নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা,  ২০ অক্টোবৰ : ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ যোৱানিশা ৰূপহীহাট থানাৰ বিষয়া সঞ্জীত কুমাৰ ৰয়ে এক গোপন সূত্ৰৰ পম খেদি গুণাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে চলায় এক অভিয়ান ৷ আৰক্ষীৰ অভিযানত ২০টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰসহ আটক কৰে এটা সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰীটোৰ নাম ৰুহুল আমিন ৷ ধৃত সৰবৰাহকাৰীটোক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like