ৰাখীৰ শক্তিৰে অসমবাসীক দুগুণ উৎসাহেৰে সেৱা কৰিমঃ ড০ শর্মা
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: দেওবাৰে পৱিত্র ৰাখী বন্ধনৰ দিনটোত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ৰাজ্যৰ বিভিন্ন দল–সংগঠনৰ যুৱতী–মহিলাই ৰাখী পিন্ধায়৷ দিছপুৰৰ মিনিষ্টার্ছ কলনীৰ পার্কত মুখ্যমন্ত্রী ড০ শর্মাক ৰাষ্ট্রীয় সেৱিকা কমিটী, লায়ন্স ক্লাব, মাৰোৱাৰী সন্মিলন, বিজেপি মহিলা মর্চা, কল্যাণ আশ্রম, ব্রহ্ম কুমাৰী, মাৰোৱাৰী সমাজ গ্রুপ, সৃষ্টি চিলৰেগুৰৰ মহিলা–যুৱতীসকলে ৰাখী পিন্ধায়৷
ৰাখী পিন্ধোৱা প্রতিগৰাকী মহিলা–যুৱতীক মুখ্যমন্ত্রী ড০ শর্মাই একোখনকৈ শ্রীকৃষ্ণ গীতা ভাগৱত উপহাৰ দিয়ে৷ এই সম্পর্কত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমাজত বায়েক–ভায়েক, ভাতৃ–ভগ্নী এই পৱিত্র সম্পর্কৰে যিসকল এই পৃথিৱীলৈ আহিছে, তেওঁলোকৰ বাবে এই দিনটো অত্যন্ত পৱিত্র দিন৷ প্রতিগৰাকী ভগ্নীয়ে ভাতৃৰ আশ্রয় বিচাৰে৷ প্রতিগৰাকী ভাতৃয়ে ভগ্নীৰ মৰম আৰু আশীর্বাদ বিচাৰে৷ এই ৰাখী বন্ধনৰ পৱিত্র দিনটোত সকলোৱে আহি মোক ৰাখী পিন্ধাইছে আৰু মই তেওঁলোকৰ আশীর্বাদত সঁচাকৈয়ে নিজক পৰম পৱিত্র অনুভৱ কৰিছোঁ আৰু মই আশা কৰোঁ এই ৰাখীৰ জৰিয়তে মই যি শক্তি পাইছোঁ, সেই শক্তিৰে অসমবাসীক আৰু দুগুণ উৎসাহেৰে সেৱা কৰিব পাৰিম৷ এই অনুষ্ঠানত মন্ত্রী অশোক সিংঘল, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে৷