নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰীত অপৰিৱৰ্তিত বান পৰিস্থিতিঃ আজিও পানীৰ তলত কেইবাখনো বিদ্যালয়

নিয়মীয়াবাৰ্তা, ২০মে: বিগত প্ৰায় এপষেক ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন জিলাৰ লগতে বৰপেটা আৰু বজালী জিলাতো সৃষ্টি হৈছে আহুকলীয়া বান পৰিস্থিতিৰ।সৰ্থেবাৰী ৰাজহ চক্ৰৰ বহুকেইখন গাঁও বান পানীৰ ফলত প্লাবিত হোৱাৰ লগতে সৰুক্ষেত্ৰী সমষ্টিৰ বহু কেইখন গাৱঁৰ খেতি পথাৰ পানীৰ তলত বুৰ গৈ আছে।বজালী জিলাৰ দক্ষিণ প্ৰান্ততো সৃষ্টি হৈছে আহুকলীয়া বান পৰিস্থিতিৰ।বৰ্তমানো অপৰিবৰ্তিত হৈ আছে এইসমূহ অঞ্চলৰ বান পৰিস্থিতি। কালদিয়া আৰু টিহু নদীৰ মথাউৰি ছিঙি কাৱৈমাৰী ৰিজাৰ্ভৰ লগতে নেউলাৰভিঠা, মৰিপুৰ, ৰামপুৰ, কাছকুৰি, পাৰাহকুছি, কাচকুৰি পথাৰ, বতিয়া, কালাতলি আদি বিস্তীৰ্ণ অঞ্চল বানত প্লাবিত হৈ পৰিছে।সমগ্ৰ অঞ্চল হৈ পৰিছে জলমগ্ন।বাট পথৰ লগতে বাসগৃহ পানীত বুৰ গৈছে।বানাক্ৰান্ত লোকৰ মাজত এতিয়া এক আতংকময় আৰু বিভীষিকাময় পৰিবেশৰ সৃষ্টি হৈছে।বতিয়াত ৰাজপথত তিৰপাল টানি ৰাখিছে পোহনীয়া গৰু।বতিয়াতমানুহৰ ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী উঠিছে।অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী তথা বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ এক নিৰ্দেশনা মৰ্মে আজি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় মুখপত্ৰ ধৰ্মেশ্বৰ ৰয়ে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰ,ভবানীপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভবানী পেগু,বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰিবিলাস দাসক লগত লৈ সৰুক্ষেত্ৰী সমষ্টি আৰু বজালী জিলাৰ দক্ষিণ প্ৰান্তৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজক অতি সোনকালেই বান সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে। অগপৰ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়ৰ লগতে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰে টুলুঙা নাৱত উঠি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তৰ বুজ লয়।বানপানীৰ ফলত এই সমূহ অঞ্চলৰ দৰিদ্ৰ কৃষকৰ বিঘাই বিঘাই ইৰি খেতি বিনষ্ট হোৱাৰ লগতে মীনপালক সকলৰো সপোন ধূলিস্যাৎ কৰিছে আহুকলীয়া বানপানীয়ে।সৰুক্ষেত্ৰীৰ বহু কৃষকৰ অবস্থা তথৈবছ হৈ পৰিছে।ইৰি ধান চপাবৰ সময়তে অহা আহুকলীয়া বানে ধাননী পথাৰ বুৰাই পেলাই সমগ্ৰ অঞ্চলটোৰ ধান খেতি বিনষ্ট কৰি পেলাইছে।গাঠিৰ ধন ভাঙি কঠোৰ পৰিশ্ৰম কৰি কৰা খেতি দৰা ছপাবৰ সময়তে অহা আহুকলীয়া বানে তচনচ কৰিলে কৃষকৰ সপোন।বিশেষকৈ কাৱৈমাৰি অঞ্চলটোৰ লগতে নেউলাৰভিঠা, বামুন্দী, হাৰাভাঙা, বোগচাৰা, বেছীমাৰী, গহীয়া, বেলবাৰী, জাব্ৰিকুছি, পাকাদলনি, ভক্তৰডবা, নলীগাওঁ, এৰাট্টাৰী, পিঠাদি আদি অঞ্চলত ইৰি খেতি এতিয়াও পানীৰ তলতে আছে।আনহাতে এতিয়াও অঞ্চলটোৰ বহু কেইখন বিদ্যালয় পানীৰ তলতে আছে।দক্ষিণ পাকা হাইস্কুল,দক্ষিণ পাকা এম ই স্কুল, লাচিত হাইস্কুল,বতিয়া এল পি স্কুল,এৰাট্টাৰী এল পি স্কুল আদি এতিয়াও পানীৰ তলত বুৰ গৈ আছে।২৩ তাৰিখে পৰা বৰপেটা জিলাত হব গুণোৎসৱ।কিন্ত কোনো কাৰণত বানৰ কবলত পৰা সৰুক্ষেত্ৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত উপস্থিত হব নোৱাৰিব বুলি আজি এগৰাকী প্ৰধান শিক্ষকে ব্যক্ত কৰে।ইপিনে সৰুক্ষেত্ৰীৰ গঞা ৰাইজৰ এই বিপদৰ সময়ত সাম্প্ৰদায়িক ৰাজনীতিত মছগুল হৈ থকা স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাইজৰ কোনো খা খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।কৃষি ৰাইজৰ এনে দুৰ্যোগৰ সময়ত ৰহস্যজনক ভাবে মৌন হৈ আছে বহুবল্কী বিধায়ক জাকিৰ হুছেইন শিকদাৰ।

প্ৰেৰক নকুল তালুকদাৰ

You might also like