নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ আৰু অনুমোদন ক্রমে বজালী নির্বাচনী জিলাৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়৷ এই উদ্দেশ্যে আজি বিয়লি বজালী জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত বজালী জিলা নিৰ্বাচনী বিষয়া হিয়া মেধিয়ে এক সংবাদমেলৰ আয়োজন কৰি ফটোযুক্ত খচৰা ভোটাৰ তালিকা সম্পৰ্কে অৱগত কৰে। প্রকাশিত খচৰা ভোটাৰ তালিকা অনুযায়ী বজালী নিৰ্বাচনী জিলাৰ অধীনস্থ দুই বিধানসভা সমষ্টি ক্ৰমে ২১নং ভৱানীপুৰ-সৰভোগ সমষ্টি আৰু ২৬নং বজালী সমষ্টিৰ মুঠ ভোটদাতা হৈছে ৪,২৬,২৭৮গৰাকী৷ ইয়াৰে ২১নং ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ১,২১,৯১৮গৰাকী পুৰুষ আৰু ১,১৯,৭৪০গৰাকী মহিলা ভোটাৰেৰে মুঠ ভোটাৰৰ সংখ্যা ২,৪১,৬৫৮গৰাকী ভোটদাতা। আনহাতে ৯৪,৪৭৭গৰাকী পুৰুষ আৰু ১০,১৪৩গৰাকী মহিলা ভোটাৰেৰে ২৬নং বজালী সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা ১,৮৪,৬২০গৰাকী। ইপিনে ভোটাৰ তালিকাত ভোটাৰৰ নাম অন্তৰ্ভুক্তি, কৰ্তন, শুধৰণি আৰু স্থানাতৰিতকৰণৰ বাবে দাবী বা নিস্পত্তি থাকিলে সংশোধিত সূচী অনুসৰি নিৰ্দিষ্ট লোকজনে নিজৰ দাবী বা আপত্তি জনাব পাৰিব। এইক্ষেত্ৰত ভোটাৰসকলে নিজ নিজ অঞ্চলত থকা ভোট গ্ৰহণ কেন্দ্ৰ, অৰুণোদয় কেন্দ্ৰ বা অনলাইন পৰ্টেলত নিজৰ নিজৰ দাবী বা আপত্তি সাব্যস্ত কৰিব পাৰিব। আজিৰ পৰা ২০২৪ বৰ্ষৰ ৮ জানুৱাৰীলৈ এই সন্দৰ্ভত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব বুলি সংবাদমেল যোগে উল্লেখ কৰি ১৬ ডিচেম্বৰৰ পৰা আগন্তুক বৰ্ষৰ ২২ জানুৱাৰীলৈ ওজৰ-আপত্তি নিষ্পত্তি কৰা হ’ব বুলি নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ আনহাতে ২০২৪ বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব বুলি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দি কয় যে খচৰা ভোটাৰ তালিকা বজালী জিলা প্রশাসনৰ ৱেবচাইটৰ লগতে ERO/AERO, BLO, নির্বাচনী বিষয়া আৰু ৪৭৪টা ভোট গ্রহণ কেন্দ্রত উপলব্ধ হ’ব। সেয়েহে খচৰা ভোটাৰ তালিকা প্রত্যক্ষ কৰিবলৈ আৰু ভোটাধিকাৰ যোগ্য যুৱক-যুৱতীয়ে তেওঁলোকৰ নাম পঞ্জীয়ন কৰি নিৰ্বাচনী প্রক্রিযাত অংশগ্রহণ কৰিবলৈ আজিৰ সংবাদমেলযোগে অনুৰোধ জনায়৷
প্ৰেৰক কল্যাণ কলিতা