বাৰ্তা বুৰো, ২৮ জুনঃ মৰিগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে আজি জাগীৰোড আৰক্ষী থানাত পঞ্জীভুক্ত এক গোচৰৰ ভিত্তিত কুখ্যাত ড্ৰাগছ বেপাৰী আবু চামাদক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰাৰ লগতে ১ লাখ টকাৰ জৰিমনা আৰু জৰিমনা অনাদায়ে অতিৰিক্ত ১ বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। উল্লেখযোগ্য যে যোৱা বছৰ জাগীৰোড আৰক্ষী থানাত পঞ্জীভুক্ত হোৱা গোচৰ নং ১১০/২০২২ আৰু আণ্ডাৰ চেক্সন ২১(চি) এন ডি পি এছ আইনৰ অধীনত মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এই ৰায় প্ৰদান কৰে। উল্লেখ্য যে ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে নিৰন্তৰভাৱে চলাই অহা অভিযানৰ মাজতে মহামান্য আদালতৰ এই কঠোৰ ৰায়দানক সকলো পক্ষই আদৰণি জনাইছে।
প্ৰেৰক প্ৰাঞ্জল দাস