নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুণসিন্ধু বিভূষণেৰে সন্মানিত ড০ সাৰদানন্দ দেৱ গোস্বামীৰ স্মৃতিচাৰণ সভা

🔹 “সেহি গুণসিন্ধু’ উন্মোচন
নিয়মীয়া বাৰ্তা, ২৩ জুলাই : বিশিষ্ট বৈষ্ণৱ পণ্ডিত , অসমৰ এগৰাকী স্বনামধন্য ঔপন্যাসিক, গল্পকাৰ, সমালোচক, সাহিত্যিক, প্ৰবীণ সাংবাদিক, শিক্ষাবিদ ডঃ সাৰদানন্দ দেৱ গোস্বামীক আজি মৰণোত্তৰভাৱে গুণসিন্ধু বিশেষণেৰে বিভূষিত কৰা হয় । তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি হোজাই চহৰৰ বিভূতি ভূষণ গেষ্ট হাউছ প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত হোজাইৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাৰ লগতে সাহিত্য সভাৰ উদ্যোগত সম্পাদক অনুপ কুমাৰ বৰঠাকুৰৰ সম্পাদনাত “সেহি গুণসিন্ধু ” নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। হোজাই সাহিত্য সভাৰ উদ্যোগত আয়োজিত স্মৃতিচাৰণ সভাত শিল্পী সংঘমিত্ৰ গোস্বামীৰ বৰগীতেৰে শ্ৰদ্ধাঞ্জলি তথা স্মৃতিচাৰণ সভা মুকলি কৰে হোজাই সাহিত্য সভাৰ সভাপতি দয়াল চন্দ্ৰ ক্ৰৱে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত সাহিত্যিকগৰাকীৰ সহধৰ্মিণী কল্পনা গোস্বামীয়ে শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে সভাত উপস্থিত সাহিত্যিক, অধ্যাপক, শিক্ষক, সাংবাদিক , বুদ্ধিজীৱী আৰু গুণমুগ্ধসকলে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি স্মৃতিচাৰণ সভাত প্ৰয়াত সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজি, সমাজ জীৱনত বিভিন্ন কৰ্মপদ্ধতি, সাংবাদিক জীৱন, অসমীয়া সাহিত্যৰ বিভিন্ন দিশ, অধ্যাপক জীৱন , বৈষ্ণৱ জীৱনত অসমৰ সত্ৰসমূহৰে মধুৰ সম্পৰ্কৰাজি আদি বিভিন্ন ক্ষেত্ৰত নিজৰ কীৰ্তিচিহ্ন ৰাখি যোৱা বিষয়সমূহৰ ওপৰত বিভিন্ন জ্ঞানী-গুণীয়ে স্মৃতিচাৰণ কৰে।

সমাজসেৱক শিৱনাথ বৰ্মন , প্ৰাক্তন অধ্যাপক প্ৰাণকৃষ্ণ কৰ, হোজাই বংগ সাহিত্য সন্মিলনৰ সম্পাদক ডঃ পিযোষ নন্দী, সাহিত্য সভাৰ তথা শ্ৰদ্ধাঞ্জলি গ্ৰন্থৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰ , অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা আৰু বহু গুণমুগ্ধই স্মৃতিচাৰণ কৰে। বিশিষ্ট ইতিহাসবিদ খাগৰিজান কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ সাগৰ বৰুৱাই শ্ৰদ্ধাঞ্জলি গ্ৰন্থ উন্মোচন কৰে। স্মৃতিচাৰণ সভাত হোজাই প্ৰেছ ক্লাবৰ পৰা সাধাৰণ সম্পাদক সঞ্জীত দে, মদন দত্ত, হোজাই জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক লিটুমণি নাথ, ৰুহুল আমিন আৰু আন আন সদস্যসকলৰ উপস্থিতিত শোকবার্তা তুলি দিয়া হয় প্ৰয়াত সাহিত্যিক গুণসিন্ধু ড: সাৰদানন্দ দেৱ গোস্বামীৰ সহধৰ্মিণী কল্পনা গোস্বামীৰ হাতত। উক্ত সভাত হোজাই জিলাত গুণসিন্ধু ড০ সাৰদানন্দ দেৱ গোস্বামী পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উক্ত অনুষ্ঠানত গুণসিন্ধুৰ দুই পুত্ৰ ক্ৰমে সাংবাদিক, লেখক, অভিনেতা কিশলয় দেৱ গোস্বামী আৰু জিমূত বাহন আত্ৰেয় উপস্থিত আছিল ।

প্ৰেৰক কিশলয় দেৱ গোস্বামী

You might also like