আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহতঃ মৰিয়নিত পুনৰ ড্ৰাগছ সৰবৰাহকাৰী আটক
বিশেষ বাৰ্তা, ২০ মেঃ মৰিয়নি আৰু ইয়াৰ আশে পাশে ব্যাপক হাৰত ড্ৰাগছ জাতীয় নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ অব্যাহত আছে । মৰিয়নিৰ আৰক্ষীয়ে শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । কিছুদিন পূৰ্বে পুখুৰীয়া অঞ্চলৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক মৰিয়নিৰ আৰক্ষীয়ে কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । কালি ৰাতি পুনৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে । মৰিয়নিৰ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, এক গোপন সূত্ৰৰ পম খেদি মৰিয়নিৰ আৰক্ষীয়ে মৰিয়নিৰ সমীপৰ কাটনিপাৰ লুজনীয়া গাঁৱৰ পৰা ভাস্কৰজ্যোতি বৰা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো মৰিয়নিৰ ৰে’লৱে আমেৰিকান ক’লোনীৰ ঋতুৰাজ বৰাৰ পুত্ৰ ভাস্কৰজ্যোতি বৰা ( ২৭ বছৰ ) বুলি আৰক্ষীয়ে জানিবলৈ দিছে । সৰবৰাহকাৰীটোৱে উক্ত অঞ্চলত ড্ৰাগছ যোগান ধৰিবৰ বাবে যোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । কিন্তু আৰক্ষীয়ে গোপন সূত্ৰৰ যোগে জানিব পাৰি সৰবৰাহকাৰীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । সৰবৰাহকাৰীটোৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰৰ তিনিটা পেকেটৰ লগতে আন একাধিক সামগ্ৰী জব্দ কৰে । জব্দ কৰা ব্ৰাউন চুগাৰৰ পৰিমাণ প্ৰায় ৩৬ গ্ৰাম আৰু তাৰ বজাৰ মূল্য প্ৰায় ১ লাখ ২০ হাজাৰ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । ইতিমধ্যে মৰিয়নিৰ আৰক্ষীয়ে ৯১/২২ নম্বৰত এক গোচৰত আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ২১ ( বি ) / ২৯ এন ডি পি এছ এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । এই ঘটনাই প্ৰমাণ কৰিছে যে মৰিয়নিত বৰ্তমানেও ব্যাপক হাৰত ড্ৰাগছৰ সৰবৰাহ চলি আছে । উল্লেখযোগ্য যে, মৰিয়নিত গোপনে ড্ৰাগছৰ সৰবৰাহ হৈ থকাৰ বিষয়ে আৰক্ষীয়েও স্বীকাৰ কৰিছে আৰু আৰক্ষীয়েও এনে ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই যাব বুলিও আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া