বিশ্বেশ্বৰ হাজৰিকাৰ অনূদিত গ্রন্থত সম্পাদক হিচাপে নাম ছপাই জালিয়াতি স্বয়ম্ভু পণ্ডিতৰ
ড০ বাণীকান্ত কাকতিৰ ঐতিহাসিক গৱেষণা গ্রন্থ সম্পাদনা স্বয়ম্ভু পণ্ডিতৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ অতি দৃষ্টিকটুভাৱে বৌদ্ধিক জালিয়াতিত লিপ্ত হ’ল নিজকে লেখক–গৱেষকৰূপে চিনাকি দিয়া এজন কলেজ শিক্ষক৷ অসমীয়া ভাষাৰ গৱেষণাৰ ক্ষেত্রখনৰ স্তম্ভস্বৰূপ দুগৰাকী পুৰোধা গৱেষক–পণ্ডিতৰ ভাষাতত্ত্ব বিষয়ক গ্রন্থ এখনক লৈ জালিয়াতিৰ আশ্রয় লৈছে ড০ ৰাতুল পাঠক নামৰ স্বয়ম্ভু পণ্ডিত এজনে৷ নিজকে এজন বিশিষ্ট গৱেষকৰূপে চিনাকি দিয়াৰ অত্যুৎসাহত এইজন লেখকে সংঘটিত কৰিলে এই কাণ্ড৷ বিশিষ্ট গৱেষক–পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাৰ অনূদিত গ্রন্থ ‘অসমীয়া ভাষাৰ গঠন আৰু বিকাশ’খন পুনঃমুদ্রণৰ অচিলাৰে ‘সম্পাদনা’ কৰা দেখুৱাই প্রদর্শন কৰিলে নিকৃষ্টতাৰ চূড়ান্ত নিদর্শন৷ বৌদ্ধিক সততাৰ দিশটোক সম্পূর্ণৰূপে উলাই কৰি ড০ পাঠকে অনুবাদ গ্রন্থখন ‘সম্পাদনা’ আকাৰে প্রকাশ হ’ব বুলি প্রয়াত বিশ্বেশ্বৰ হাজৰিকাৰ পৰিয়ালক অৱগত কৰিবলৈ এবাৰো প্রয়োজনবোধ নকৰিলে৷ যিয়ে স্বাভাৱিকতে সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়াৰ৷ লেখকৰূপী কলেজ শিক্ষকজনৰ এই অসাধু তথা নৈতিকতাহীন কর্ম–কাণ্ডত অসন্তুষ্ট হৈ পৰিছে গৱেষক–পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাৰ পৰিয়ালৰ সদস্যসকল৷ ড০ পাঠকৰ জালিয়াতিৰ বিৰুদ্ধে প্রয়াত অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাৰ পৰিয়ালে ন্যায়ালয়ৰ কাষ চপাৰো প্রস্তুতি সম্পন্ন কৰিছে৷ উল্লেখ্য যে বিজ্ঞানসন্মত বিশ্লেষণেৰে অসমীয়া ভাষাক বাস্তৱ ক্ষেত্রত প্রতিষ্ঠা কৰা গৱেষক–পণ্ডিত ড০ বাণীকান্ত কাকতিৰ গৱেষণা গ্রন্থ ‘আছামিজ, ইটছ ফর্মেচন এণ্ড ডেভেলপমেণ্ট (১৯৪১)খন ১৯৯৬ চনত অনুবাদ কৰি উলিয়াইছিল ভাষাবিদ–পণ্ডিত–গৱেষক বিশ্বেশ্বৰ হাজৰিকাই৷ অসমীয়া ভাষাৰ গঠন আৰু বিকাশ নামেৰে অনুবাদ কৰা গ্রন্থখন প্রকাশ কৰি উলিয়াইছিল বৰপেটা সাহিত্য সভাই৷ ড০ বাণীকান্ত কাকতিৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি বিশ্বেশ্বৰ হাজৰিকাই গৱেষণা গ্রন্থখন অনুবাদ কৰি উলিয়াইছিল৷ মূল ইংৰাজী গ্রন্থখনৰ দৰেই অধ্যাপক হাজৰিকাৰ অনুবাদ গ্রন্থখনো অসমীয়া ভাষা–সাহিত্যলৈ এক উল্লেখযোগ্য সংযোজনৰূপে প্রতিপন্ন হয়৷ বিশেষকৈ অসমীয়া ভাষানুৰাগী ছাত্র–ছাত্রী, শিক্ষক, গৱেষকৰ সহায়ক হৈ পৰে অনুবাদ গ্রন্থখন৷ বৰপেটা সাহিত্য সভাৰ হৈ গ্রন্থখনৰ মুখ্য পৰিৱেশকৰ দায়িত্ব গ্রহণ কৰে পাণবজাৰৰ বীণা লাইব্রেৰীয়ে৷ গ্রন্থখনৰ প্রথম সংস্কৰণ শেষ হোৱাৰ পিছত ২০১২ চনত বৰপেটা সাহিত্য সভাই পুনঃমুদ্রণৰ দিহা কৰে৷ সেইমর্মে প্রথম সংস্কৰণত ৰৈ যোৱা ভুল–ত্রুটিখিনি ঠিক কৰি দিবলৈ বৰপেটা সাহিত্য সভাৰ ফালৰ পৰা ঠিক কৰি দিবলৈ বিশ্বেশ্বৰ হাজৰিকাক লিখিতভাৱে অনুৰোধ জনোৱা হয়৷ বৰপেটা সাহিত্য সভাৰ তদানীন্তন সম্পাদক মহানন্দ পাঠকৰ অনুৰোধমর্মে বিশ্বেশ্বৰ হাজৰিকাই গ্রন্থখনৰ ভুল–ত্রুটিবোৰ পার্যমানে নোহোৱা কৰিবলৈ যত্ন কৰে৷ কিন্তু ৰহস্যজনক পৰিস্থিতিত গ্রন্থখনৰ পুনঃমুদ্রণ হৈ উঠিলনে নাই সেই বিষয়ে পৰিয়ালক অৱগত কৰোৱা নহ’ল৷ অৱশ্যে বিশ্বেশ্বৰ হাজৰিকাৰ সৈতে বৰপেটা সাহিত্য সভাই যোগাযোগ অব্যাহত ৰাখিলে৷ বিগত বর্ষৰ ৩১ মার্চত অধ্যাপক হাজৰিকাৰ পৰলোকপ্রাপ্তি হয়৷ তাৎপর্যপূর্ণভাৱে যোৱা ডিচেম্বৰ মাহত গ্রন্থখন পুনঃমুদ্রণ হয়৷ বৰপেটা সাহিত্য সভাই এইবাৰো গ্রন্থখন প্রকাশ কৰি উলিয়ায়৷ কিন্তু গ্রন্থখনে পুনৰ প্রকাশৰ মুখ দেখাৰ পিছত ৰাজ্যৰ বৌদ্ধিক মহলৰ চকু কপালত উঠে৷ কাৰণ গ্রন্থখনৰ বেটুপাতত অনুবাদক বিশ্বেশ্বৰ হাজৰিকাৰ সমানে সমানে সম্পাদক হিচাপে নাম সন্নিৱিষ্ট কৰা হয় ড০ ৰাতুল পাঠকৰ৷ কেৱল সেয়াই নহয়, বেটুপাতৰ লগত সংলগ্ন পৃষ্ঠাটোতে ফটোসহ বিশদ পৰিচয় দাঙি ধৰা হয় ড০ পাঠকৰ৷ এখোজ আগুৱাই গৈ গ্রন্থখনৰ প্রাৰম্ভতে ড০ ৰাতুল পাঠকে লিখা ‘সম্পাদকীয় ব্যঞ্জনা’ শীর্ষক লেখা এটা সন্নিৱিষ্ট কৰা হয়৷ মুঠৰ ওপৰত ড০ বাণীকান্ত কাকতিয়ে ইংৰাজীত লিখা গৱেষণা গ্রন্থখনৰ অসমীয়া অনুবাদক বিশ্বেশ্বৰ হাজৰিকাতকৈও সম্পাদকহে অধিক গুৰুত্বপূর্ণৰূপে গ্রন্থখনত উপস্থাপন কৰা হ’ল৷ আনহাতে ১৯৯৬ চনত প্রকাশ পোৱা গ্রন্থখনত এখন প্রকাশন সমিতিৰ কথা উল্লেখ আছিল৷ ড০ হৰিনাথ শর্মা দলৈৰ সভাপতিত্বত গঠিত প্রকাশন উপ–সমিতিৰ তত্ত্বাৱধানত প্রকাশ কৰা হৈছিল গ্রন্থখন৷ কিন্তু তাৎপর্যপূর্ণভাৱে এইবাৰ বৰপেটা সাহিত্য সভাৰ দুই প্রাক্তন সভাপতি গোৱর্ধন দাস আৰু অক্ষয় কুমাৰ মিশ্রক উপদেষ্টা হিচাপে লৈ এখন সম্পাদনা সমিতিৰ কথা গ্রন্থখনত উল্লেখ কৰা হয়৷ পুনৰ মুদ্রিত গ্রন্থখনত ‘অনুবাদকৰ কথা’ শীর্ষক বিশ্বেশ্বৰ হাজৰিকাৰ লেখাটো পুনৰ প্রকাশ কৰা হৈছে যদিও প্রথম সংস্কৰণত সন্নিবিষ্ট হোৱা বিশিষ্ট ভাষাতত্ত্ববিদ–পণ্ডিত প্রমোদ চন্দ্র ভট্টাচার্যৰ ‘মনীষী বাণীকান্ত কাকতি ঃ ভাষা বৈজ্ঞানিক প্রতিভা’ শীর্ষক লেখাটো নতুন সংস্কৰণৰ পৰা বাদ দিয়া হ’ল৷ সম্পাদকৰূপী ড০ ৰাতুল পাঠকে চৰম মইমতালিৰে প্রমোদ চন্দ্র ভট্টাচার্যৰ দৰে ভাষা বিজ্ঞানীৰ লেখা গ্রন্থখনৰ পৰা আঁতৰাই দিয়াৰ উদ্ধতালি দেখুৱায়৷ ‘সম্পাদকীয় ব্যঞ্জনা’ লেখাত ড০ পাঠকে এই বিষয়ত ‘টু’ শব্দ এটা উল্লেখৰো প্রয়োজনবোধ নকৰিলে৷ তাৰ বিপৰীতে গ্রন্থখনৰ সম্পাদক তেওঁ কিদৰে হ’ল, তাৰহে যুক্তি দিয়াত ব্যস্ত হৈ পৰা দেখা যায়৷ অতি গা এৰা ধৰণেৰে ‘সম্পাদকীয় ব্যঞ্জনা’ত তেওঁ নিজৰ সপক্ষত যুক্তি দি কয়–– ‘অনুবাদক হাজৰিকাৰ নির্দেশক্রমেই গ্রন্থখনৰ পৰিশিষ্টত ‘পৰিভাষা’ শিতানটো সংযোগ কৰাৰ সিদ্ধান্ত লোৱা হ’ল, কিন্তু হাজৰিকাই অনুবাদৰ সময়তে লিখি উলিওৱা ২৪ পৃষ্ঠাৰ পৰিভাষা শিতানটো ক’ত থ’লে, কাক দিলে সেয়া আৰু পোৱা নগ’ল৷ সেই হেতু গ্রন্থখন অনুবাদ আৰু প্রকাশৰ প্রথম পর্বতো নেৰানেপেৰাকৈ লাগি থকা গোৱর্ধন দাসক সেইখিনি কাম কৰিবলৈ দিয়া হ’ল–– কৰিম, কৰিম বুলি কয়, কিন্তু শাৰীৰিক অসুস্থতা বা যি কাৰণতে নহওক দাসে কামটোৰ বিন্দুমাত্রও সম্পন্ন কৰিব নোৱাৰিলে৷ তাৰ পিছত কিছু পৰিভাষা সন্নিৱিষ্ট কৰি গ্রন্থখন ড০ পাঠকে সম্পাদনা কৰা বুলি দেখুৱাইছে৷ লগতে বিশ্বেশ্বৰ হাজৰিকাই কৰি দিয়া অনুবাদৰ মূল পাণ্ডুলিপিটো নথকাত ছপা গ্রন্থৰ প্রকাশ আৰু মূল ইংৰাজী গ্রন্থখনৰ প্রতিশাৰী, প্রতিটো শব্দ, বানান, প্রয়োগ মিলাই অনুবাদ গ্রন্থখন সম্পাদনা কৰা বুলি তেওঁ উল্লেখ কৰে৷ তাৎপর্যপূর্ণভাৱে এনে কৰিবলৈ গৈ সম্পাদক হিচাপে নিজৰ নাম বেটুপাতত বিশ্বেশ্বৰ হাজৰিকাৰ সমানে সমানে সন্নিৱিষ্ট কৰে৷ নিজৰ পৰিচয় ফটোসহ বেটুপাতৰ সংলগ্ন পৃষ্ঠাটোতে প্রকাশ কৰে৷ তাৰ বিপৰীতে অসীম শ্রম আৰু কষ্ট স্বীকাৰ কৰি ভাষাবিষয়ক ইংৰাজী গৱেষণা গ্রন্থখন অনুবাদ কৰি উলিওৱা বিশ্বেশ্বৰ হাজৰিকাৰ এটা পৰিচয় গ্রন্থখনৰ শেষ পৃষ্ঠাত দাঙি ধৰে৷ ই যিয়েই নহওক, মূল অনুবাদকৰ পৰিয়ালৰ স’তে এবাৰো আলোচনা নকৰাকৈ অনুবাদ গ্রন্থ এখন পুনঃমুদ্রণৰ নামত বৰপেটা সাহিত্য সভাৰ এজন কর্মকর্তাই সম্পাদকৰ ভূমিকাত অৱতীর্ণ হোৱা কার্যই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ ড০ বাণীকান্ত কাকতি আৰু বিশ্বেশ্বৰ হাজৰিকাৰ দৰে বিদগ্ধ পণ্ডিতৰ সমপর্যায়ত উপবিষ্ট হ’বলৈ ৰাতুল পাঠক নামৰ লোকজনে প্রদর্শন কৰা ধৃষ্টতাই স্বাভাৱিকতে সৃষ্টি কৰিছে প্রতিক্রিয়াৰ৷