নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘমাৰাচৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী, জেললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতিচৰ থানাৰ অন্তৰ্গত বাঘমাৰাচৰত যোৱানিশা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সহ এগৰাকী সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি বাঘমাৰাচৰ ছাত্ৰ সংগঠনৰ একাংশ বিষয়ববীয়াৰ সহয়োগত আলোপতিচৰ আৰক্ষীয়ে ২নং বাঘমাৰাচৰ গাওঁৰ বাসিন্দা মন্তাজ আলীৰ পুত্ৰ নজমুল হকক তেওঁৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১২.৪১ গ্ৰাম ড্ৰাগছৰ লগতে কেবাটাও খালি কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই গৰাকী ড্ৰাগছ সৰবৰাহকাৰী নজমূল হক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰি ৰঙা ঘৰৰ আলহী হৈছিল।ধৃত সৰবৰাহকাৰীটোক আজি ৰাতিপুৱাৰ ভাগতআলোপতিচৰ আৰক্ষীয়ে বৰপেটা জেললৈ প্ৰেৰণ কৰিছে। আলোপতিচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱাশিষ কাশ্যপৰ এনে সফলতাক বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে আগন্তুক দিনতো এনে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হবলৈ দাবী জনাইছে।
প্ৰেৰক ৰবিউল হুছেইন
You might also like