নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰৰ সত্ৰকনৰাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ সহযোগত আৰু সত্ৰকনৰা আঞ্চলিক সমিতিৰ উদ্যোগত সত্ৰকনৰা ব্ৰক্ষ্মপুত্ৰ ভেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰে। সম্প্ৰতি সমাজত প্ৰচলিত ড্ৰাগছ, মদ, ভাং ইত্যাদি মাদক দ্ৰব্যই তৰুণ প্ৰজন্মক কেনেদৰে গ্ৰাস কৰিছে, তাৰ ভয়াৱহতা সম্পৰ্কে বিশ্লেষণেৰে শিক্ষাৰ্থীসকলক উপস্থিত আমছুৰ বিষয়ববীয়া আৰু শিক্ষক সমাজে সজাগ কৰাৰ প্ৰয়াস কৰে। লগতে প্ৰাণনাশী মাদক দ্ৰব্যৰ নিচাৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক নিজকে মুক্ত কৰি ৰাখিবলৈ উপস্থিত বক্তাসকলে আহ্বান জনোৱাৰ সমান্তৰালকৈ বিভিন্ন গঠনমূলক পৰামৰ্শ আগবঢ়ায়। বৰ্তমান সমাজত  ঘাতকৰূপী নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন আৰু ইয়াৰ প্ৰতিৰোধ সন্দৰ্ভত সভাই আলোকপাত কৰাৰ উপৰি সমাজৰ আন এক ব্যাধি বাল্য বিবাহ ওপৰতো ব্যাপক সজাগতা আনে । উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিনে একাংশই মাদক দ্ৰব্য সেৱন তথা বিক্ৰী কৰি সামাজিক পৰিৱেশ কলুষিত কৰি আহিছে। সেয়ে সমাজত হৈ থকা এনে অসামাজিক কাৰ্যকলাপত এতিয়া উদ্বিগ্ন সচেতন সমাজ তথা সংগঠনসমূহে পৰ্যায়ক্ৰমে নিচাখোৰ তথা মাদক দ্ৰব্য বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো পোষকতা কৰে। সত্ৰকনৰা ব্ৰহ্মপুত্ৰ ভেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলগৃহত অনুষ্ঠিত উক্ত সভাখনত ব্ৰহ্মপুত্ৰ ভেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সকলো বিভাগৰ শিক্ষাগুৰুৰ লগতে বৰপেটা জিলা আমছুৰ সভাপতি আব্দুৰ জুব্বাৰ আলী আহমেদ, মন্দিয়া আৰক্ষী চকীৰ আৰক্ষী উপ-পৰিৰ্দশক দিগবিজয় কলিতা প্ৰমুখ্যে আমছুৰ সত্ৰকনৰা আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। ইফালে, সংখ্যালঘু সংগঠনটোৱে গ্ৰহণ কৰা এনে প্ৰশংসনীয় পদক্ষেপক এতিয়া সকলোৱে শলাগিছে ।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like