নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ খলিহামাৰীত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : নগাঁৱৰ চামগুৰি থানাৰ অধীনৰ শিৱস্থান আৰক্ষী চকীৰ অন্তৰ্গত ১নং খলিহামাৰীত যোৱানিশা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাৰ নেতৃত্বত এটা আৰক্ষী দলে যোৱা নিশা শিৱস্থান আৰক্ষী চকীৰ অন্তৰ্গত ১নং খলিহামাৰীত এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে মহিদুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ীজনে ভনীয়েকৰ ঘৰত লুকুৱাই থোৱা অৱস্থাত ১০৯টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ এখন নতুন বাইক জব্দ কৰে৷ আনহাতে আৰক্ষীৰ দলটোৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ উমান পায় মহিদুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ী জন আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলাই যায় বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ যোৱানিশা আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ ভৰ্তি ১০৯ টা কন্টেনাৰত ১১.৪৬ গ্ৰাম ড্ৰাগছ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ লগতে জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য লক্ষাধিক টকা হব বুলি আৰক্ষীৰ এক সুত্ৰই জানিব দিয়াৰ লগতে ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক  প্ৰমোদ শৰ্মা

You might also like