্জৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা উদীয়মান তাৰকাগৰাকীৰ সাফল্যৰ কাহিনী বিশ্বৰ প্রতিগৰাকী যুৱতীৰ বাবে প্রেৰণাৰ উৎস হ’ব পাৰে বুলি উল্লেখ কৰি প্রখ্যাত আলোচনীখনে অসমৰ বক্সাৰগৰাকীক বেটুপাতত স্থান দিছে৷

উল্লেখ্য যে জাপানৰ ৰাজধানী টকিঅ’ত শেহতীয়াকৈ অনুষ্ঠিত বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকৰ মহিলাৰ ৬৪–৬৯ কেজি ইভেণ্টত অসম কন্যা লাভলীনাই ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ অলিম্পিকত পদক জয় কৰা দেশৰ তৃতীয়গৰাকী বক্সাৰ হিচাপে তেওঁ ইতিহাস ৰচিছিল৷ একেদৰে অসমৰ প্রথমগৰাকী খেলুৱৈ হিচাপে লাভলীনাই অলিম্পিকৰ মঞ্চত পদক জয়েৰে সমগ্র ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছিল৷

ইফালে, প্রখ্যাত ভ’গ আলোচনীয়ে লাভলীনাৰ লগতে টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানু আৰু ব্রঞ্জৰ পদক বিজয়ী বেডমিণ্টন তাৰকা পি ভি সিন্ধুকো বেটুপাতত স্থান দিছে৷ ‘বিভিন্ন ঘাত–প্রতিঘাত নেওচি লাভলীনা বৰগোহাঁয়ে দৃঢ় মনোবল আৰু শক্তিশালী মানসিকতাৰ পৰিচয় দাঙি ধৰি টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয় কৰে৷ তেওঁৰ এই অধ্যাৱসায়ৰ কাহিনীয়ে প্রতিগৰাকী যুৱতীক আকর্ষিত কৰিব পাৰে৷’ ভ’গ ইণ্ডিয়াই টুইটাৰত এইদৰে উল্লেখ কৰিছে৷

You might also like