নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ : আগন্তুক নৱবৰ্ষৰ সময়ছোৱা দুৰ্ঘটনাবিহীনভাৱে অতিক্ৰম কৰা তথা নিৰীহ ব্যক্তি যাতে কোনো কাৰণতেই দুৰ্ঘটনাত পতিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষকে ধৰি বিভিন্ন উৎসৱৰ সময়ছোৱাত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত বিগত দুটা বছৰ মাঘ বিহু, নৱবৰ্ষ আৰু শেহতীয়া দু পূজা দুৰ্ঘটনাশূন্যভাৱে পাৰ হৈছিল শিৱসাগৰত ৷ শেহতীয়াকৈ পুৰণিক বিদায় আৰু নতুনক আদৰাৰ ডিচেম্বৰ মাহৰ শেষৰ দিনকেইটাৰ লগতে জানুৱাৰী মাহটো যাতে দুৰ্ঘটনাশূন্যভাৱে পাৰ কৰিব পাৰি, তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, পৰিবহণ বিষয়ালৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ এই নিৰ্দেশনাৰ পিছতেই ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰ জিলাতো জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়ে বিশেষ তৎপৰতা অৱলম্বন কৰিছে ৷ কালি পুৱাৰে পৰা আৰম্ভ হোৱা অভিযানৰ অংশ হিচাপে সন্ধিয়াৰ পৰা জিলা পৰিবহণ বিষয়া অংগীকাৰ বৰগোহাঁইৰ নেতৃত্বত এনফৰ্চমেন্ট বিভাগৰ এটা বৃহত দলে নগৰৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভটীয়াপাৰত পুৱতি নিশা পৰ্য্যন্ত তীব্ৰ অভিযান চলায় ৷ ইফালে, পৰিবহণ বিভাগৰ অভিযানকাৰী দলৰ সৈতে নিশা জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ লগতে অতিৰিক্ত আয়ুক্ত শুভ্ৰজিত খাউণ্ডেও এই অভিযানৰ তদাৰক কৰে ৷ সন্ধিয়া প্ৰায় ছয় বজাৰ পৰা পুৱতি নিশা চাৰি মান বজালৈকে জেষ্ঠ এনফৰ্চমেন্ট পৰিদৰ্শক পিনাকী দত্তৰ নেতৃত্বত ক্ৰমে খ্ৰীষ্ট্ৰফাৰ নাইডু, পলাশজ্যোতি হাজৰিকা, দ্বীপেন বৰুৱা, দিগন্ত গায়ন, নৱজ্যোতি শইকীয়া, দুষ্যন্ত মাধৱ বৰুৱা, দ্বীপ দত্ত, কল্যাণ দাস, বিজুমণি দুৱৰা, মাধৱ নেওগ আৰু টেপুৰাম বৰা নেতৃত্বাধীন মুঠ তিনিটা পৃথক পৃথক দলে চলোৱা অভিযান কালত মুঠ সাতগৰাকী সুৰাপায়ী চালক ধৰা পৰে ৷ ব্ৰেথ এনালাইজাৰৰ জৰিয়তে চিনাক্ত হোৱা সাতোগৰাকী চালকৰে অনুজ্ঞা-পত্ৰ ঠাইতে বাতিল কৰাৰ লগতে দহ হাজাৰকৈ টকা জৰিমনা বিহা হয় ৷ একে সময়তে অনুজ্ঞা-পত্ৰবিহীনভাৱে বাহন চলোৱা দুজন ব্যক্তিৰ পৰা চলাই অহা বাহন জব্দ কৰি জৰিমনা বিহা হয় ৷ ইফালে, আজি দ্বিতীয় দিনাও পৰিবহণ বিষয়াগৰাকীৰ নেতৃত্বত এনফৰ্চমেন্ট শাখাৰ দলটোৱে তিনিটা পৃথক গোটত বিভক্ত হৈ এই বাতৰি প্ৰেৰণ কৰা পৰ্য্যন্ত জাঁজী দলঙৰ সমীপত, নাজিৰা আৰু ডিমৌ অঞ্চলত তীব্ৰ অভিযান চলাই থকাৰ বাতৰি পোৱা গৈছে ৷ উল্লেখ্য যে চলিত ডিচেম্বৰ মাহটোতেই শিৱসাগৰ পৰিবহণ বিভাগৰ এনফৰ্চমেন্ট শাখাই সুৰাপান কৰি বাহন চলোৱা, যান-বাহন আইন ভংগ কৰা, অতিৰিক্ত বোজাই বহন কৰা, কৰফাঁকি দি অহা বহুসংখ্যক বাহন জব্দ কৰাৰ লগতে অভিলেখসংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
প্ৰেৰক আশ্ৰফুৰ ৰহমান