নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শৰ্মা, সোণোৱাল অবিহনে অসমত বিজেপিৰ চৰকাৰ নহ’লহেঁতেন : ৰঞ্জিত কুমাৰ দাস

🔹 পাঠশালাত বিজেপিৰ সদস্য ভৰ্তি অভিযান

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : “ভাৰতীয় জনতা পাৰ্টীত যদি ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল নাহিলেহেঁতেন, তেনেহ’লে অসমত কেতিয়াও বিজেপিৰ চৰকাৰ নহ’লহেঁতেন৷ সেই সময়ত যিহেতু মই ৰাজ্যিক বিজেপিৰ সভাপতি আছিলোঁ, গতিকে এই কথাটো স্বীকাৰ কৰিবই লাগিব।”- এই মন্তব্য অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ৷ উল্লেখ্য যে আজি বজালী জিলা সদৰ পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক, প্রাক্তন সাংসদ তথা বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ ৰাজ্যিক তত্ত্বাৱধায়ক পল্লৱ লোচন দাসৰ উপস্থিতিত এক যোগদান সমাৰোহ অনুষ্ঠিত হয়৷ বজালী বিজেপিৰ কাৰ্যকৰ্তা ৰাজীৱ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু সঞ্জীৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত মন্ত্ৰী দাসে ভাষণত ভাৰতীয় জনতা পাৰ্টীক সাগৰৰ তলৰ ঢৌ আখ্যা দি কয় যে কংগ্ৰেছ হৈছে সাগৰৰ উপৰৰ ঢৌহে৷ কংগ্ৰেছৰ ঢৌ নিমিষতে আহে আৰু নিমিষতে মাৰ যায় বুলি মন্তব্য কৰি তেওঁ কয় যে বিজেপিৰ ঢৌ হৈছে নিৰৱচ্ছিন্ন, যি ঢৌ মানুহে সাধাৰণ দৃষ্টিত দেখা নাপায়৷ যাৰ পৰিপ্ৰেক্ষিতত কোনোবাই বিজেপিলৈ এবাৰ আহিলে তেওঁ আৰু কেতিয়াও গুচি নাযায়৷ আনহাতে, তৃণমূল কংগ্ৰেছৰ সদ্যত্যাগী নেতা ৰিপুণ বৰা সন্দৰ্ভত মন্তব্য কৰি বৰাক আয়াৰাম গয়াৰাম আখ্যা দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ বিজেপিৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে তেওঁ। বিজেপিৰ প্ৰতি আকৃষ্ট হৈ আজি সদস্য ভৰ্তি সভাত নিৰপেক্ষ, গাঁৱৰ, চহৰৰ, নগৰৰ নেতৃত্ব দিব পৰা বিশিষ্ট লোকসকল আহিছে বুলি ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰে৷ এই সদস্য ভৰ্তি অনুষ্ঠানত উপস্থিত থাকি বিজেপিৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে সাংবাদিকে গৌৰৱ গগৈ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কয় যে গৌৰৱ গগৈয়ে কি কৈছে, সেইটো তেওঁৰ কথা। যিকোনো ৰাজনীতিবিদে নিজৰ দলৰ গুণগান কৰাটো স্বাভাৱিক বুলি মন্তব্য কৰি কয় যে গৌৰৱ গগৈয়েও নিজৰ দলৰ গুণ গাবই৷ কিন্তু চৰকাৰ ৰাইজৰ মতেহে হ’ব, গৌৰৱ গগৈৰ মতে নহয়৷ আনহাতে, সম্প্ৰতি ৰাজ্যত বিশেষভাৱে চৰ্চা হৈ থকা শ্বেয়াৰ বজাৰত বিনিয়োগৰ নামত বহু হাজাৰ কোটি টকাৰ মানী ট্ৰেডিং সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে মানী ট্ৰেডিঙৰ লগত কোন জড়িত আছে, সেয়া নিশ্চয়কৈ তদন্তত ওলাব। দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি চৰকাৰ সদায় শূন্য সহনশীল বুলি মন্তব্য কৰি তেওঁ কয় যে এই বিষয়টোত যদি বিজেপিৰ কোনোবা নেতা-কৰ্মী জড়িত আছে সেয়াও সময়ত স্পষ্ট হ’ব৷ উল্লেখ্য যে আজি বিজেপিৰ এই সদস্য ভৰ্তি অনুষ্ঠানত ছয় শতাধিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য পদ গ্ৰহণ কৰে।

প্ৰেৰক কল্যাণ কলিতা

You might also like