নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰঙিত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ

🔹 মূল ব্যৱসায়ী নাচিক আলী পলাতক
নিয়মীয়া বাৰ্তা,  ৮ ছেপ্টেম্বৰ : অসমৰ চোৰাং ড্ৰাগছৰ মূল অভিকেন্দ্ৰ হৈ পৰা মৰঙিৰ লুৰুকিহাটত আকৌ এটা চোৰাং ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে গোলাঘাটৰ আৰক্ষীয়ে৷ কালি সন্ধিয়া গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে ড্ৰাগছৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযানত নামি পৰে৷ অসামৰিক পোছাকত থকা এটা দলে কালি সন্ধিয়া লুৰুকিহাটৰ এখন দোকানত গ্ৰাহকৰ ৰূপত ড্ৰাগছ পেডলাৰৰ বাবে খাপ পিটি ৰয়৷ তেনে সময়তে আৰক্ষীৰ সন্দেহৰ মাজত থকা আৰিফুৰ ৰহমান দোকানখনৰ আগেদি আহি থকা অৱস্থাত আৰক্ষীৰ জোৱানকেইজনে আগভেটি ধৰে৷ আৰক্ষীয়ে তাৎক্ষণিকভাৱে তালাচী চলাই আৰিফুৰৰ হাতত প্ৰায় পোন্ধৰ গ্ৰাম নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে৷ আৰিফুৰৰ ঘৰো লুৰুকিহাটতে৷ আৰক্ষীয়ে লগে লগে আৰিফুৰক সোধা-পোছা কৰি তাৰ সংযোগ চোৰাং ড্ৰাগছ ব্যৱসায়ী নাচিক আলীৰে পোৱাত নাচিকক বিচাৰি আৰক্ষীয়ে অভিযান চলায়৷ কিন্তু চতুৰ নাচিকে আৰক্ষীৰ উপস্থিতিৰ পূৰ্বেই পলায়ন কৰে৷ সমাজ আৰু দেশৰ বৃহত্তৰ স্বাৰ্থত আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ লগতে গাঁৱৰ ৰাইজকো সকলো ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায় আৰু নাচিক আলীৰ সন্ধান পালেই আৰক্ষীক খবৰ দিবলৈ অনুৰোধ কৰিছে৷ ড্ৰাগছৰ চোৰাং সাম্ৰাজ্যখন সম্পূৰ্ণৰূপে উৎখাত কৰাটো ৰাইজৰ সহযোগিতা অবিহনে কেতিয়াও সম্ভৱ নহয় বুলি মৰঙিৰ সচেতন সমাজেও মত প্ৰকাশ কৰিছে৷ উল্লেখ কৰিব পাৰি যে মৰঙিৰ লুৰুকিহাট নামৰ গাঁওখনৰ পৰাই নিষিদ্ধ ড্ৰাগছ কেৱল মৌজাটোতেই নহয়, সমগ্ৰ অসমতে বিয়পি পৰিছে৷ যোৱা সময়ছোৱাত আৰক্ষীৰ হাতত এক ডজনৰো অধিক চোৰাং ড্ৰাগছ ব্যৱসায়ী আটক হৈছে যদিও ড্ৰাগছৰ সাম্ৰাজ্যখন উৎখাত কৰাত আৰক্ষী সফল হ’ব পৰা নাই৷ ড্ৰাগছ ব্যৱসায়ীয়ে গাঁৱৰ মহিলা আৰু কিশোৰসকলকো অসমৰ বিভিন্ন ঠাইলৈ ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰি আহিছে৷ আৰক্ষীৰ হাতত ধৰা পৰা ড্ৰাগছ ব্যৱসায়ীসকলেও আইনৰ সুৰুঙাৰে মুকলি হৈ আহি কম দিনতে আকৌ ব্যৱসায়ত নামি পৰে৷ ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ পদক্ষেপক মৰঙিৰ ৰাইজে আদৰণি জনোৱাৰ লগতে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আইনৰ কঠোৰ ধাৰা প্ৰয়োগ কৰি আৰক্ষীয়ে অধিক দায়বদ্ধতাৰ পৰিচয় দিব বুলি সকলোৱে আশা কৰিছে ৷
প্ৰেৰক অৰ্ণৱ শইকীয়া
You might also like