নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহযাত্রীৰ পৰা লোৱা ম’বাইলৰ প্লাগ–কেবল ওভতাই দিব নোৱাৰি দুঃখিত ড০ শর্মা

🔹 ডুবাই অভিমুখী বিমানত বিশেষ ঘটনা ঘটিল মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১০ এপ্রিল : নেদাৰলেণ্ড ভ্রমণলৈ যোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ডুবাই অভিমুখী বিমানত এক বিশেষ ঘটনা সংঘটিত হয়৷ যাত্রাকালত মুখ্যমন্ত্রী ড০ শর্মাই এজন সহযাত্রীৰ পৰা আন্তঃৰাষ্ট্রীয় ম’বাইল প্লাগ আৰু কেবল এডাল লয়৷ কিন্তু সেই প্লাগ আৰু কেবল ওভতাই দিয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মা শুই থকা অৱস্থাতে লোকজন ডুবাইত বিমানৰ পৰা নামি যায়৷ সম্ভৱতঃ মুখ্যমন্ত্রী ড০ শর্মা শুই থকাৰ বাবেই লোকজনে আমনি নকৰাকৈ প্লাগ আৰু কেবল এৰি গুচি যায়৷ এই ঘটনাৰ বাবে সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড০ শর্মাই দুখ প্রকাশ কৰাৰ লগতে লোকজনক তেওঁৰ সৈতে প্রত্যক্ষ বার্তা দি যোগাযোগ কৰাৰ আহ্বান জনাইছে যাতে তেওঁ লোকজনক প্লাগ আৰু কেবল ওভতাই দিব পাৰে৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই ঘটনাৰ বিৱৰণী দি সামাজিক মাধ্যমত কয়– আজি পুৱা মই দিল্লীৰ পৰা আমষ্টাৰডামলৈ বিমানেৰে যাত্রা কৰিছিলোঁ৷ এই যাত্রাত মই এজন ভদ্র যুৱকক লগ পালোঁ৷ তেওঁ ইণ্টাৰনেচনেল প্লাগ আৰু চার্জিং কেবল মোক ব্যৱহাৰ কৰিবলৈ দিছিল৷ দুর্ভাগ্যজনকভাৱে মই শুই থাকোঁতে তেওঁ ডুবাইত নামিল আৰু মই সেইবোৰ তেওঁক ঘূৰাই দিব নোৱাৰিলোঁ৷ মই এতিয়া আমষ্টাৰডামত উপস্থিত হৈছোঁ আৰু তেওঁৰ বস্তুবোৰ ঘূৰাই দিব নোৱাৰি অত্যন্ত দুঃখিত হৈছোঁ৷ যদি এই বার্তা লোকজনৰ ওচৰ পায়, তেতিয়া অনুগ্রহ কৰি এটা প্রত্যক্ষ বার্তা প্রেৰণ কৰিবলৈ অনুৰোধ জনাই কয় যে তেতিয়া তেওঁৰ প্লাগ আৰু কেবল ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব পাৰিব৷

You might also like