বিশেষ বাৰ্তা, ২৯ ডিচেম্বৰ : অসমৰ আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি আইআইটি, গুৱাহাটীত অনুষ্ঠিত অখিল ভাৰতীয় অধিবক্তা পৰিষদৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত অংশগ্ৰহণ কৰি ‘জনসাধাৰণকেন্দ্ৰিক ন্যায় প্ৰদান ব্যৱস্থা’ সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক অধিবক্তা, আইন বিশেষজ্ঞৰ উপস্থিতিত অনুষ্ঠিত এই সভাত আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী দাসে ৰাজ্যৰ ন্যায় ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশৰ কথা উল্লেখ কৰি বৰ্তমান চৰকাৰে ন্যায় ব্যৱস্থাৰ সংস্কাৰ সাধন আৰু অধিক নাগৰিককেন্দ্ৰিক তথা জনসাধাৰণকেন্দ্ৰিক কৰি তোলাৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ কথা ব্যাখ্যা কৰে। তেওঁ কয় যে আইন ব্যৱস্থা অধিক নাগৰিককেন্দ্ৰিক হৈ উঠাটো অতি প্ৰয়োজন। নাগৰিক আৰু নাগৰিকৰ সম্পত্তিৰ নিৰাপত্তা তথা সুৰক্ষা প্ৰদান কৰা ৰাষ্ট্ৰৰ প্ৰধান দায়িত্ব বুলি উল্লেখ কৰি আইন মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰে জনসাধাৰণে যাতে ক্ষিপ্ৰভাৱে আইনী সুবিধা আৰু ন্যায় লাভ কৰিব পাৰে, সেই বিষয়ত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে।
তেওঁ কয় যে এই সম্পৰ্কত ৰাজ্য চৰকাৰে তদন্তকাৰী বিষয়া আৰু সংস্থাসমূহক অধিক সক্ৰিয় আৰু কাৰ্যদক্ষ কৰি তোলাৰ ব্যৱস্থা লৈছে। মহিলা, শিশু আৰু ড্ৰাগছ আদিৰ সৈতে জড়িত অপৰাধবোৰ ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি আইন ব্যৱস্থাৰ সংস্কাৰ সাধনত চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ কথা মন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে। আইন ব্যৱস্থাৰ সংস্কাৰ সাধনৰ অংশ হিচাপে বৰ্তমানৰ ৰাজ্য চৰকাৰে এতিয়ালৈ প্ৰায় ১৯২খন পুৰণি আইন বাতিল কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে। ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপৰ বাবেই ৰাজ্যত অপৰাধী তথা দোষীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰাৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰী দাসে এন চি আৰ বিৰ প্ৰতিবেদনত ইয়াৰ প্ৰতিফলন হোৱা বুলি কয়। মন্ত্ৰীগৰাকীয়ে সভাত কয় যে অপৰাধীয়ে যাতে শাস্তি পায় আৰু সৰ্বসাধাৰণ ৰাইজে যাতে ন্যায় লাভৰ পৰা কোনো কাৰণতে বঞ্চিত নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ লৈছে। আজিৰ এই অনুষ্ঠানত অখিল ভাৰতীয় অধিবক্তা পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি নিভাস মূৰ্তি, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডি ভৰত কুমাৰ, সাংগঠনিক সম্পাদক হৰি বাৰিককে ধৰি ভালেসংখ্যক বিশিষ্ট আইনজ্ঞ আৰু অধিবক্তাই অংশগ্ৰহণ কৰে।