নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ : কাছাৰৰ লক্ষীপুৰত নিষিদ্ধ সামগ্রীবিৰোধী অভিযান অব্যাহত। বার্মিজ চুপাৰিৰ পিছত এইবাৰ ২৮ আছাম ৰাইফলছ আৰু কাছাৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হৈছে কেইবা লাখ টকাৰ ড্ৰাগছ। লক্ষীপুৰৰ জয়পুৰ আৰক্ষী থানাৰ অন্তর্গত হৰিনগৰৰ পৰা এম এল ০৪ বি – ৬২৫৮ নম্বৰৰ অল্টো বাহনত সৰবৰাহ হৈছিল ড্ৰাগছখিনি। আৰু গোপন খবৰৰ ভিত্তিত লক্ষীপুৰ থানাৰ অন্তর্গত পয়লাপুল ৰেল ক্রচিঙৰ ওচৰত যুটীয়া অভিযান চলাই বাহনৰ পৰা দুটাকৈ চাবনোৰ কেইচ বন্দী ড্ৰাগছখিনি জব্দ কৰে আছাম ৰাইফলছ আৰু আৰক্ষীয়ে। লগতে আটক কৰে চাৰিজনকৈ সৰবৰাহকাৰীক। তেওঁলোক হৈছে কাছাৰ কাটিগড়াৰ আব্দুল মন্নান (৩১), গুমড়াৰ আব্দুল মুনিম (৪৯), কালাইনৰ তাজিম উদ্দিন (২৫) আৰু ইমৰান হুচেইন (২৩)। বর্তমানে তেওঁলোকক লক্ষীপুৰ আৰক্ষী থানাত ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে লক্ষীপুৰ আৰক্ষীয়ে।
প্ৰেৰক গৌতম তালুকদাৰ