নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰাক আদৰণি সদৌ অসম ছাত্ৰ সন্থাৰ

বিশেষ বাৰ্তা, ১২ জুলাইঃ ভাৰতীয় নির্বাচন আয়োগে প্রকাশ কৰা খচৰাক লৈ অৱশেষত নিজৰ স্থিতি সদৰী কৰিলে সদৌ অসম ছাত্র সন্থা (আছু)ই৷ ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নির্ধাৰণ কৰি যোৱা ২০ জুনত প্রকাশ পোৱা খচৰাখনক আদৰণি জনাইছে। লগতে আছুৰ তৰফৰ পৰা কেতবোৰ সংশোধনীৰ প্রস্তাৱ দিছে৷ ভাৰতৰ নির্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নির্ধাৰণ কৰা প্রক্রিয়াক আদৰণি জনাইছে৷ এয়া নির্বাচনী আয়োগৰ ইতিবাচক আৰম্ভ৷ কিন্তু খচৰাখনত কিছু সংশোধনীৰ প্রয়োজন আছে৷ প্রয়োজনীয় সংশোধনৰ ব্যৱস্থা গ্রহণেৰে অসমত খিলঞ্জীয়া মানুহৰ প্রভুত্ব থকাকৈ আৰু সর্বকালৰ বাবে খিলঞ্জীয়া লোকৰ হাতত নির্ণায়ক অধিকাৰ থকাকৈ নির্বাচন আয়োগে এই প্রক্রিয়া ইতিবাচকভাৱে সম্পূর্ণ কৰিব বুলি তেওঁলোক আশাবাদী৷ বিশেষকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্রকাশ কৰে আছু নেতৃত্বই। আছুৰ উপদেষ্টা ড০ ভট্টাচার্যই কয় ‘খচৰাখনেৰে নির্বাচন আয়োগে ইতিবাচকভাৱে আৰম্ভণি কৰিছে৷ কোকৰাঝাৰ আৰু ডিফু সমষ্টিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে৷ বিটিআৰ আৰু পশ্চিম কার্বি আংলঙত এখনকৈ আসনৰ সংখ্যা বৃদ্ধি পাইছে৷ তদুপৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসন বৃদ্ধি কৰা হৈছে৷ ধেমাজি জিলা, লখিমপুৰ জিলা আৰু তিনিচুকীয়া জিলাত একোটাকৈ সমষ্টি বৃদ্ধি হোৱাটো যোগাত্মক সিদ্ধান্ত৷’ অৱশ্যে সদৌ অসম ছাত্র সন্থাই ডিব্রুগড় জিলাৰ লাহোৱাল সমষ্টি আৰু শিৱসাগৰ আমগুৰি সমষ্টিক বিলুপ্তিকৰণৰ বিৰোধিতা কৰে৷ এই প্রসংগত ড০ ভট্টাচার্যই কয় যে নামনি আৰু মধ্য অসমত জনবিন্যাস সলনিয়ে প্রভাৱ নেপেলোৱা কেতবোৰ সমষ্টিৰ সীমা নির্ধাৰণত সেই অঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ আয়োগে সেই বিষয়সমূহ বিবেচনা কৰিব লাগে৷ চৰকাৰে খিলঞ্জীয়া মুছলমান বুলি স্বীকৃতি দিয়া দেশী, গৰিয়া, মৰিয়া, জলহা আৰু ছৈয়দসকলৰ মাজতো সমষ্টি নির্ধাৰণক লৈ কিছু অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ তেওঁলোকৰ অসন্তুষ্টিসমূহ নিৰাময়ৰ ব্যৱস্থা কৰিব লাগে৷ আনহাতে অসমৰ ঐতিহ্যমণ্ডিত অঞ্চলসমূহৰ সমষ্টিৰ নাম সালসলনি কৰিব নালাগে বুলি উল্লেখ কৰি ড০ ভট্টাচার্যই পুনৰ কয় যে ঐতিহ্যমণ্ডিত জনীয়া সত্রৰ নামৰ আধাৰত জনীয়া সমষ্টিৰ নাম ৰখা হৈছে৷ সেয়েহে পূর্বৰ একে নাম ৰাখি ইয়াক বৰপেটা লোকসভা সমষ্টিৰ অধীনত ৰখাটো উচিত৷ একেদৰে হাজোৰ দিহিনা সত্রৰ এলেকা হাজো সমষ্টিত ৰাখিব লাগে৷ সমগ্র অসমত এনে ঐতিহ্যমণ্ডিত অঞ্চলৰ ঐতিহ্য অটুট ৰাখিবলৈ ছাত্র সন্থাই আয়োগক আহ্বান জনাইছে৷ আনহাতে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টিসমূহৰ সীমা পুনৰ নির্ধাৰণ কৰা প্রক্রিয়াও আছুৱে কিয় আদৰণি জনাইছে বুলি একাংশ লোকে উত্থাপন কৰা প্রশ্ন সন্দর্ভত তেওঁ কয় ‘ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নির্ধাৰণ আছুৱে ২০২৩ চনত বিচৰা নাই৷ অসম আন্দোলনৰ পাছত স্বাক্ষৰিত অসম চুক্তিৰ ৬ নং দফাৰ ভিত্তিত কিদৰে খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰিব লাগে তাৰ বিষয়ে ১৯৮৬ চনতে কেন্দ্রক কেতবোৰ পৰামর্শাৱলী পেচ কৰা হৈছিল৷ সেই পৰামর্শাৱলীৰ ভিতৰত এটা উল্লেখনীয় দাবী আছিল ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নির্ধাৰণ প্রক্রিয়া৷ এয়া আছুৰ এক দূৰদর্শী সিদ্ধান্ত আছিল৷ সেই সময়ত পুনৰ নির্ধাৰণ প্রক্রিয়া কৰা হ’লে ১৯৯১ চনৰ ভিত্তিত কৰিব লাগিলেহেঁতেন৷ কিন্তু চৰকাৰে নকৰিলে৷ আছুৱেও বিষয়টো এৰি নিদিলে৷ ‘কা’ আন্দোলনৰ সময়ত পুনৰ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় কমিটী গঠন কৰা হ’ল৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ বি কে শর্মাৰ নেতৃত্বত গঠন কৰা কমিটীয়ে কেতবোৰ পৰামর্শ প্রদান কৰিলে৷ এই পৰামর্শাৱলীৰ ভিতৰতো ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নির্ধাৰণ কৰাটো এটা উল্লেখনীয় দাবী আছিল৷ ২০২২ চনৰ ২৭ ডিচেম্বৰত আয়োগে ঘোষণা কৰিলে যে ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ পুনৰ নির্ধাৰণ কৰা হ’ব৷ উচ্চস্তৰীয় কমিটীৰ পৰামর্শৰ এটা দাবীক অন্ততঃ মানি ল’লে৷ ১৯৮৬ চনৰ পৰা আছুৱে এই দাবী কৰি আহিছে৷ এতিয়া ২০০১ চনৰ ভিত্তিত সমষ্টি পুনৰ নির্ধাৰণৰ প্রক্রিয়াক আমি আদৰণি জনাইছো৷ ভাৰতৰ আন ৰাজ্যৰ পৰিস্থিতি আৰু অসমৰ পৰিস্থিতিৰ মাজত যথেষ্ট পার্থক্য আছে৷ সেয়েহে আন ৰাজ্যসমূহৰ তুলনাত অসমৰ সমষ্টি নির্ধাৰণৰ প্রক্রিয়াও সুকীয়া হ’ব লাগিব৷’ অৱশ্যে ২০২৬ চনৰ পাছত ৰাজ্যত পুনৰ সমষ্টিৰ সীমা নির্ধাৰণ কৰা প্রক্রিয়া আৰম্ভ কৰিলে সেয়া ১৯৯১ চনৰ লোকপিয়লৰ ভিত্তিত কৰিব লাগিব বুলিও তেওঁ দাবী উত্থাপন কৰে৷ তেওঁ কয় যে সমষ্টি পুনৰ নির্ধাৰণৰ ক্ষেত্রত আয়োগে এটা কথা সদায় নজৰত ৰাখিব লাগিব যাতে খিলঞ্জীয়াৰ ৰাজনৈতিক প্রভুত্ব সদায় অব্যাহত থাকে৷ তদুপৰি খিলঞ্জীয়াই ৰাজনৈতিক নির্ণায়কৰ ভূমিকা গ্রহণ কৰিব পৰাকৈ সমষ্টি পুনৰ নির্ধাৰণ হ’ব লাগিব৷ এই প্রক্রিয়া সম্পন্ন কৰোতে জনবিন্যাসৰ ওপৰত চকু ৰাখিব বুলি উল্লেখ কৰি ড০ ভট্টাচার্যই কয় যে যিবোৰ জিলাত জনবিন্যাসৰ ওপৰত প্রভাৱ পৰা নাই সেই জিলাসমূহৰ ভিতৰতে সমষ্টি নির্ধাৰণ কৰক৷ নামনি আৰু মধ্য অসমত এনে কিছু এনে কিছু সমষ্টি আছে যিসমূহ সমষ্টিত জনবিন্যাসৰ সলনি কোনো প্রভাৱ পেলাব পৰা নাই৷ এই সমষ্টিসমূহৰ লোকসকলৰ আপত্তিসমূহ ইতিবাচকভাৱে বিবেচনা কৰিব লাগে৷ বি কে শর্মা আয়োগৰ এটা দফা নহয়, প্রতিটো দফাই চৰকাৰে কার্যকৰী কৰিব লাগিব৷ সংবাদমেলত উপস্থিত থকা আছুৰ ভাৰপ্রাপ্ত সভাপতি উৎপল শর্মাই কয় যে ছাত্র সন্থাই ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নির্ধাৰণৰ প্রক্রিয়াক স্পষ্টভাৱে আদৰণি জনাইছে৷ অসমৰ সমষ্টি পুনৰ নির্ধাৰণৰ বিষয়টো ভাৰতবর্ষৰ আন ৰাজ্যতকৈ পৃথক৷ কাৰণ অবৈধ বিদেশী নাগৰিকৰ অবাধ প্রব্রজনে অসমীয়া খিলঞ্জীয়া লোকৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ শর্মায়ো অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্রকাশ কৰিছে৷ তেওঁ কয় যে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা ৮টাৰ পৰা ৯টালৈ আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা ১৬টাৰ পৰা ১৯টালৈ বৃদ্ধি পাইছে৷ পাহাৰীয়া জিলা পশ্চিম কার্বি আংলঙত এখন আসন বৃদ্ধি কৰা হৈছে৷ লাহোৱাল আৰু আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ ছাত্র সন্থাই বিৰোধিতা কৰিছে৷ সমষ্টি দুটা বাহাল ৰাখিব লাগে৷ ২০২৬ চনৰ পাছত অসমত হ’বলগীয়া সমষ্টি পুনৰ নির্ধাৰণ, ১৯৮৫ চনত অসম চুক্তি সম্পাদন হোৱাৰ পাছৰ লোকপিয়ল ১৯৯১ চনৰ ভিত্তিত হোৱা উচিত৷ তেতিয়াহে অসম চুক্তিৰ ৬নং দফাই প্রদান কৰা সাংবিধানিক ৰক্ষাকৱচৰ প্রতিশ্রুতি সার্থক হ’ব৷ অসমৰ পৰৱর্তী সমষ্টি পুনৰ নির্ধাৰণৰ সময়ত অসমৰ খিলঞ্জীয়া মানুহৰ হাতত নির্ণায়ক অধিকাৰ থকা সমষ্টি কোনো কাৰণতে কমিব নালাগিব৷ অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সমষ্টিৰ সংখ্যা বৃদ্ধি কৰিব লাগিব৷ সংবাদমেলত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে সদ্য প্রকাশিত খচৰাত কিছু সালসলনিৰ প্রয়োজনীয়তা আছে৷ ডিব্রুগড়, তিনিচুকীয়াত আসনৰ সংখ্যা বাঢ়িছে৷ সেয়া আদৰণীয়৷ কিন্তু মটক জনগোষ্ঠী অধ্যুষিত লাহোৱালৰ দৰে সমষ্টি বিলুপ্তিকৰণত ছাত্র সন্থাৰ আপত্তি আছে৷ ডিব্রুগড়, চাবুৱা সমষ্টিত কেইবাটাও জনগোষ্ঠীৰ প্রভাৱ আছিল৷ কিন্তু শেহতীয়া সীমা নির্ধাৰণত চাবুৱা সমষ্টিৰ অন্তর্গত ৮টা পঞ্চায়তৰ প্রায় ৮৬ হাজাৰ ভোটাৰক মাকুমলৈ অনা হ’ল৷ এই ৮৬ হাজাৰ ভোট মাকুমলৈ স্থানান্তৰ কৰাৰ প্রয়োজনীয়তা নাছিল৷ ছাত্র সন্থাই ইয়াৰ শুধৰণিৰ প্রস্তাৱ আয়োগৰ ওচৰত দাখিল কৰিছে৷ একেদৰে টিংখাং সমষ্টিৰ বহু ভোটাৰক আন আন সমষ্টিলৈ স্থানান্তৰিত কৰা হৈছে৷ দুলীয়াজান সমষ্টিৰ দুটা পঞ্চায়ত চাবুৱালৈ কর্তন কৰা হৈছে৷ ৯ হাজাৰতকৈয়ো অধিক ভোট স্থানান্তৰ কৰা হ’ল৷ শিৱসাগৰৰ ডিমৌ নতুন সমষ্টি সৃষ্টি কৰা হ’ল যদিও ১৯৫১ চনতে গঠন কৰা আমগুৰি সমষ্টি বিলুপ্তি কৰা হ’ল৷ শিৱসাগৰ সমষ্টিৰ সীমাৰো সালসলনি কৰাৰ প্রয়োজনীয়তা আছে৷ উল্লখ্য যে খচখা সন্দর্ভত ওচৰ–আপত্তি আছুৱে কালি ৰাষ্ট্রীয় নির্বাচন আয়োগৰ ওচৰত লিখিতভাৱে দাখিল কৰিছে৷ আগন্তুক আয়োগৰ ভ্রমণৰ সময়তো আছুৰ স্থিতি পুনৰ অৱগত কৰিব বুলিও আজিৰ সংবাদমেলতে স্পষ্ট কৰে৷

You might also like