🔹 পহিলা ব’হাগত বৰপেটা সত্রৰ বর্ষফল গণনা
বিশেষ বাৰ্তা, ১৭ এপ্রিল : ২০২৬ চনৰ নৱেম্বৰলৈকে অতি শুভ দশা চলি থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ শুক্রৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো তেওঁৰ বাবে সর্বশ্রেষ্ঠ৷ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্রী হোৱাৰ যোগ আছে ড০ হিমন্ত বিশ্ব শর্মাৰ৷ – এই ভৱিষ্যদ্বাণী প্রকাশ পাইছে বৰপেটা সত্রৰ বর্ষফল গণনাত৷ উল্লেখ্য যে পৰম্পৰা অনুসাৰে পহিলা ব’হাগৰ পুৱা ঐতিহ্যমণ্ডিত বৰপেটা সত্রত বর্ষফল গণনা কৰা হয়৷ বর্ষফল গণনা কৰি সত্রৰ দৈৱজ্ঞ ত্রিদীপ দেৱশর্মা দলৈয়ে কয় যে ২৯ ব’হাগৰ পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ একাদশত গুৰুই অৱস্থান কৰিব৷ ফলত এই বছৰটোত মুখ্যমন্ত্রীৰ বাবে উত্তম দশা চলি থাকিব৷ শত্রুই কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্রীৰ৷ জনসাধাৰণৰ পৰা সন্মান আৰু প্রীতি লাভ কৰিব মুখ্যমন্ত্রীয়ে৷ দান ধর্ম শ্রেষ্ঠ৷ দান আৰু ধার্মিকতাৰ বাবে তেওঁৰ শত্রু দমন হ’ব৷ অবশ্যে ১৪ আহাৰৰ পৰা ৰাহু আৰু কেতু সঞ্চাৰ হোৱাৰ ফলত ৰাজনৈতিক ক্ষেত্রত মুখ্যমন্ত্রী সাৱধান হোৱা ভাল৷ নিজৰ ভুলত কেতিয়াবা কার্য নষ্ট হ’ব পাৰে৷ কথা কওঁতে সাৱধান হ’ব লাগিব মুখ্যমন্ত্রী৷ দেহৰ যত্ন ল’ব লাগিব মুখ্যমন্ত্রীয়ে৷ আনহাতে, কংগ্রেছ দলৰ বাবে বহু বছৰলৈ শুভ কাৰক দেখা দিয়া নাই৷ আনকি সদৌ অসম ছাত্র সন্থাৰ বাবেও এই বছৰটো শুভকাৰক নহয়৷ অকল ছাত্র সন্থাই নহয়, আন সংগঠনসমূহৰো বছৰটো শুভ কাৰক নহয়৷ সংগঠনসমূহে ভাবি–চিন্তি কাম কৰাটো মংগল৷ দৈৱজ্ঞ শর্মা দলৈয়ে বর্ষফল গণনাত সদৰী কৰা মতে, অসমৰ লগতে ভাৰতবর্ষতো এই বছৰ ভূমিকম্প, শিলাবৃষ্টি আৰু ঘূর্ণি বতাহৰ প্রকোপ বৃদ্ধি হ’ব৷ আনহাতে, ৰাজ্যখনৰ বাবে এই বর্ষটো মিশ্রিত ফলদায়ক৷ শিক্ষা, সাহিত্য সংস্কৃতিৰ ক্ষেত্রত অসমৰ উন্নতিৰ লগতে ব্যৱসায়–বাণিজ্য, কৃষি, আমদানি আৰু ৰপ্তানিৰ দিশত ৰাজ্য চৰকাৰ সফল হোৱাৰ যোগ আছে৷ মুখ্যমন্ত্রীৰ শুভ দশাৰ ফলতে ৰাজ্যখনত ব্যৱসায়, বাণিজ্য, কৃষিৰ উন্নতিৰ লগতে আমদানি–ৰপ্তানিৰ দিশত চৰকাৰৰ সফলতাৰ যোগ আছে৷ শিক্ষা, সাহিত্য-সংস্কৃতিৰ ক্ষেত্রতো উন্নতিৰ কাৰকতা আছে৷ ইপিনে, ২৭ মে’লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাবে শুভ কাৰক নহয় আৰু প্রধানমন্ত্রীগৰাকীৰ শাৰীৰিক আৰু মানসিক কষ্ট আছে বুলিও বর্ষফল গণনাত উল্লেখ কৰা হয়৷ চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ স’তে যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈ থাকিব পাৰে৷ উল্লেখ্য যে অসমীয়া নৱবর্ষৰ পহিলা ব’হাগৰ দিনা পুৱা বৰপেটা সত্রৰ নিত্য–নৈমিত্তিক প্রসংগৰ পিছত বৰপেটা সত্রত বর্ষফল গণনা কৰা হয়৷ পৰম্পৰাগতভাৱে বহু বছৰ ধৰি চলি অহা এই বর্ষফল গণনা প্রথমে সত্রৰ গুৰু আসনৰ পিছফালে কৰা হয়৷ ইয়াৰ পিছত ক্রমে মঠৰ চোতালত আৰু শেষত আইসকলৰ কাথিত গণনা কৰা হয়৷ বর্ষফল গণনা শুনিবলৈ বৰপেটা সত্রত অগণন ভকত–আইৰ সমাগম ঘটে৷ বর্ষফল গণনাক বৰপেটাত বিহু গণনা বুলিও কোৱা হয়৷