ধুবুৰীত মালবাহী বাহন-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত আহত চালক
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ আজি দুপৰীয়া পিনে ধুবুৰী চহৰৰ ব্যস্ততম গুৰু টেগ্ বাহাদুৰ পথত এখন মালবাহী বাহন আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত বাইক চালক গৰাকী গুৰুতৰ আহত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে চাৰিচকীয়া এচ-০১এনচি ৮০৬০ নম্বৰৰ চাৰিচকীয়া বাহনখনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ সময়ত এএছ- ১৭ ডি ১৪৪৬ নম্বৰৰ দূৰ্ঘটনাগ্ৰস্থ মটৰ চাইকেলখনত চালকৰ উপৰি আৰোহীৰূপে অইন দুজন লোকো আছিল। দূৰ্ঘটনাটোত গুৰুতৰ বাবে আহত হোৱা মটৰ চাইকেলখনৰ চালক গৰাকীক অঞ্চলটোৰ স্থানীয় ৰাইজৰ সহযোগত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়। ইপিনে, এই বাতৰি পঠিওৱালৈকে মটৰ চাইকেলখনৰ আৰোহী তিনি গৰাকীৰ নিশ্চিত পৰিচয় জানিব পৰা যোৱা নাই। ইতিমধ্যে, ঘটনাস্থলীত যান বাহন আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, দূৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্যাৱলী অঞ্চলটোৰ এটা চিচিটিভি কেমেৰাৰ লিপিবদ্ধ হোৱা বুলি প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী