বৈঠালাংছʼত ড্ৰাগছ মাফিয়াৰ গুণ্ডাগিৰি, এজাহাৰ দাখিল
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼত নিতৌ বৃদ্ধি পাইছে ড্ৰাগছ সেৱনকাৰী যুৱকৰ গুণ্ডাগিৰি। জিলাখনলৈ অবৈধভাৱে সৰবৰাহ হৈ থকা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে বৈঠালাংছʼৰ একাংশ নৱ প্ৰজন্ম। ড্ৰাগছ মাফিয়াৰ বিৰূদ্ধে আৰক্ষী প্ৰশাসন সষ্টম হৈ থকাৰ সময়তে ড্ৰাগছ সেৱন নকৰাৰ বাবেই এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ ড্ৰাগছ ব্যৱসায়ীৰ। উল্লেখযোগ্য যে বৈঠালাংছʼ বজাৰৰ আকাশ বৰ্মণ (তুলু) নামৰ যুৱকজন দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে উক্ত যুৱকজনে সোমবাৰে মাইচাম গাঁৱৰ ধৰ্মেন্দ্ৰ নামৰ যুৱক এজনক বৈঠালাংছʼ দৈনিক বজাৰত বলপূৰ্বক ড্ৰাগছ কন্টেইনাৰ যাঁচি ড্ৰাগছ সেৱন কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু যুৱকজনে ড্ৰাগছ সেৱন কৰিবলৈ অমান্তি হোৱাৰ বাবেই তেওঁ ক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে। এই সন্দৰ্ভত ভূক্তভোগী ধৰ্মেন্দ্ৰ নাথে বৈঠালাংছʼ আৰক্ষী থানাত ড্ৰাগছ মাফিয়াজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাই। এই অভিযানৰ সময়ত আকাশ বৰ্মণক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উক্ত ঘটনাৰ পিছত বৈঠালাংছʼ আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে ড্ৰাগছ ব্যৱসায়ী তথা ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
প্ৰেৰক হেমন্ত কুমাৰ নাথ