নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীত ধৃত ড্ৰাগছ ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ : মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে আজি সন্ধিয়া মৈৰাবাৰী বজাৰৰ মাৰিয়া হোটেলৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাবিৰ আলীৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানকাৰী দলটোৱে নগাঁও জিলাৰ গেৰুৱামুখৰ ৱাহিদুল ইছলাম (৩২) নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক ড্ৰাগছ ভৰ্তি চাৰিটা চাবোনৰ বাকচৰ সৈতে হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাৱৰ পৰা ড্ৰাগছখিনি মৈৰাবাৰীত বিক্ৰী কৰিবলৈ অনা বুলি ধৃত ৱাহিদুলে আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে। আৰক্ষীয়ে ধৃত লোকজনৰ কবলৰ পৰা এটা মটৰ চাইকেলো জব্দ কৰা বুলি জনা গৈছে।উল্লেখ্য যে মৈৰাবাৰীত চাবিৰ আলীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ পিছৰে পৰা একপ্ৰকাৰ নিদ্ৰাহৰন হৈ পৰিছে অসামাজিক কাৰ্যকলাপত জড়িত থকা বিভিন্ন অপৰাধীসকলৰ।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like