নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ ৰীতামণি বৰ্মনৰ ‘পশ্চিম নলবাৰীৰ লোক-সাহিত্য’ উন্মোচন

🔹 বেলশৰত গ্ৰন্থ উন্মোচনী সভা

বিশেষ বাৰ্তা, ২৪ জুলাই : আধুনিকতাই লোক-সংস্কৃতি বা লোক-সাহিত্যক মৃত্যুমুখী কৰি তুলিছে বুলি এটা ধাৰণা হয়। মই ভাবোঁ- আধুনিকতাই শিল্প, সাহিত্য, সংস্কৃতিৰ উপাদানবোৰক স্থানচ্যুত কৰিছে বা সেই পৰ্যায়লৈ লৈ গৈছে।- এই মন্তব্য সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰীৰ। উল্লেখ্য যে আজি বেলশৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড০ ৰীতামণি বৰ্মনৰ ‘পশ্চিম নলবাৰীৰ লোক-সাহিত্য’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰি সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰীয়ে উন্মোচনী ভাষণত কয়- এখন গ্ৰন্থৰ জন্ম মানে এটা সন্তানৰ জন্ম। সন্তানটো জন্ম হোৱাৰ লগে লগে যিদৰে স্বাস্থ্যমুখৰ হৈ পৰে, সেইদৰে গ্ৰন্থ এখনো প্ৰকাশৰ লগে লগে তেওঁলোকৰ পৰিয়ালৰ মনত এটা উছাহৰ ভাব সৃষ্টি হয়। শেহতীয়াকৈ গ্ৰন্থ বিক্ৰী পূৰ্বতকৈ বাঢ়িবলৈ লৈছে। এতিয়া বছৰি ২.২ বিলিয়ন গ্ৰন্থ বিক্ৰী হয়। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ নৃপেন্দ্ৰ পাটোৱাৰীৰ পৌৰোহিত্যত আৰু শ্বহীদ স্মৃতি মহাবিদ্যলয়ৰ প্ৰবক্তা ড০ দীনেশ চক্ৰৱৰ্তীয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থ উন্মোচকগৰাকীয়ে পুনৰ কয়- এতিয়া অসমীয়া মানুহৰ চিনাকি দিয়াৰ সংখ্যা কমিছে। যি সময়ত বিশেষকৈ চহৰাঞ্চলত অসমীয়া নাজানো বুলি গৌৰৱ কৰা মানুহৰ সংখ্যা বাঢ়িছে, সেইটো সময়ত তাকো লোক-সাহিত্যৰ ওপৰত গ্ৰন্থ ৰচনা কৰি ড০ ৰীতামণি বৰ্মনে নিজৰ অঞ্চলটোৰ প্ৰতি ভাল পোৱাই নহয়, ভাষাৰ ক্ষেত্ৰত এই বেদীত গুৰুত্বপূৰ্ণ অৰ্ঘ্য আগবঢ়াইছে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি স্তম্ভ লেখক ড০ খনীন বৰ্মনে তেওঁৰ চমু ভাষণত কয়- শব্দ আৰু অৰ্থৰ সমন্বয় হ’লেই সাহিত্য হ’ব নোৱাৰে । যেতিয়া সেই সমন্বয়ে আমাক অমল আনন্দ দিয়ে, সেইটোৱেই হ’ব সাহিত্য। অনুষ্ঠানত বেলশৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মানসজ্যোতি বৰঠাকুৰে চমু বক্তব্য আগবঢ়ায়। শেষত লেখক ড০ ৰীতামণি বৰ্মনে মনৰ অনুভৱ ব্যক্ত কৰে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like