নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইক্র’ ফাইনেঞ্চ উদগনি ৰেহাই আঁচনিৰ শুভাৰম্ভ ড০ শর্মাৰ

ৰাজ্যত মহিলা সবলীকৰণৰ বৃহৎ পদক্ষেপ অসম চৰকাৰৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ  ড০ হিমন্ত বিশ্ব শর্মাই যি প্রতিশ্রুতি দিয়ে, তাকেই যেন কার্যত বাস্তৱায়িত কৰে৷ কথা দি কথা ৰখা বাবে দেওবাৰে তেজপুৰত হাজাৰ হাজাৰ মহিলাই মুখ্যমন্ত্রীক জনালে কৃতজ্ঞতা৷ বহুতেই ক’লে– ড০ হিমন্ত বিশ্ব শর্মাৰ কথা মতেই কাম৷ উল্লেখ্য যে বিগত বিধানসভা নির্বাচনত ড০ হিমন্ত বিশ্ব শর্মাই মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল আৰু চৰকাৰ গঠনৰ পাছত প্রথমখন কেবিনেটতে এই ঋণ ৰেহাইৰ সিদ্ধান্ত লোৱা হৈছিল৷ আজি সেই প্রতিশ্রুতি বাস্তৱায়িত হ’ল৷ সেই অনুসৰি এই ঋণসমূহ ঘূৰাই দিয়াৰ প্রক্রিয়া আজিৰে পৰা আৰম্ভ হয়৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ অসম মাইক্র’ ফাইনেঞ্চ উদগনি আৰু ৰেহাই আঁচনি, ২০২১ৰ ক্ষিপ্র আদায়কাৰী শিতানৰ অধীনত শোণিতপুৰৰ ৫৯,৪৬৮ মহিলাক আর্থিক সাহায্য প্রদান অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেজপুৰৰ কলেজিয়েট হাইস্কুলৰ খেলপথাৰত আয়োজিত এক বৃহৎ সমাৱেশত মুখ্যমন্ত্রী ড০ শর্মাই ৰাইজক উদ্দেশ্যি প্রদান কৰা ভাষণত কয় যে ৰাজ্যৰ ভিন্ন প্রান্তৰ প্রায় ১৪ লাখ মহিলাই মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানসমূহৰ জৰিয়ত ঋণ লাভ কৰাৰ পাছত একাংশই ঋণ আদায় নকৰাৰ বিপৰীতে বৃহৎ নিয়মীয়াকৈ বিত্তীয় প্রতিষ্ঠানসমূহক ঋণ আদায় দি আহিছিল যদিও ক’ভিড পৰিস্থিতিত এই ঋণ আদায় প্রক্রিয়া স্থবিৰ হৈ পৰিছিল৷ ৰাজ্যৰ আইমাতৃসকলৰ এই দুর্দশাৰ প্রতি লক্ষ্য ৰাখি বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত আমাৰ দলৰ তৰফৰ পৰা এই ঋণ ৰেহাই দিয়াৰ প্রতিশ্রুতি দিয়া হৈছিল৷ সেই অনুযায়ী এই ঋণ আদায় নিদিয়াসকলক দুভাগত বিভক্ত কৰা হৈছে৷ চৰকাৰৰ সিদ্ধান্ত অনুসৰি যোৱা মার্চলৈকে নিয়মীয়াকৈ ঋণৰ কিস্তি আদায় দি থকা ৰাজ্যখনৰ ১১ লাখ মহিলাৰ ঋণ ৰেহাই দিয়াৰ আঁচনি আজি তেজপুৰৰ পৰা শুভাৰম্ভ কৰা হয়৷ চৰকাৰী সিদ্ধান্ত অনুসৰি এই মহিলাসকলক ১৬ হাজাৰৰ পৰা সর্বাধিক ২৫ হাজাৰ টকাৰ চেক বিতৰণ কৰা হ’ব৷

আনহাতে, যি চাৰি লক্ষ্য মহিলাৰ ঋণৰ কিস্তি অনিয়মীয়া হৈ আছিল, তেওঁলোকৰ বাবে অহা জানুৱাৰী মাহৰ পৰা নেটৰ জৰিয়তে আবেদন–পত্র উপলব্ধ কৰা হ’ব৷ এই আবেদন–পত্রৰ জৰিয়তে তেওঁলোকে চৰকাৰক আবেদন জনোৱাৰ পাছত তেওঁলোকৰ ঋণৰ বিপৰীতে চৰকাৰে নির্ধাৰণ কৰা ধনৰাশি প্রত্যক্ষভাৱে বিত্তীয় প্রতিষ্ঠানসমূহক প্রদান কৰা হ’ব৷ বিত্তীয় প্রতিষ্ঠানসমূহৰ পৰা চৰকাৰে মহিলাসকলৰ বিপৰীতে লাভ কৰা ক্লীয়াৰেন্স চার্টিফিকেট পৰৱত্ সময়ত আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে অসম মাইক্র’ ফাইনেঞ্চ উদগনি আৰু ৰেহাই আঁচনি, ২০২১ সন্দর্ভত বিতংভাৱে অনুষ্ঠানত অৱগত কৰোৱাৰ লগতে অনাগত দিনত মূৰে হেঁচা ল’ব পৰা অর্থাৎ ঘূৰাই দিব পৰা পৰিমাণৰ ঋণহে বিত্তীয় প্রতিষ্ঠানৰ পৰা গ্রহণ কৰিবলৈ উপস্থিত মহিলাসকলক আহ্বান জনায়৷ প্রসংগক্রমে মুখ্যমন্ত্রীগৰাকীয়ে মাকক পাহৰি যোৱাৰ যিটো অপৰাধ, সেইটো ভগৱানেও ক্ষমা নকৰে বুলি কৈ আইমাতৃসকলক দিয়া প্রতিটো প্রতিশ্রুতিয়েই পালন কৰিব বুলি ঘোষণা কৰে৷ শোণিতপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট, ডিমা হাছাও, পশ্চিম কার্বি আংলং, চৰাহদেউ আৰু গোলাঘাটসহ মুঠ আঠখন জিলাত প্রথম তিনি দিনৰ ভিতৰত নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰি থকাসকলক সর্বাধিক ২৫ হাজাৰ টকাৰ চেক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উদগনিমূলকভাৱে আগবঢ়োৱা হ’ব৷ আজি তেজপুৰত শোণিতপুৰ, ঢ়েকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু চতিয়া বিধানসভা সমষ্টিৰ পাঁচগৰাকী হিতাধিকাৰী বাণী বৈশ্য, কাঞ্চন বড়ো, ৰেবিকা বুঢ়াগোহাঁহ দেৱী, নীলাক্ষি তাঁতী আৰু তুলসী থাপাক আনুষ্ঠানিকভাৱে এহ চেক প্রদান কৰি মুখ্যমন্ত্রীয়ে আঁচনিখনৰ শুভাৰম্ভ কৰে৷মুখ্যমন্ত্রীয়ে এহ কার্যসূচীত নিজ ভাষণত কয়– নির্বাচনী প্রচাৰ সভাত আমি আমাৰ চৰকাৰ গঠন হ’লে দুখীয়া মহিলাৰ ঋণ চৰকাৰে ঘূৰাহ দিব বুলি কৈছিলোঁ৷ বিভিন্ন মাহক্র’ ফাহনেঞ্চৰ পৰা ঋণ লোৱাসকলৰ ভিতৰত ক’ভিডৰ পূর্বলৈকে ১৪ লাখ মহিলাহ এহ ঋণৰ কিস্তি নিয়মীয়াকৈ পৰিশোধ কৰি আছিল৷ কিন্তু ক’ভিডৰ বাবে এহ সংখ্যা তিনি লাখলৈ হ্রাস পায় আৰু ১১ লাখ মহিলাহ কিন্তু নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰি আছিল৷ মুখ্যমন্ত্রীয়ে লগতে ঘোষণা কৰে যে চৰকাৰৰ যিকোনো আঁচনিৰ সুবিধা প্রথমতে এহসকল মহিলাহ লাভ কৰিব৷ মুখ্যমন্ত্রীয়ে আৰু কয়– এহ ঋণ পৰিশোধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্রথমখন কেবিনেটত সিদ্ধান্ত গ্রহণ কৰা হয় আৰু হয়াৰ বাবে মন্ত্রীগোটৰ এখন সমিতি গঠন কৰি দিয়া হয় মন্ত্রী অশোক সিংহলৰ অধ্যক্ষতাত৷ এহ সমিতিৰ প্রতিবেদনৰ ভিত্তিত ৰাজ্যৰ ২৪ লাখ মহিলাৰ ঋণ আদায়ৰ দায়িত্ব চৰকাৰে গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাহ আৰু কয় যে চৰকাৰে যদিহে এহ ঋণৰ ধন পোনপটীয়াকৈ বেংকসমূহক দি দিলেহেঁতেন, তেনেহ’লে এহসকল মহিলাহ ভৱিষ্যতে বেংকৰ নিয়ম অনুসৰি আৰু ঋণ লাভ কৰিব নোৱাৰিব৷ প্রথম অৱস্থাত ঋণ আদায় দিব নোৱাৰাসকলৰ ঋণহে আদায় দিয়াৰ কথা ভবা হৈছিল যদিও পাছত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাসকলক উদগনিমূলকভাৱে এহদৰে চেক দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে লগতে কয় যে যিমান পৰিমাণৰ ঋণ ল’লে পৰিশোধ কৰিব পাৰি, সিমান পৰিমাণৰ ঋণহে ল’ব লাগে৷ তদুপৰি ঋণ লৈ টিভি, ৰেফ্রিজাৰেটৰ আদি ক্রয় কৰিব নালাগে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে সেয়া মূলধনেৰে নহয়, লাভৰ ধনেৰে ক্রয় কৰক৷ চৰকাৰে দিয়া এহ সুবিধা সদায় নাথাকিবও পাৰে বুলিও তেওঁ ভাষণত উল্লেখ কৰি কয় যে ভোটৰ বাবে এহ কার্য কৰা হোৱা নাহ৷ বহু পুত্রহ মাকক পাহৰে বা স্বামীয়ে পত্নীক মাৰধৰ কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে লগতে কয়– ময়ো মাৰ গর্ভৰ পৰাহ জন্ম লৈছোঁ৷ মহ ৰাজ্যৰ সকলো মহিলাকে মাতৃ জ্ঞান কৰোঁ আৰু তেওঁলোকৰ দুখ সহ্য কৰিব নোৱাৰোঁ৷ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকাসকলক সর্বাধিক ২৫ হাজাৰ টকা আদায় দিয়া হ’ব বুলি প্রকাশ কৰি তেওঁ ভাষণত উল্লেখ কৰে যে শোণিতপুৰত এনে হিতাধিকাৰীৰ সংখ্যা ৫৯ হাজাৰ ৪৫৮গৰাকী আৰু এহসকলে ১৬–২৫ হাজাৰ টকাৰ চেক লাভ কৰিব৷ এই চেক হতিমধ্যেই শোণিতপুৰৰ উপায়ুক্তৰ কার্যালয়ত জমা দিয়াৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে এহ চেক বিতৰণৰ নামত মহিলাসকলৰ পৰা যদি কোনোবাহ এটকা বা তামোল এখনো খাব খোজে, তেনেহ’লে তেনে লোক কাৰাগাৰৰ আলহী হ’ব লাগিব বুলি সতর্ক কৰি দিয়ে৷নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা ৰাজ্যৰ ১১ লাখ মহিলাহ অহা ৩১ মার্চৰ ভিতৰত চেক লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে লগতে কয় যে ঋণ অনাদায় হৈ থকাসকলৰ বাবে জানুৱাৰীত এক প’র্টেলৰ যোগে আবেদনৰ ব্যৱস্থা কৰা হ’ব আৰু এহ আবেদনৰ ভিত্তিত নিয়ম অনুসৰি তেওঁলোকৰ ঋণৰ ধন চৰকাৰে পোনপটীয়াকৈ বেংকক পৰিশোধ কৰিব আৰু হয়াৰ বিপৰীতে ঋণ পৰিশোধৰ প্রমাণ–পত্র মহিলাসকলক বিতৰণ কৰা হ’ব৷ ছয় মহাৰ ভিতৰত ৰাজ্যৰ ২৪ লাখ ঋণগ্রস্ত মহিলাহ চৰকাৰৰ ঋণ পৰিশোধৰ সুবিধা লাভ কৰিব বুলিও কয় মুখ্যমন্ত্রীয়ে৷ এহ সমগ্র প্রক্রিয়াটোত চৰকাৰৰ আঠ–ন হাজাৰ কোটি টকা ব্যয় হ’ব বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰে৷

ইপিনে মুখ্যমন্ত্রীয়ে সভাত বেংকসমূহকো ৰিজার্ভ বেংকৰ গাইডলাহন অনুসৰিহে ঋণ প্রদান কৰিবলৈ আহ্বান জনায়৷ ইপিনে মুখ্যমন্ত্রীয়ে ভাষণতে ঘোষণা কৰে যে নির্বাচনী প্রতিশ্রুতি অনুসৰি শীঘ্রেহ ৰাজ্যত এক লাখ নিবনুৱাক চৰকাৰী নিযুক্তি দিয়া হ’ব আৰু অৰুণোদয় আঁচনিৰো সম্প্রৰসাৰণ কৰা হ’ব৷ তেওঁ কয় যে চৰকাৰে বর্তমান ঋণ পৰিশোধৰ লগতে এহ তিনিটা প্রতিশ্রুতি পালন কৰিবলৈ লৈছে৷ ইতিমধ্যে ৰাজ্যত তিনি হাজাৰ নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে অহা ১০ মে’ৰ ভিতৰত ১৬ হাজাৰক আৰক্ষীত আৰু ২২ হাজাৰক শিক্ষা বিভাগত নিযুক্তি দিয়া হ’ব৷ চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুর্থবর্গৰ নিযুক্তিও এহ সময়ৰ ভিতৰত কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্রী ড০ শর্মাহ৷ তেওঁ লগতে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰা ধনৰ পৰিমাণ প্রতিবছৰে বৃদ্ধি পাব বুলিও ঘোষণা কৰাৰ লগতে প্রতিটো বিধানসভা সমষ্টিত পাঁচ হাজাৰকৈ হিতাধিকাৰী নতুনকৈ বঢ়োৱা হ’ব বুলি প্রকাশ কৰে৷ অৰুণোদয় আঁচনিৰ অধীনত প্রতিঘৰকে সামৰি লোৱাৰ পৰিকল্পনা কৰা বুলিও তেওঁ ভাষণত কয়৷ আনহাতে, তেজপুৰৰ মিছন চাৰিআলি পর্যন্ত থকা ৰে’ললাহন উঠাহ দিয়া বাবে উত্তৰ–পূব ৰে’লৱেৰ লগত আলোচনা চলি আছে আৰু হয়াৰ মীমাংসা হ’লেহ হয়াত পথ বহলোৱা হ’ব বুলি কয় মুখ্যমন্ত্রীয়ে৷ তদুপৰি, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা আৰু নটসূর্য ফণী শর্মাৰ স্মৃতি যুগমীয়া কৰাৰ লগতে তেওঁলোকৰ সমাধিক্ষেত্র ৰাজ্যৰ সবাতোকৈ সুন্দৰভাৱে গঢ়ি তোলাৰ পৰিকল্পনা চৰকাৰে গ্রহণ কৰা বুলিও মুখ্যমন্ত্রীজনে ভাষণত সদৰী কৰে৷

আনহাতে, ক’ভিড নিঃশেষ হোৱা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাহ কয় যে বর্তমান ক’ভিডৰ সংক্রমণ কমিলেও দৈনিক চাৰি–পাঁচজন মানুহৰ মৃত্যু ঘটি আছে৷ শেহতীয়াকৈ দক্ষিণ আফ্রিকাত ক’ভিডৰ নতুন প্রজাতিৰ বীজাণু আৱিষ্কাৰৰ কথা দোহাৰি তেওঁ কাৰো কথা নুশুনি দুয়োপালি প্রতিষেধক গ্রহণৰ বাবে আহ্বান জনাহ কয় যে ক’ভিড এক সামাজিক সমস্যা আৰু কোনোবা এজন ক’ভিডত আক্রান্ত হোৱা মানে ১৮ বছৰৰ তলৰসকলৰ বাবে অধিক বিপজ্জনক হৈ উঠিব৷ যিহেতু ১৮ বছৰৰ তলৰসকলৰ বাবে ক’ভিড প্রতিৰোধী ভেকচিন ওলোৱা নাহ৷ এহবাৰ ক’ভিড পূর্বৰ দৰে সংক্রমিত হ’লে ৰাজ্যহ সহ্য কৰিব নোৱাৰিব বুলিও তেওঁ সতর্ক কৰি দি কয় যে ক’ভিডে আটাহতকৈ দৰিদ্র লোকৰ ক্ষতি কৰি জীৱন আৰু জীৱিকাৰ পথ ৰুদ্ধ কৰে৷আনহাতে, পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাহ কয়– বৰাকৰ মানুহ বিজেপিৰ লগতে আছে, বৰাকৰ মানুহ আমাৰ লগত আৰু মোৰ লগত আছে৷ বৰাকত বাংলা ভাষা চৰকাৰী কার্যালয়ত কাম কৰোঁতে প্রযোজ্য৷ এহটো বহু দিনৰ আগতে অসম বিধানসভাত গৃহীত হৈ আছে৷ তেওঁ লগতে কয়– এহটো ক’তো লিখা নাহ যে ভাৰতবর্ষৰ কোনোবাহ অন্য ভাষা ব্যৱহাৰ কৰিব নোৱাৰিব৷ যিদৰে ধাবাসমূহত চিনাকি হোৱা বাবে পাঞ্জাবী, গুজৰাটী, বাঙালী লোকে নিজ নিজ ভাষাতে ধাবাৰ নাম লিখে৷ ওড়িশাতো অসমীয়া–বাংলা ভাষাত দোকানৰ নাম আৰু সামগ্রীৰ তালিকা লিখে৷ সেইবুলি ওড়িশাৰ বাসিন্দাসকলে সেহ ভাষাৰ বেনাৰ–হর্ডিং ভাঙি পেলাব নেকি বুলি প্রশ্ণ কৰে মুখ্যমন্ত্রী ড০ শর্মাহ৷ বৰাকৰ ঘটনা সন্দর্ভত মন্তব্য কৰি তেওঁ লগতে কয়– এহটো এটা ৰাজনৈতিক ষডযন্ত্র আছিল হিন্দুসকলক দুভাগ কৰাৰ বাবে৷ যিসকলে এহ কাম কৰিছে, আমি ৰাজনৈতিকভাৱে তেওঁলোকৰ স’তে মোকাবিলা কৰিম আৰু হিন্দুসকলক দুভাগ–তিনিভাগ কৰা আমি সহ্য নকৰিম৷ মমতা বেনার্জীৰ নাম উল্লেখ নকৰাকৈ তেওঁ কয় যে বাঙালীসকলক অসমত যি সহায় কৰিব লাগিব সেয়া আমি কৰিব লাগিব, অসমৰ মানুহে কৰিব লাগিব৷ অসমীয়া–বাঙালীৰ মাজত কাজিয়া নলগালেহে সহায় কৰিব বুলি কয়৷ তেওঁ আৰু কয়– বৰাকৰ মানুহে অসমৰ বিভিন্ন স্থানত শিক্ষা–চাকৰি গ্রহণ কৰিছে৷ হয়াৰ প্রতিক্রিয়া সমগ্র অসমতে হ’ব৷ আজি প্রদীপ দত্ত ৰয়ে আটাহতকৈ অন্যায় কৰিব খুজিছে বৰাক উপত্যকাৰ মানুহখিনিক আৰু ক্ষতি কৰিব খুজিছে ব্রহ্মপুত্র উপত্যকাৰ বাঙালী মানুহখিনিক৷ সাংবাদিকৰ আন এক প্রশ্ণৰ উত্তৰত তেওঁ কয় যে ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষা অসমীয়া আৰু বডো দুয়োটা ভাষাতে দিব পাৰিব৷ ৰাজ্যৰ বাবে অহা ২০ বছৰ টার্নিং পহণ্ট হ’ব বুলিও কয় মুখ্যমন্ত্রীজনে৷ তেওঁ কয় যে অসমত ড্রাগ্ছ নাথাকিব আৰু বহু বেয়া কাম নিজে নিজে বন্ধ হৈ যাব৷ তাৰ লগে লগে অসমৰ বিকাশে গতি লাভ কৰিব৷ মুখ্যমন্ত্রীজনে সোণাহ ৰূপাহ অভয়াৰণ্যৰ বেদখলৰ সম্ভাৱনা নাকচ কৰি কয় যে ৰাজ্যৰ জনজাতিসকলক উচ্ছেদ কৰাটো সহজসাধ্য নহয়৷ তেওঁ লগতে কয় যে জনজাতিসকলৰে হয়াত ভূমিৰ অধিকাৰ সর্বাধিক৷ হতিমধ্যে কোকৰাঝাৰত এনে ক্ষেত্রত এক বুজাবুজি কৰা হৈছে আৰু আন স্থানতো এনেদৰে বুজাবুজিৰ মাজৰে বিষয়টোৰ মীমাংসা কৰা হ’ব৷ যিসকলে বেদখলেৰে ৰাজ্যৰ ক্ষতি কৰিছে তেওঁলোকক উচ্ছেদ কৰা হৈছে বুলি উল্লেখ কৰি জনজাতিসকলৰ ভূমিতহে দাস, কলিতা, শহকীয়া আদিসকল আছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ আনহাতে অসমৰ শান্তি–সম্প্রীতি ভংগ কৰিব খোজাসকলৰ বিৰুদ্ধে প্রয়োজন হ’লে অধিক কঠোৰ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে নিজকে এজন হিন্দু বুলি গৌৰৱ কৰাৰ কথা দোহাৰি হতিমধ্যে প্রদীপ দত্ত ৰয়ৰ দৰে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা বুলিও উল্লেখ কৰে৷ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সমালোচনাৰ প্রত্যুত্তৰত তেওঁ কয়– লুৰিণজ্যোতিৰ ধর্ম কি মহ নাজানো৷ কিন্তু মহ এজন গৌৰৱী হিন্দু হৈ হিন্দুৰ ওচৰত আত্মসমর্পণৰ প্রশ্ণহ নাহে৷

You might also like