নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰমাত্মাৰ সৈতে আত্মা বিলীন হোৱাৰ প্ৰক্ৰিয়াই হৈছে আধ্যাত্মিকতাবাদঃ শিৱসাগৰত ড০ সব্যসাচী মহন্ত

নিয়মীয়া বাৰ্তা, ২৭ মেঃ শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত এদিনীয়াকৈ অনুষ্ঠিত হয় আধ্যাত্মিক সন্মিলন। এই আধ্যাত্মিক সন্মিলনৰ নিশা অস্থায়ী মঞ্চত অনুষ্ঠিত হয় দস্যু ৰত্নাকৰৰ বাল্মিকী তত্ত্ব লাভ শীৰ্ষক ভাওনাখনি ৷ এই ভাওনা উদ্বোধন কৰি ৰাজ্যখনৰ বিশিষ্ট নিবন্ধকাৰ তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই ভাষণত কয় যে আত্মাৰ সৈতে সম্পৰ্কিত শিক্ষাই হৈছে আধ্যাত্মিকতা। আমি আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে শিক্ষিত হৈছোঁ, কিন্তু প্ৰকৃতাৰ্থত জ্ঞানী হ’ব পৰা‌ নাই। যেতিয়ালৈকে আমাৰ শিক্ষাত নৈতিকতা আৰু সংযম নাথাকিব,তেতিয়ালৈকে আমি জ্ঞানী হব নোৱাৰোঁ। শৰীৰৰ বিনাশ আছে, কিন্তু আত্মাৰ বিনাশ নাই। পৰমাত্মাৰ সৈতে আত্মা বিলীন হৈ যোৱা প্ৰক্ৰিয়াই হৈছে প্ৰকৃত আধ্যাত্মিকতাবাদ। আধ্যাত্মিকতা আৰু ধৰ্মৰ মাজত ব্যাপক ব্যৱধান আছে। জীৱন ধাৰণৰ এক বিজ্ঞানসন্মত পথৰ নাম হৈছে ধৰ্ম। আধ্যাত্মিকতাবাদ হৈছে আমাৰ আত্মজ্ঞান আৰু আত্মউপলব্ধি । আধ্যাত্মিকতাবাদৰ‌ মাজত সোমাই থকা তত্ত্ব আৰু দৰ্শন আমি গভীৰভাৱে উপলব্ধি কৰিলেহে মানৱ জীৱনে সাৰ্থকতা লাভ কৰিব৷ আধ্যাত্মিকতাৰ শিক্ষা অবিহনে শান্তি আৰু বৈষম্যহীন সমাজ কেতিয়াও সৃষ্টি হ’ব নোৱাৰে। সেয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত আধ্যাত্মিকতাৰ বিষয় সন্নিৱিষ্ট হ’ব লাগে। মানৱীয় প্ৰমূল্যৰে ভৰা এখন সুস্থ সবল সমাজ গঢ়ি তুলিবলৈ হলে আমি নৱপ্ৰজন্মক বাল্যকালৰে পৰা আধ্যাত্মিকতাৰ জ্ঞান দিবই লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একহৰণ হৰিনাম ধৰ্মৰ বাণী প্ৰচাৰৰ বাবে ভাওনাক এক উৎকৃষ্ট মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। গুৰুজনাই চিহ্নযাত্ৰা নাট পৰিৱেশনেৰে প্ৰথমেই ভাওনাৰ এক নৱ সংযোজন ঘটালে । এই ভাওনাই আমাৰ সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সংযোজন ঘটালে বুলি ড০ সব্যসাচী মহন্তই উল্লেখ কৰে। উল্লেখ্য যে শিৱসাগৰ চহৰৰ দ’লমুখ চাৰিআলিৰ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰা আধ্যাত্মিক সন্মিলনখনিৰ আজি পুৱতি নিশা সফলভাৱে সামৰণি পৰে ৷ বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত গুৰুজনাৰ আদৰ্শৰে সমন্বয়ৰ সেতু গঢ়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰা আধ্যাত্মিক সন্মিলনত জগন্নাথ দেৱগোস্বামীক আধ্যাত্মিক বঁটা প্ৰদান কৰা হয় বেতবাৰীৰ দিলীপ চাংমাইক সমাজ প্ৰাণ বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে কালি পুৱা গুৰু আসন প্ৰতিষ্ঠাৰে সন্মিলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ তাৰ পিছতেই খোলবাদ্য, দিহানাম, দেহবিচাৰ গীত, জিকিৰ, সত্ৰীয়া নৃত্য, আইনাম আদি পৰিৱেশনেৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰা হয় ৷ কমলা গগৈয়ে দিহানাম পৰিৱেশন কৰি সন্মিলনৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ নিমিষা শাণ্ডিল্যই আঁত ধৰা অনুষ্ঠানটোত শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকা, ছাত্ৰ নেতা চিতু বৰুৱা, বসন্ত গগৈ, বিষ্ণু শইকীয়া, সাংবাদিক মনোজ গগৈ, নজিউল্লা হাজৰিকা, ববীতা ভৰালী, চাহানাৰ ইছলামক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like