নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী 

বিশেষ বাৰ্তা, ৩১ মে’ : এইবাৰ হোজাই জিলা আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল এজন ড্ৰাগছ সৰবৰাহকাৰী। উল্লেখ্য যে এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত কালি নিশা হোজাই জিলা আৰক্ষীয়ে জিলাখনৰ নখুঁটিৰ ৰামছিং গাঁৱত এক অভিযান চলাই ড্ৰাগছভৰ্তি ১০টা চাবোনৰ বাকচসহ গ্ৰেপ্তাৰ কৰিছিল চাহাব উদ্দিন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক। কিন্তু গ্ৰেপ্তাৰ কৰি অনাৰ সময়ত আৰক্ষীক আক্ৰমণ কৰি তেওঁলোকৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় ড্ৰাগছ সৰবৰাহকাৰীজন। ড্ৰাগছ সৰবৰাহকাৰী চাহাব উদ্দিন (৩৭)ৰ সোঁভৰিৰ আঁঠুৰ তলত গুলীৰ আঘাত লাগে। নিশাই গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীজনক নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

 

প্ৰেৰক কনক হাজৰিকা

You might also like