নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী সদৰ ডাকঘৰত বিভাগীয় চালকক মাৰপিট

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ধুবুৰী সদৰ ডাকঘৰত কৰ্মৰত এগৰাকী গাড়ী চালকক ডাকঘৰ চৌহদত বিভাগীয় বাহন পাৰ্কিং কৰাৰ সময়ত এজন লোকে প্ৰহাৰ কৰাৰ কৰাৰ অভিযোগ উঠিছে। এই মৰ্মে সদৰ ডাকঘৰটোৰ পোষ্টমাষ্টৰগৰাকীয়ে বিগত ২৩ আগষ্টৰ দিনা ধুবুৰী সদৰ থানাত লিখিত অভিযোগ দাখিল কৰা বুলিও জানিব পৰা গৈছে। উক্ত অভিযোগ পত্ৰখনত ধুবুৰীৰ সদৰ ডাকঘৰ চৌহদত বিভাগীয় এমএমএচ (Mail Motor Service) বাহন এখন পাৰ্কিং কৰাৰ সময়ত বাহনখনৰ চালক ৰজত আলীক ৰফিকুল হ’ক চৌধুৰী নামৰ লোক এগৰাকীয়ে প্ৰহাৰ কৰাৰ অভিযোগ কৰা হৈছে। পত্ৰখনত ডাকঘৰৰ চিচি কেমেৰাত মাৰপিটৰ সেই সমগ্ৰ ঘটনা লিপিবদ্ধ হোৱাৰ বিষয়টো উল্লেখ কৰি দোষীক আইন অনুসৰি শাস্তি দিয়াৰ বাবে আৰক্ষীৰ ওচৰত অনুৰোধ জনোৱা পোৱা গৈছে ডাকঘৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। উল্লেখ্য যে, বিগত ২৩ আগষ্টতেই দাখিল কৰা এই অভিযোগ সন্দৰ্ভে আৰক্ষীৰ অনুসন্ধান বৰ্তমানলৈ আৰম্ভ নোহোৱা বুলি ডাকঘৰটোৰ একাংশ কৰ্মচাৰীৰ মাজত বুবা আৰম্ভ হোৱা বুলি পোৱা গৈছে। আনকি ডাকঘৰটোৰ বিভাগীয় চালক ৰজত আলীক মাৰপিট কৰা বুলি অভিযোগৰ আঙুলি উঠা ৰফিকুল হ’ক চৌধুৰী নামৰ লোকগৰাকী কংগ্ৰেছী নেতা তথা দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ ভতিজা হোৱা বাবেই আৰক্ষীৰ তদন্ত থমকি গ’ল নেকি বুলিও কিন্তু এক প্ৰশ্ন উচ্চাৰিত হ’বলৈ লোৱা পোৱা গৈছে এতিয়া।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like